একুৰি এটা গল্প/সাপ

ৱিকিউৎসৰ পৰা
[ ১৩ ]

সাপ

 উশাহ-নিশাহবোৰ যেন তাইৰ বন্ধ হৈ যাব। বুকু ভৰাই বতাহ ল’বলৈ নাক-মুখ উন্মুক্ত কৰিও যেন তাই অকণ বতাহ পোৱা নাই! কিহবাই তাইক চেপিবলৈ ধৰিছে, অদৃশ্য হাতোৰাকেইখনমানে তাইক চেপি-খুন্দি তাইৰ ভিতৰৰ অকণমান জীৱটো বাহিৰ কৰিব বিচাৰিছে। তাইৰ চাৰিওফালে ৰঙা-নীলা-হালধীয়া বৃত্ত কিছুমান চক্ৰাকাৰে ঘূৰিব লাগিছে, ইমান জোৰে ঘূৰিছে। যে সেই ঘূৰ্ণীজাকৰ মাজত তাই বহু তললৈ, মনিব নোৱৰা তললৈ সোমাই গৈ আছে। আঃ— তাই সাৰ পাই গ'ল! মুখমণ্ডলত ঘামৰ টোপাল। কপাল আৰু কুমৰ চুলিখিনি ঘামতে ভিজি তেপ্‌তেপীয়া হৈ পৰিছে। আন্ধাৰত তাইৰ ভীষণ ভয় লাগিল। হাত মেলি বেড ছুইচটো টিপি কোঠাৰ লাইটটো জ্বলাই দি তাই অনুভৱ কৰিলে, তাইৰ ডিঙিটো শুকাই কৰ্‌কৰীয়া মাৰিছে। বিছনাৰ পৰা নামিব খুজিও তাই শিয়ৰি উঠিল। সপোনটোৱে সঁচা ৰূপ লৈ বাস্তৱতো তাইক খেদিবহি নেকি? আহিব নেকি কোনোবাই তাইক নৃশংসভাৱে চেপি-খুন্দি হত্যা কৰিবলৈ! বিছনাৰ পৰা নামিবলৈ ভৰি দুখন তললৈ নমাব খুজিও তাই ৰৈ গ’ল। ওপৰৰ পৰা তললৈ জুমি চালে— ফণা মেলি ৰৈ আছে যদি ক্ৰুদ্ধ নয়নেৰে কোনোবা ঘাতক? মুখৰ ভিতৰতে ৰাম নাম লৈ তাই শিশিৰাই থকা দেহেৰে বিছনাৰ পৰা নামি কাষৰ কোঠাতে থকা ফ্ৰিজটোৰ ওচৰলৈ গ'ল। দুৱাৰ খুলি ঠাণ্ডাপানীৰ এটা বটল উলিয়াই ঢক্‌ঢক্‌কৈ বহুখিনি খাই অলপ চকু আৰু মূৰত সানি ললে। আঃ, কি ভয়ংকৰ সপোন! যোৱা কেইদিনমান ধৰি এনেধৰণৰ বাৰেবিংকৰা ভয়লগা সপোন দেখি ৰাতি তাই ভালকৈ শুবই পৰা নাই। তাতে আজি তাইৰ গিৰিয়েক ঘৰৰ বাহিৰত। চৰকাৰী কামত তেওঁ ‘হেড অফিচ’ থকা চহৰলৈ গৈছে। কিন্তু যোৱা কেইদিনমানৰ পৰাহে তাই এই ভয়লগা সপোনবোৰ দেখি আছে? সিদিনাৰ ঘটনাটোৰ পৰিণতি নেকি? তাই মনতে জুকিয়াই চালে! সেই ঘটনাটোৰ লগত তাই সক্ৰিয়ভাবে জড়িত নহৈও যেন তায়েই প্ৰধান জগৰীয়া! তাইৰ বাবেই যেন নিৰীহ প্ৰাণীটোক আসুৰিকতাৰে বধ কৰা হ’ল। সিদিনা মৃতদেহটোৰ ওচৰত ৰৈ যেতিয়া বিভিন্নজনে বিভিন্ন মন্তব্য দিছিল, তেতিয়া মৃতদেহটোৰ আধামুদা চকুহালে তাইলৈ চাই যেন কৈছিল—‘মই তোমালোকৰ ওপৰত কোনো প্ৰতিশোধ নলওঁ। কিন্তু তোমালোকে মোক বৰ অন্যায়ভাৱে [ ১৪ ] হত্যা কৰিলা। অভিমন্যুক চক্ৰবেহুত সুমুৱাই মাৰোঁতেও তেওঁৰ হাতত অস্ত্ৰ আছিল। কিন্তু মোক একেবাৰে নিৰস্ত্ৰ, বিলুধিয় অৱস্থাত বধ কৰি তোমালোকে তোমালোকৰ আসুৰিকতা পুনৰাই প্ৰতিষ্ঠা কৰিলা। ভগৱানৰ বিচাৰকক্ষত এদিন নহয় এদিন তোমালোকে শিৰ নত কৰি থিয় হ'বই লাগিব। সিদিনা তাৰ আধামুদা চকু আৰু নিথৰ দেহটোলৈ চাই তাই কান্দো কান্দো কৰিও কান্দিব নোৱাৰি উভতি ঘৰলৈ খোজ দিছিল। বেচিনৰ সন্মুখত থিয় দি তাই পানীৰ টেপটো খুলি জোৰে জোৰে পানী কেই চলুমান মুখলৈ মাৰি দি খিৰিকীখনলৈ চাইছিল, য'ত আছিল সি নিৰাপদ আশ্ৰয়ৰ আশাত ঘূৰাঘূৰি কৰি।
 জীৱন বীমা নিগমৰ দক্ষ কৰ্মচাৰী সীমা দাস। থাকে গিৰিয়েকে চাকৰি সূত্ৰে পোৱা চৰকাৰী আৱাসগৃহত। তিনিমহলীয়া বিল্ডিংটোৰ মধ্যস্থান, অৰ্থাৎ প্ৰথম মহলাত সিহঁতৰ ঘৰ। পাহাৰীয়া ঠাই বাবেই হ’বলা ঠাইখনত গছ-গছনিৰ উপৰি বিভিন্ন কাঁইটীয়া জোপোহাৰ পয়োভৰ। বিভিন্ন চৰাই-চিৰিকতিৰ মাতে অনবৰতে ঠাইডোখৰ মুখৰ কৰি ৰাখে। সিহঁতৰ বিয়া হোৱাৰ বেছি দিন হোৱা নাই। মাত্ৰ এটা বছৰ হৈছে। ডাঙৰ ঘৰটো সেয়ে তাইৰ সময়ে সময়ে বৰ নিজান লাগে। বিল্ডিংটো বহু পুৰণা হোৱাৰ বাবেই হ’বলা ‘গ্ৰাউণ্ড ফ্লোৰ'ৰ বাথৰূমৰ ভেন্টিলেটৰৰ ছেদ এখনত এজোপা অমিতা গছ গজি বাঢ়ি আহিছে। দুয়ো মহলাৰ মানুহ লগ হৈ ছুইপাৰ এজন মতাই গছজোপা কটাম কটাম কৰি থাকোতেই অমিতাজোপা বহুখিনি বাঢ়ি গ'ল। যিমানেই ডাঙৰ হ’ব সিমানেই গছজোপাৰ দ্বাৰা ঘৰটোৰ অনিষ্ট হ'ব বুলি জানিও এজনকো বিষয়টো সম্পৰ্কে তৎপৰ হোৱা দেখা নগ'ল। অমিতাজোপাৰ আগটো সীমাহঁতৰ বাথৰূমৰ খিৰিকীৰ আগ পালেহি। সিহঁতৰ বাথৰূমত সোমালে অমিতাজোপাৰ কুমলীয়া আগটো স্পষ্টকৈ দেখা যায়। গছজোপাৰ বাবে বাথৰূমটো প্ৰায় অন্ধকাৰ হোৱাৰ দৰে হোৱাত এদিন সীমাই বিশেষভাৱে গিৰিয়েকক গছজোপা কাটি পেলাবলৈ অনুৰোধ কৰিছিল।
 তাৰ এদিনৰ পাছতেই অফিচৰ পৰা ঘূৰি আহি গৰমত গাটো ধুই লওঁ বুলি তাই বাথৰূমত সোমাল। পানীৰ শ্বাৱাৰটো খুলি দি তাই দেহটো শীতল কৰিবলৈ লওঁতেই অমিতাজোপাত চকু পৰিল। লগে লগে তাইৰ গাটো জিকাৰ খাই গ'ল। অমিতাজোপাৰ কুমলীয়া পাতবোৰত পকাই-জকাই এডাল সাপ। বিভিন্ন ৰঙৰ সাপডালে পকাই-জকাই ৰৈ ৰৈ তাইলৈ চাই যেন তাইৰ তিতা শৰীৰৰ সৌন্দৰ্য পান কৰি আছে। টান মাৰি টাৱেলখন লৈ তাই খজকে শ্বাৱাৰটো বন্ধ কৰি বাথৰূমৰ পৰা বাহিৰ ওলাল। টাৱেলখন গাত মেৰিয়াই তাই শোৱাকোঠাৰ [ ১৫ ] খিৰিকীৰ পৰ্দাৰ ফাকেৰে মুখখন উলিয়াই চিঞৰিলে— 'সাপ, সাপ। '
 সীমাৰ গিৰিয়েক সেই সময়ত অফিচৰ পৰা আহি কোৱাৰ্টাৰৰ তলতে কাৰোবাৰ লগত কথা পাতি আছিল। সীমাৰ চিঞৰ শুনি তেওঁ প্ৰায় দৌৰি অহাদি আহি ঘৰৰ ভিতৰ সোমাই মাতিলে— সীমা। ইতিমধ্যে সীমাই নাইটি এটাৰে নিজৰ দেহ আবৃত কৰিছিল। সীমাৰ “সাপ, সাপ’ চিঞৰটোৰে জহকালি আবেলিৰ জুৰ বতাহ লৈ থকা আৱাসিক চৌহদটোৰ আন কেইবাজনো পুৰুষক আকৃষ্ট কৰিছিল। সীমাৰ গিৰিয়েকৰ পাছে পাছে সেয়ে তেওঁলোকৰ কেইজনমানো ঘৰৰ ভিতৰ সোমাই আহিছিল। সীমাৰ নিৰ্দেশত আটাইবোৰে সেইফালে চালে। হয়, বাথৰূমৰ খিৰিকীখনতে লাগি থকা অমিতাজোপাৰ আগটোত এডাল সাপ। দীঘল হালধীয়া আঁচ থকা ঈষৎ সেউজীয়া-মটীয়া ৰঙৰ সাপল অকাই-পকাই থকা দেখি মানুহকেইজনৰ এজনে প্ৰাণীবিজ্ঞানৰ মহত্ত্বম জ্ঞানসমৃদ্ধ মন্তব্য দিলে— ‘সেইটো এটা বিষাক্ত সাপ। ' লগে লগে বাকীখিনিৰ ততাতৈয়া লাগি গ'ল— সাপডাল মাৰিব লাগিব। ভাগ্য ভাল সি যে ঘৰত সোমোৱা নাই। মানুহকেইজনৰ মাজৰ সাহসী এজনে আগবাঢ়ি গৈ সাৱধানে খিৰিকীখন জপাই দিব পৰাত সকলোৱে সামান্য আশ্বস্ত হ'ল। ৰক্ষা, ভিতৰত সি আৰু সোমাব নোৱাৰে। কিন্তু এইটো এনেকৈয়ে থাকিবনে?
 — নাই নাই, ই সাংঘাতিক বিষাক্ত। দেখা নাই তাৰ মূৰটো? মাৰিব লাগিব। তাক এক্কেবাৰেই এৰি দিয়া উচিত নহ'ব।
 — হয় হয়, মাৰিব লাগিব।
 — কিন্তু কেনেকৈ মৰা যায়?
 — সি যি ঠাইত আছে, তালৈ গৈ তাক মাৰিব পৰা নাযাব নহয়!
 — তাক তললৈ নমাব লাগিব।
 — কেনেকৈ? সিতো আৰু নিজে নামি যাওঁ বুলি নামি নাযায়।
 — ব’লকচোন বাহিৰৰ পৰা চাই লওঁ।
 সীমাৰ গিৰিয়েক সমন্বিতে আটাইকেইজন বাহিৰলৈ ওলাই গৈ গছজোপা থকা ঠাইডোখৰৰ তলত ৰৈ দিলে। এজনে চিঞৰিলে— সাৱধান। একেবাৰে তললৈ নাযাব। সাপৰ সৰু-বৰ নাই। ইহঁতক বিশ্বাস কৰিব নাপায়। ফট্‌কৈ যদি সৰি মূৰৰ ওপৰত পৰে! তক্ষকৰ কথা ভাবকচোন... | আটাইবোৰ মানুহ সচেতন হ’ল। প্ৰত্যেকৰে হাতত ক’ব নোৱৰাকৈয়ে সৰু বৰ লাঠীসদৃশ একোডাল অস্ত্ৰ। ওপৰৰ বেলকনিৰ পৰা চাই থকা সীমাৰ অলপ বেয়া লাগিবলৈ ধৰিলে। তাইৰ [ ১৬ ] কিবা ক'বলৈ মন গৈছিল। কিন্তু তেতিয়ালৈ মানুহখিনি ইমানেই উত্তেজিত হৈ পৰিছে যে তাইৰ মাতটো দূৰৰেই কথা, তাই চিঞৰিলেও হয়তো তেওঁলোকৰ কাৰো কাণত নপৰিব। তাইৰ নিজকে অসহায় যেন লাগিল। সীমাৰ কবৰ মন গৈছিল— খিৰিকীখন বন্ধ কৰি দিলোৱেই যেতিয়া, যৰে বস্তু ত’লৈকে যাবলৈ এৰি দিয়া হওক। কিন্তু তাইৰ কথা শুনিবলৈ মানুহখিনি তেতিয়া তাইৰ নিয়ন্ত্ৰণৰ বাহিৰত। এজনে প্ৰশ্ন কৰা তাই শুনিবলৈ পালে—সাপটো তাত উঠিল কেনেকৈ?
 —উৰিব পাৰে। হা, উৰিব পৰা সাপ আছেতো! সেইটো উৰণীয়া। দেখা নাই, তাৰ গাত ৰঙৰ বাহাৰ!
 —আৰু চাওকচোন তাৰ মূৰটো। বিষাক্ত সাপৰ মূৰবোৰ সৰু হয়, ডিঙিবোৰ চিঞা হয় প্ৰাণী বিজ্ঞানৰ অতল তলিৰ জ্ঞানেৰে এজনে সংযোগ কৰিলে।
 —হেৰি, কি চাই আছে? কিবা কৰক...। সীমাৰ গিৰিয়েকক উদ্দেশ্যি কোৱা কথাত তেওঁ মাত দিলে কি কৰো? কেনেকৈ নমাও?
 শেষত সৰ্বসম্মত সিদ্ধান্ত লোৰা হ’ল যে এজনে ছাদৰ ওপৰলৈ গৈ ফেনাইল মিহলি পানী এবাল্টি অমিতাজোপাত ঢালি দিব; সাপটো তুলত পৰিব আৰু লগে লগে আটায়ে একেলগে আক্ৰমণ কৰিব। প্ৰয়োজন হলে ব্যৱহাৰ কৰিব পৰাকৈ পুৰণি বস্তা এখনত কেৰাচিন ঢালি জুই জ্বলাই থোৱাৰো বন্দৱস্ত কৰা হ’ল। সিদ্ধান্ত মতেই কাম। সীমাৰ গিৰিয়েকে লৰালৰিকৈ আহি ছাদৰ ওপৰলৈ গৈ ফেনাইল মিহলি পানীৰ বাল্টিটো লৈ তললৈ চাই সুধিলে— ৰেডী?
 —আঁ আঁ দিয়ক। কেইবাখনো মুখৰ উত্তৰ।
 বাল্টিৰ পৰা ফেনাইল মিহলি পানী অমিতাজোপাত পৰাৰ অলপপৰ পাছতেই কেৰমেৰ কৰি সাপটো তলত সৰি পৰিল। আটায়ে হৰ্ষোল্লাস কৰি উঠিল— পৰিল পৰিল। গুচি আহক। ... লগে লগে ছয়/সাতডালমান লাঠীৰ প্ৰহাৰ আৰম্ভ হ'ল। মাৰৰ কোবত সাপড়াল ঠায়ে ঠায়ে চেপেটা হৈ গৈছিল। তাৰ অকণমান মুখখনৰ কোৱাৰী ফাটি তেজৰ চেকুৰাই কৰাল মাৰিছিল। জ্বলাই থোৱা জুইৰ ক’লা ধোঁৱা আৰু লাঠীক সামান্য আশ্ৰয় কৰি নিশ্বাস এৰা মানুহবোৰৰ মাজত ডেৰফুটমান দীঘল তৰ্জনী আঙুলি এটামান শকত সাপডালৰ মৃতদেহটো অসাৰ হৈ পৰি থকা দৃশ্যটো ওপৰৰ পৰা চাই থকা সীমাৰ অসহনীয় লাগিল।
 ইতিমধ্যে চৌহদটোৰ আন মহিলাকেইগৰাকীমান আৰু ল'ৰা-ছোৱালী কিছুমান চুচুক-চামাককৈ ওচৰ চাপি আহিছিল। বাটে বাটে বান্দৰ বা সাপৰ নাচ [ ১৭ ] চোৱা মানুহৰ জুমৰ দৰে চকুৰ পচাৰতে গোলাকৃতিৰ জুম এটাৰ সৃষ্টি হ’ল। এজনে লাঠী এডালৰ মূৰত ওলোমাই মৃতদেহটো জুমটোৰ মাজত পেলাই দিলে। আটায়ে আগ্ৰহেৰে চালে। মহিলাকেইগৰাকীমানে মৃতদেহটো দেখি ভয়তে শিয়ৰি উঠা যেন দেখুৱাই গাবোৰ জিকাৰ মাৰি দিলে। জুমটোৰ বিভিন্নজনে দিয়া মন্তব্যবোৰে সীমাৰ কাণত পৰি তাইক যন্ত্ৰণা দিবলৈ ধৰিলে। তাইৰ এনেহে লাগিল যেন। দৌৰি আহি মৃতদেহটো বুকুৰ মাজত সুমুৱাই লৈ ক'ব ‘কেলেই মাৰিলিহঁত অ’? কি দোষনো কৰিছিল সি?'— তাইৰ চকু দুটা চলচলীয়া হৈ পৰিল। তাইৰ মুখখন কিহবাই যেন বন্ধ কৰি দিলে। ক'ব নোৱৰাকৈয়ে তাই নামি আহি জুমটোৰ মাজত সোমাই পৰিল। খুব মনোযোগেৰে মৃতদেহটো লক্ষ্য কৰি গম পালে— সেইটো এটা কাৰ্শলা সাপ। হালধীয়া দীঘল আঁচ থকা, মটীয়া-সেউজীয়া ৰঙৰ তেনে কাৰ্শলা সাপ সৰুৰে পৰা গছে-বনে বগাই থকা তাই দেখি আহিছে। জুমটোৰ আটায়ে তাইক আসন্ন বিপদৰ পৰা ৰক্ষা পৰাটো সৌভাগ্য বুলি সান্ত্বনা দিলে। দুজনমানৰ নিৰ্দেশত মৃতদেহটো জ্বলাই থোৱা জুইলৈ নিক্ষেপ কৰা হ’ল। সীমাৰ তীব্ৰ অনুশোচনা আহিল। কি কুক্ষণত তাই ‘সাপ সাপ’ বুলি চিঞৰিছিল আৰু কি জঘন্য বৰ্বৰতাৰে হত্যা কৰা হ’ল নিৰীহ জীৱটোক! তাইৰ আশে-পাশে থকা মানুহখিনিৰ বাদেও পৃথিৱীৰ আটাইবোৰ মানুহকে সাপতকৈ বেছি বিষাক্ত যেন লাগিল। মৃত সাপটোলৈ ক্ষমা প্ৰাৰ্থনা কৰি তাই ভৱিষ্যতলৈ সাপ সম্বন্ধে সচেতন হ’বলৈ দৃঢ় প্ৰতিজ্ঞ হলেও কেৰাচিনৰ জুইৰ ক'লা ধোঁৱাই তাইৰ অৱচেতন মনটোৰ কৰবাত ভয়ৰ বীজ জগাই তুলিছিল। তাৰ পৰিণতিত তাই আজিও মুক্ত হ’ব পৰা নাই সেই নাৰকীয় দৃশ্যৰ যাতনাৰ পৰা....।