পৃষ্ঠা:একুৰি এটা গল্প.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪ • একুৰি এটা গল্প
 

কামকে অৱহেলা কৰা নাই আৰু দুৰ্নীতিকো ছল দিয়া নাই। ছাত্ৰক অবাটে যোৱাৰ পৰা ওভোতাই অনাটো শিক্ষকৰ কৰ্তব্য। পৰীক্ষা হলত নকল কৰাটো অপৰাধ। কালি পৰীক্ষাগৃহৰ ৩ ঘণ্টা সময় মই মোৰ শিক্ষক সত্তা আৰু অন্তৰাত্মাক হত্যা কৰি জীয়াই থাকিলো। আৰম্ভণিৰে পৰা শেষলৈ অসৎ কাৰ্য সংঘটিত হৈ থাকিল। সহকৰ্মীজন সম্পূৰ্ণ উদাসীন। মোৰ ওপৰত পৰীক্ষা কমিটীৰ কঠোৰ বাক্য ‘অলপ চকু মুদি থাকিব’, মোৰ অনুভৱৰ ওপৰত দীক্ষাৰ অনাস্থা— এই সকলোবোৰে মোক কালি হত্যা কৰিলে। যিজন মৰি যায়, সেইজন পুনৰ কেনেকৈ জীব পাৰে? সেয়ে ইস্তফা-পত্ৰত মই বিশেষ দ্ৰষ্টব্য দিছিলো। মই যদি উঠি অহা ডেকাজাকক কু-পথে যোৱাৰ পৰা বিৰত কৰিব নোৱাৰো, তেন্তে কিতাপৰ পাতৰ জটিল প্ৰশ্নৰ সৰল উত্তৰ ব্যাখ্যা কৰাত কি কৃতিত্ব? ধীৰে ধীৰে কথাখিনি কৈ শালৈ মৌন হৈ পৰিল। কোঠাৰ ভিতৰৰ বতাহখিনিও যেন স্তব্ধ হৈ গৈছিল। শালৈক প্ৰণাম কৰি হেড্‌মাষ্টৰ উঠি আহিল।