একুৰি এটা গল্প/বিষণ্ণ বাৰ্দ্ধক্য

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ ৫০ ]
 

বিষণ্ণ বাৰ্ধক্য

  পদ্ম বুঢ়ীয়ে জাৰত কঁপি কঁপি মুখেৰে অস্ফুট সুৰেৰে বৰগীত গাই গাই গোসাঁইঘৰটো মচি আছে। পুহমহীয়া পুৱাৰ জাৰ। জাৰতে বুঢ়ীৰ মাতটো প্ৰয়োজনতকৈ বেছিকৈ কঁপিছে। এই জাৰতো গাত ব্লাউজ, ছুৱেটাৰ একো নিপিন্ধাকৈ কেৱল কপাহী ৰিহাখন পিন্ধি গুৰুসেৱা কৰে। গুৰুজনাই দি থৈ যোৱা নিয়মৰ তাৰতম্য জাৰ-জহ একোতে নকৰে। বৰ জীয়েকে এবাৰ ঘৰলৈ আহোঁতে কৈছিল— মা, তই নাম-প্ৰসংগৰ সময়ত যে অকল কপাহী ৰিহাখনেই গাত মেৰিয়াই যাৱ, এই বয়সত জানো দেহাই ইমান ঠাণ্ডা সহিব পাৰে?

 পদ্মা জিকাৰ খাই উঠিছিল—ইহ, অকল ময়েইনে? আটাইকেইগৰাকী গোপিনীয়ে ৰিহাকেই পিন্ধি যায়।

 জীয়েকৰ যুক্তি—বাকীবোৰ মাটিত বাগৰি জীৱন কটোৱা, আৰ্থিকভাৱে পিছপৰা ঘৰৰ বুঢ়ী। তেওঁলোকৰ অভ্যাস আছে, তইতো তেনে কৰো বুলি নোৱাৰ! পদ্মা বুঢ়ীয়ে কথা এৰাই আঁতৰি যায়।

 বৰগীতৰ টানিব নোৱৰা অংশটো মুখৰ ভিতৰতে গুগুণাই বুঢ়ীয়ে গোসাঁইঘৰ মচি অতালে। দুহাত প্ৰসাৰিত কৰি মূৰ দোঁৱাই আসনৰ ফালে চাই সেৱা কৰিলে। উঠি আহি হাত-মুখ আকৌ ধুই গোসাঁই-নাম ল’ব। পদ্মা উঠি আহোঁতে দুৱাৰৰ পৰা অনতিদূৰৈত ৰৈ থকা ক্ষীৰধৰক দেখিলে। জাৰত কান্ধ দুখন সামান্য কোঁচ খুৱাই ক্ষীৰধৰে ৰৈ চাই আছিল পদ্মাৰ ভগৱানৰ প্ৰতি থকা ভক্তিক। পদ্মাই এপলক ক্ষীৰধৰৰ মুখলৈ চালে— ক্ষীৰধৰৰ দৃষ্টিত কি আছিল তাই নুবুজিলে। অথবা চেষ্টাও নকৰিলে। তাই জানে, এই সময়ত ক্ষীৰধৰে একাপ চাহৰ আশাৰে তাইৰ গোসাঁইৰ কাম সামৰালৈ আগ্ৰহেৰে বাট চাই আছে। ক্ষীৰধৰৰ মুখৰ ধৰিব নোৱৰা ভাবে পদ্মাক বিপাঙত পেলায়। তাই আশা কৰে, ক্ষীৰধৰে কওক— ‘হে’ৰা। লৰালৰি কৰা। তোমাৰ এইজন, ভগৱানো ভোকত কাতৰ। অন্ততঃ চাহ একাপকে দিয়া। ' নাই নকয়। অভিমানী ক্ষীৰধৰে মুখেৰে একো নকয়। মৰমৰ মাত-কথা যেন তেওঁৰ মুখৰ পৰা হেৰাই গৈছে। এজাক ল'ৰা-ছোৱালী ডাঙৰ-দীঘল কৰি, সু-সংস্থাপিত কৰি জীৱনৰ বিয়লিপৰত কাৰো পৰা কোনো প্ৰতিদান নাপাই তেওঁ যেন অভিমানী হৈ উঠিছে!

[ ৫১ ] মৃত্যুৰ সময়ত সঁপি দি যোৱা ককায়েকৰ পাঁচোটা ল'ৰা-ছোৱালী আৰু নিজৰ চাৰিটাৰে ভৰা ঘৰখনৰ বোজা টানি টানি জীৱনৰ ভাটিবেলা নিঃসংগ হৈ পৰা ক্ষীৰধৰৰ মনৰ উমান পাওঁতাও কোনো নাই। নাই নহয়, আচলতে আছে। জীৱনসংগিনী পদ্মা আছে এতিয়াও। কিন্তু দেখা গৈছে পদ্মাৰো মনত এতিয়া কৃষ্ণহে পৰম স্বামী। সেয়ে ক্ষীৰধৰ এতিয়া পৰম অভিমানী। নিজৰ মনৰ ভিতৰতে কথা পাতি পাতি ক্ষীৰধৰে এতিয়া যেন মুখ ফুটাই কথা কোৱাৰ সুৰেই পাহৰি গৈছে।
 কি আশাৰে মানুহে সন্তান ডাঙৰ-দীঘল কৰে? কিয় কৰে? কেৱল দায়িত্ববোধৰ বাবে? ল'ৰা-ছোৱালীবোৰ ডাঙৰ হৈ কি হয়? যিয়ে আপভাল কৰি খুটি খাব পৰা কৰে, তেওঁলোকৰ প্ৰতি সিহঁতৰ কৰণীয় কি?
 দায়িত্ববোধৰ বাবেই ডাঙৰ কৰা বুলি ক'লেও নিশ্চয় সকলোৰে মনত একোটা আশা থাকে। সেই আশা ক্ষীৰধৰৰো আছিল। আটাইকেইটা ল’ৰা-ছোৱালী সু-সংস্থাপিত হৈ কোনোবাই বছৰেকত এবাৰ, কোনোবাই ছমাহৰ মূৰত এবাৰকৈ আহি ক্ষীৰধৰ আৰু পদ্মাক চাই, মিঠাই-মাংসৰে দুদিনমান দকচি খাই গুচি যায়। নিঃসংগ ক্ষীৰধৰ-পদ্মাৰ মনৰ খবৰ কোনোবাই ল'লেও কৰিবলগীয়া স্থানত প্ৰতিকাৰ কৰিবলৈ কাৰো আহৰি নাই। ন-টাকৈ সন্তান ডাঙৰ কৰাৰ বিনিময়ত ক্ষীৰধৰে অন্ততঃ এজনৰ পৰা কৰ্তব্যবোধ আশা কৰিছিল। কিন্তু ...। এজন আছে অৱশ্যে এতিয়াও ক্ষীৰধৰৰ ওচৰত। পেটমচাটোৱে পঢ়া-শুনা সামৰি চাকৰি বিচাৰি ধিতিঙালি কোবাই ক্ষীৰধৰৰ আৰ্জনেৰেই খাই আছে। কিন্তু তাৰো আহৰি নাই। সামাজিক কাম আৰু লোকৰ ঘৰুৱা দায়িত্ব মূৰ পাতি ‘জনপ্ৰিয়’ল’ৰা হ'বলৈ গৈ ক্ষীৰধৰ-পদ্মাৰ মাজৰ নিঃসংগতা ভাঙি দিবলৈ সময় নাই। নিৰ্দিষ্ট সময়বোৰত আহি খাই পদ্মাৰ কাম বঢ়োৱাৰ বাহিৰে ক্ষীৰধৰ-পদ্মাই তাৰ পৰা একো আশা কৰিব নোৱাৰে।
 ক্ষীৰধৰে বিচাৰে জীৱনৰ এই ভাটিবেলা আন্ততঃ কোনোবা এজনে পুৱাৰ পৰা ৰাতিলৈকে তেওঁৰ আলপৈচান ধৰক। তেওঁ দৰমহা দি ল’ৰা ৰাখিও চাইছিল। কিন্তু তাতে কোনো আন্তৰিকতা নাই। অনবৰতে ঘৈণীয়েকৰ প্ৰতি ক্ষুব্ধ হৈ থাকিলেও তেওঁ বুজি পায় ‘আন্তৰিকতা আছে যদি একমাত্ৰ ঘৈণীয়েকৰ অন্তৰতে আছে। অভিমানতে দুয়ো দুয়োৰে ওচৰত মুখ ওফোন্দাই থাকিলেও দুয়োৱে ভালকৈয়ে বুজি উঠিছে যে বৃদ্ধাৱস্থাত অইন কাৰো পৰা কোনো সঁহাৰি নাপায়। পাঁচোটাকৈ ল'ৰা, চাৰিজনীকৈ ছোৱালী ডাঙৰ কৰি চুলি পকোৱা [ ৫২ ] দম্পতীহালৰ ওচৰত সেয়ে কাঁহি-বাটি, চকী-মেজ আৰু অনবৰতে ক্ষীৰধৰৰ ওচৰত বাজি থকা ৰেডিঅ’টোৰ বাহিৰে কোনো শব্দ নাই।
  গোসাঁই সেৱা কৰি পদ্মাই চাহ একাপ, বিস্কুট দুখনেৰে সৈতে আনি ক্ষীৰধৰ বহি থকা চকীখনৰ সন্মুখত থকা নিৰ্দিষ্ট টেবুলখনত থ’লে। মুখেৰে একো নক’লে। কোৱাৰ প্ৰয়োজন নাই। ঠিক সময়ত ঠিক কাম। পিছে ক্ষীৰধৰৰহে সময়ৰ হিচাপটো বৰ কম। জীৱনত পোৱা-নোপোৱাৰ হিচাপ কৰি থাকোতেই তেওঁৰ বহুসময় যায়। আঁৰ চকুৰে কেতিয়াবা তেওঁ ঘৈণীয়েকৰ দেহাটোলৈও চায়— ‘কিমান কৰিব দেহি! গোটেই জীৱনটো টাকুৰি ঘূৰাদি ঘূৰিয়ে কটালে। দুখোজৰ ঠাইত এখোজ দি কাম কৰি কৰি বেচেৰীজনীয়ে এতিয়ালৈকে আহৰি পোৱা নাই। হওঁতে দেহাটো ইমান পৰি যাবলগীয়া বয়স পদ্মাৰ এতিয়াও হোৱা নাই। কামেইহে কৰিলে। এই বয়সত পদ্মাৰ বোৱাৰী সুখ খোৱাৰহে বয়স। ’
  ক্ষীৰধৰৰ মনটো হঠাৎ ৰঙীয়াল হৈ উঠিল— হে’ৰা। চাহকাপ চেঁচা হ'ল। আৰু একাপ ...।
 — চাহৰ কাপটো দিয়াৰ পাছত আগত লৈ বহি থাকিলে চাহ গৰম হৈ থাকিবনে? দেহা শেষ হৈ গ'ল এই মানুহটোৰ তাল ধৰোঁতে ...। ক্ষীৰধৰৰ আজি পদ্মাৰ কথাত অভিমান নাজাগিল।
 — দিয়াহে হেৰা, অকণমান গৰম কৰি এই কাপকে দিলেই হ’ব, দিয়া। মই কিবা দৰকাৰী কথা ভাবিছিলো বাবে ...।
  চিলাই চোঁ মৰাৰ দৰে চাহৰ কাপটো লৈ পদ্মা ভিতৰ সোমাল। ক্ষীৰধৰৰ সোলা মুখত হাঁহি বিৰিঙিল।
 — বুঢ়ী হ’ল কি হ'ল? চিলাৰ দৰে চোঁ মাৰি ঘূৰিব পৰা হৈয়ে আছে।
 আচলতে পদ্মাৰ খং উঠিছিল—একে কামকে গোটেই জীৱনটো আহৰি নোপোৱাকৈ কৰি কৰি পদ্মা ভাগৰি পৰিছে। এতিয়া এই বৃদ্ধ অৱস্থাত জিভাৰ জুতি আৰু পেটৰ ভোকক পাহৰি ভগৱৎ চিন্তাত দিন পাৰ কৰিব খোজে। বুঢ়াটোৰহে যদি ভগৱানৰ প্ৰতি অলপো শ্ৰদ্ধা-ভক্তি আছে! পুথি এঅধ্যা পঢ়াৰো আগ্ৰহ নাই। চাহকাপ গৰম কৰি আকৌ পদ্মা বাৰান্দা পালেহি।
 — হে’ৰা ৰ'বাচোন, কথা এটা কওঁ। চাহলৈ গুৰুত্ব নিদি ক্ষীৰধৰে ক'লে। পদ্মা থমকি ৰ'ল। কি—বা কথা!
 — বুজিছা! ধিতিঙাটোলৈ ছোৱালী এজনী চাব লাগিছিল নহয়!
 ঘৰখন মৰিশালি যেন হৈছেগৈ হে’। ডাঙৰকেইটাই যি কৰিলে কৰিলে, [ ৫৩ ] ইয়াকে এজনী গোটাই দিওঁ। তোমাৰো লগ হ’ব। ঘৰখনলৈও এটা জেউতি আহিব। নে কি কোৱা?
 পদ্মা মনে মনে ৰ’ল। ডাঙৰ চাৰিটা ল’ৰাই নিজে পছন্দ কবি ছোৱালী আনি, বিয়া কৰাই নিজে নিজে চাকৰি কৰা ঠাইতে সংসাৰ পাতিছেগৈ। বাকী আছে সৰুটো। তালৈকে বোৱাৰী আনিব বিচাৰিছে। চাকৰি বাকৰি নাই। পঢ়া-শুনা সামৰি ঘৰতে বহি বুঢ়াৰ আৰ্জনেৰে খাই আছে। তালৈ কি সতেৰে আৰু কি সাহেৰে ছোৱালী গোটাব বিচাৰিছেবা? পদ্মাই মুখ মেলিলে— বিয়া পাতি দিয়াৰ পাছত সি ছোৱালীজনী পুহিব কিহেৰে?
  – এহ, হ’ব নহয়! মোৰ পেন্সন আৰু বাৰীয়ে-ঘৰে হোৱা বস্তুকেইটাৰে আমি পোহ যাওঁ যেতিয়া ছোৱালী এজনী ঘৰ সোমালে কিমাননো খৰচ বাঢ়িব? আৰু দায়িত্ব পৰিলে সিও নিশ্চয় ব্যৱসায়-বণিজ কিবা এটা কৰিবই। আৰু ছোৱালী যদি কাজী হয়, তায়োতো বহি নাথাকে।
 পদ্মাই একো নামাতিলে। ক্ষীৰধৰে জানিলে। একো নমতা মানে সন্মতি। বুঢ়াৰ মনটো আনন্দত ফুলি উঠিল।

০ ০ ০

 মহা ধুম-ধামেৰে ক্ষীৰধৰৰ সৰু পুতেকৰ বিয়া পতা হ'ল। বিয়াত খৰচ কৰাত বুঢ়াই কৃপণালি নকৰিলে। বাকীকেইটা পুতেক-জীয়েক কাৰো আগত খৰচৰ বিষয়ে একো উল্লেখ নকৰিলে। বিয়াৰ এমাহৰ আগতে ক্ষীৰধৰে নিজে গৈ ছোৱালীঘৰক কৈ আহিল—‘মোক ছোৱালীজনীহে লাগে। কাপোৰ-কানি-গহনা আদি জোৰোণ ৰূপে আমাৰ ঘৰৰ পৰা আহিব। তাকে পিন্ধি তাই কইনা হৈ আমাৰ ঘৰলৈ যাব। আপোনালোকে কূটা এগচ দিয়াৰ কথাও চিন্তা কৰিব নালাগে. ...। ’ সমাজত প্ৰচলিত নিয়মৰ দোহাই দি ছোৱালীঘৰে আপত্তি তুলিছিল যদিও নৰজিল। বুঢ়াই ন-বোৱাৰীয়েকৰ সকলো বস্তু নতুনকৈ সজাই দিয়াৰ আশ্বাস দি উভতি আহিল।
 কথা মতেই কাম। ক্ষীৰধৰে ছোৱালীঘৰৰ পৰা উভতি আহিয়েই বাৰীৰ ডাঙৰ চেগুণ গছ কটাই বিছনা, আলমাৰিকে ধৰি ন-বোৱাৰীৰ প্ৰয়োজনীয় সকলো আচ্‌বাব বিয়াৰ আগতেই সজাই পেলালে। মাক-বাপেকৰ এজনী ছোৱালী, সুখত উঠিছে, সুখতেই থাকিব। ৰং দি নতুন কৰা ঘৰটোলৈ নিৰ্দিষ্ট দিনত ‘লখিমী’ সোমাই আহিল।
[ ৫৪ ]   পদ্মাৰো দেহাটোলৈ যেন নতুন বল আহিল। আলহী-অতিথিৰ খদম্‌দমতে তাই বিয়াৰ পাছৰ এমাহ কেনেকৈ গ'ল গমেই নাপালে। আলাসতে উঠা ছোৱালী বুলি পদ্মাই ন-বোৱাৰীক আলফুলে ঘৰুৱা নীতি-নিয়ম শিকাই গ'ল। মূৰ্তি এটাৰ দৰে কেৱল নকইনাই সকলো শুনি গ'ল। পদ্মাই ভাবিলে— ‘নিমাতী ছোৱালী। ' ৰাতি ক্ষীৰধৰক ভৰি ধোৱা চৰিয়াটোত গৰম পানী দিবলৈ যাওঁতে কাহানিও মাতি নোপোৱা ফুচফুচীয়া মাতেৰে সুধিলে—‘বোৱাৰী ভালনে?’ সামান্য সন্তোষৰ হাঁহি মাৰি পদ্মাই শলাগিলে— ওঁ ভালেই।

 দিন বাগৰিল। ক্ষীৰধৰে আশা পালি থাকিল। পদ্মাৰ সলনি ৰুণুক-জুনুক খাৰু পিন্ধা এখন হাতে চাহ লৈ আহিব আৰু ক'ব ‘দেউতা, চাহ খাওক। ক্ষীৰধৰৰ আশা ফলৱতী নোহোৱাত এদিন পুৱা চাহ দিবলৈ অহা পদ্মাক সামান্য ক্ৰোধেৰে ক্ষীৰধৰে মাত দিলে—তুমি যে চাহ আনিছা?
  — মই চাহ নানিলে কোনে আনিব?– সমান উষ্মাৰে পদ্মাই উত্তৰ দিলে।
  — কিয়, বোৱাৰীজনীয়ে জানো মোক চাহ একাপো দিবহি নোৱাৰে?
  — তাই টোপনিৰ পৰা উঠাই নাই। কৈ পদ্মা সাউতকৈ ভিতৰ সোমাল। ক্ষীৰধৰ ঠৰঙা লগাদি লাগি বহি থাকিল। তাৰ মানে পদ্মাৰ কাম বাঢ়িলহে। ন-ছোৱালীয়ে পদ্মাৰ হাতৰ পৰা চুৱা বাচন কাঢ়ি নি ধোৱাৰ পৰিৱৰ্তে তেওঁৰ হাতত আৰু এখন বাচন বেছিকৈহে উঠিল। এঢোক এঢোককৈ চাহকাপ খাই ক্ষীৰধৰে কুঁৱাৰ পাৰলৈ কাপ-প্লেটযোৰ ধুবলৈ আনিলে। পদ্মাই হাত মেলিলে-- চাওঁ দিয়ক।
  — নালাগে, মই ধুম।
  — ইহ্, তেওঁ ধুব! গোটেই জীৱনজুৰি ওকতোতেই গ'ল, এতিয়া বোৱাৰীয়েকৰ আগত বাচন ধুই দেখুৱালেহে হয়।
  — নহয়হে! তুমিও বুঢ়ী, ময়ো বুঢ়া। তুমি যদি এই বুঢ়ী দেহাটোৰে ভাত-চাহ বনোৱা, ঠাই সৰা-মচা-ধোৱা সকলোখিনি কৰিব পাৰা, ময়ো পাৰোঁ দিয়াচোন, অন্ততঃ নিজে খোৱা বাচনকেইটা ধুবলৈ। চাওঁ আঁতৰা। আৰু হেৰি, পানীৰ মগটো এইফালে দিয়া ...।