পৃষ্ঠা:একুৰি এটা গল্প.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ২১
 

নাকনি-কাননি। দেখা নাই, যোৱা বছৰ কৃতী শিক্ষকৰ বঁটা পাওঁতে তেওঁৰ উজলা দাঁতকেইটা কেনেদৰে ডাং খাইছিল’– সন্মুখত কোনেও একো নকয়। এইবোৰ পাছত কোৱা কথা। পৰনিন্দা। যোৱা বছৰ শিক্ষক দিৱসৰ দিনা অঞ্চলটোৰ ৰাইজৰ প্ৰবল দাবীত তেওঁক চৰকাৰে কৃতী শিক্ষকৰ বঁটা দিছিল। সেইবাৰ ৰাইজৰ অকুণ্ঠ ভালপোৱাত শালৈ ক্ষুগ্ন হৈছিল। বঁটা গ্ৰহণৰ দিনা সন্ধিয়া বজাৰলৈ যাওঁতে বজাৰৰ এচুকত লগ পোৱা স্থানীয় মুখিয়াল ধৰণৰ লোককেইজনৰ আগত আক্ষেপ কৰি তেওঁ কৈছিল— “মোক আপোনালোকে হিংসাহে কৰিছে। বটা এটা যে মোক দিয়ালে কিয়? ভাল শিক্ষক বাবে? এই বঁটা আৰু ভাল শিক্ষকৰ প্ৰমাণ-পত্ৰ পোৱাৰ পাছত মোৰ আৰু ভাল হৈ থকাৰ কি সকাম? কাৰণ, দুষ্কাৰ্য কৰিলেও মোকতো আপোনালোকে শ্ৰেষ্ঠত্বৰ স্বীকৃতি দিলেই। নহয় জানো? মোৰ বোধেৰে কৃতী শিক্ষকৰ বঁটাৰে এজন শিক্ষক আনুষ্ঠানিকভাৱে অপমান কৰাহে হয়। শিক্ষকতা এনে এক নিঃস্বাৰ্থ সেৱা, যাক কোনো বঁটাৰে জুখিব নোৱাৰি। মই স্কুলত শিক্ষকতা নকৰি আনুষ্ঠানিকভাৱে শিক্ষকতা কৰা হ'লে জানো এই বঁটা মোৰ প্ৰাপ্য হ’লহেঁতেন! মই মোৰ অৱসৰ গ্ৰহণ পাছতো এজন শিক্ষক হৈ থাকিম আৰু শিক্ষাদান কৰি যাম। মৰাৰ সময়লৈ। তেনেস্থলত জীৱনৰ এই আধাডোখৰতে। মোক শ্ৰেষ্ঠত্বৰ বটা দি মোৰ জীৱনৰ বাকী কালছোৱালৈ সন্দেহৰ অৱকাশ ৰখা নাইনে?

 এনে লেথাৰিয়ে কথাখিনি কৈ এক মিনিটমান সময় তেওঁলোকৰ মুখলৈ চাই থাকি শালৈ ফো-ফেঁৱাই আঁতৰি গৈছিল। মানুহকেইজনে গভীৰ প্ৰত্যয়েৰে শালৈৰ কথা শুনি থাকি তেওঁৰ মৰ্মস্থলৰ অনুভৱক উপলব্ধি কৰি মৌন হৈ গৈছিল। সেই মানুহজনে হঠাতে কালি এইটো কি সিদ্ধান্ত ল’লে?— চাগৈ পৰীক্ষা হলত কিবা হ'ল! কমনৰূমৰ আলোচনাত নৱনিযুক্ত এজনে ক'লে। অন্য এজনে মাত দিলে—নাই হোৱা। কিবা হোৱা হ'লে আমি জানিলোহেঁতেন। যোৱা কেইবছৰৰ হাংগামা কোনে নাজানে? এইবাৰতো তেওঁ ‘ডিউটী’ দিয়া ৰূমত আমি চবেই চকু ৰাখিছিলো আৰু অপেক্ষাও কৰিছিলো, কিবা হুলস্থূল হোৱালৈ। নহ’লতো। একেবাৰে চুপ চাপ্ পৰীক্ষা শেষ হৈছিল।

 বৰ্তমান হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি আছে। প্ৰদীপ শালৈয়ে কালি ‘ডিউটী’ দি আহিছে। সৎ আৰু নৈষ্ঠিক শালৈয়ে যোৱা দুটা বছৰৰ আগৰ চাৰিটামান পৰীক্ষাত য’তে ‘ডিউটী’ দিছে তাতেই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কাৰণ, পৰীক্ষাগৃহত ছাত্ৰৰ অসৎ উদ্দেশ্য সফল হ’বলৈ নিদিয়াৰ ক্ষোভ। পৰীক্ষাগৃহত