সমললৈ যাওক

পৃষ্ঠা:একুৰি এটা গল্প.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২০॥ একুৰি এটা গল্প

 — মহাভাৰত অশুদ্ধ নহয়। কিন্তু মনটো, মোৰ মনটো অশুদ্ধ হয়। ভাত আহি খাম। বাঢ়ি থ’বা। শালৈৰ গভীৰ মমতাভৰা গম্ভীৰ মাতত দীক্ষাৰ মুখ জাপ খাই যায়। প্ৰদীপ শালৈয়ে পৰিবাৰৰ খিংখিঙীয়া মাতৰো কাহানিও প্ৰতিবাদ নকৰে। অৱশ্যে তেওঁৰ মনটোৱে তেওঁৰ কৰ্মপন্থা চিনি নোপোৱা বাবে বেজাৰ পায়। কোনোদিনে শালৈয়ে এই দুখো ব্যক্ত কৰা নাই। নকৰে।
 দুটা ল'ৰা-ছোৱালীৰে ভৰা তেওঁৰ সংসাৰখনত বহুতো বৈষয়িক অভাৱে দীক্ষাৰ লগতে ল'ৰা-ছোৱালী দুটিৰো মনত আত্মসন্তুষ্টিৰ অভাৱ ঘটাইছে। এই অভাৱবোধ অলপ বেছিকৈ পৰিস্ফুট হোৱা যেন দেখিলে শালৈয়ে গহীন মাতেৰে কয়— যাৰ যিখিনি আছে, সেইখিনিৰে সন্তুষ্ট হ’ব লাগে। লাগেতো বহুত। পিছে। আমাৰ সীমিত উপাৰ্জনেৰে যিখিনি পূৰাব পাৰো, সেইখিনিহে পাৰিম। আঁঠুৱা চাই ঠেং নেমেলিলে দেখোন মহে-ডাঁহে খাই গুৰুলা-গুৰুল কৰিব’– পিছৰ কথাখিনি কওঁতে তেওঁৰ ওঁঠৰ কোণত এটা সৰু হাঁহি ফুটি উঠে। দীক্ষাই বেয়া পায়। কেৰল নিয়ম, আদৰ্শ— এইবোৰেৰে জানো আজিৰ দিনত চলিব পাৰি? শালৈয়ে অন্ততঃ ‘টিউশ্যন’ কৰক। দুটামান পইচা উপৰুৱাকৈ পাব। নাই, তাতো তেওঁৰ আপত্তি। চৰকাৰে যিখিনি দৰমহা দিছে পৰাহ'লে হেনো সেইখিনিও তেওঁ নল’লেহেঁতেন। পেটৰ ভোক নিবাৰণৰ অন্য উপায় নাই বাবেই....। তেনেস্থলত 'টিউশ্যন’কৰি বিদ্যা বিক্ৰী? নহয়। প্ৰদীপ শালৈ সেই ধাতুৰে গঢ়া নহয়। ‘টিউশ্যন’ অৱশ্যে তেওঁ কৰে— বাটে-ঘাটে, দোকানে-বজাৰে ফুৰিবলৈ গ'লে কাৰোবাৰ ঘৰত, কিন্তু সেইবোৰ আজিৰ দিনৰ 'ৰুটিনমাফিক টিউশ্যন' নহয়।
 সকলোৰে মনত বৰ্তমান এটাই প্ৰশ্ন — প্ৰদীপ শালৈয়ে এনে কাম কৰিলে। কিয়? স্কুলৰ কমন ৰূমতো আলোচিত হৈছে এটাই প্ৰশ্ন। হেডমাষ্টৰৰ পৰা চকীদাৰলৈ সকলোৱে সমীহ কৰে এই সৎ আদৰ্শৱান মানুহজনক। নতুন চামৰ কেইজনমানে পেটে পেটে বেয়া পালেও সন্মুখত ছাৰ, দাদা ইত্যাদি সম্বোধনেৰে মোলায়েম হৈ বাট এৰি দিয়ে। কোনেও একো উৱাদিহ পোৱা নাই। স্কুললৈ প্ৰত্যেকদিনাই নিৰ্দিষ্ট সময়ত আহি উপস্থিত হোৱা প্ৰদীপ শালৈৰ সময়ানুবৰ্তিতা শলাগি যেতিয়া স্কুলৰ হেডমাষ্টৰে নিৰ্ধাৰিত সময়তকৈ দেৰিকৈ অহাৰ বাবে ভৎৰ্সনা কৰে, তেতিয়া তেওঁলোকে শালৈক বেয়া পায় — ‘বুঢ়াটোৰ অইন কাম নাথাকে নেকি? কি দৰকাৰত ৰ’দে-বৰষুণে আহি দহ বজাতে স্কুল সোমাব লাগে?' অন্য এজনে কয়— ‘বঁটা বুজিছে!' কিছুমানে টকা ঘটাৰ কৌশল নাজানিলে অইন উপায়েৰে ধন-যশ বঢ়াবৰ মন কৰে। সেয়ে বঁটা পাবৰ বাবেই আজীৱন এই