পৃষ্ঠা:একুৰি এটা গল্প.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২ • একুৰি এটা গল্প
 


দম্পতীহালৰ ওচৰত সেয়ে কাঁহি-বাটি, চকী-মেজ আৰু অনবৰতে ক্ষীৰধৰৰ ওচৰত বাজি থকা ৰেডিঅ’টোৰ বাহিৰে কোনো শব্দ নাই।
  গোসাঁই সেৱা কৰি পদ্মাই চাহ একাপ, বিস্কুট দুখনেৰে সৈতে আনি ক্ষীৰধৰ বহি থকা চকীখনৰ সন্মুখত থকা নিৰ্দিষ্ট টেবুলখনত থ’লে। মুখেৰে একো নক’লে। কোৱাৰ প্ৰয়োজন নাই। ঠিক সময়ত ঠিক কাম। পিছে ক্ষীৰধৰৰহে সময়ৰ হিচাপটো বৰ কম। জীৱনত পোৱা-নোপোৱাৰ হিচাপ কৰি থাকোতেই তেওঁৰ বহুসময় যায়। আঁৰ চকুৰে কেতিয়াবা তেওঁ ঘৈণীয়েকৰ দেহাটোলৈও চায়— ‘কিমান কৰিব দেহি! গোটেই জীৱনটো টাকুৰি ঘূৰাদি ঘূৰিয়ে কটালে। দুখোজৰ ঠাইত এখোজ দি কাম কৰি কৰি বেচেৰীজনীয়ে এতিয়ালৈকে আহৰি পোৱা নাই। হওঁতে দেহাটো ইমান পৰি যাবলগীয়া বয়স পদ্মাৰ এতিয়াও হোৱা নাই। কামেইহে কৰিলে। এই বয়সত পদ্মাৰ বোৱাৰী সুখ খোৱাৰহে বয়স। ’
  ক্ষীৰধৰৰ মনটো হঠাৎ ৰঙীয়াল হৈ উঠিল— হে’ৰা। চাহকাপ চেঁচা হ'ল। আৰু একাপ ...।
 — চাহৰ কাপটো দিয়াৰ পাছত আগত লৈ বহি থাকিলে চাহ গৰম হৈ থাকিবনে? দেহা শেষ হৈ গ'ল এই মানুহটোৰ তাল ধৰোঁতে ...। ক্ষীৰধৰৰ আজি পদ্মাৰ কথাত অভিমান নাজাগিল।
 — দিয়াহে হেৰা, অকণমান গৰম কৰি এই কাপকে দিলেই হ’ব, দিয়া। মই কিবা দৰকাৰী কথা ভাবিছিলো বাবে ...।
  চিলাই চোঁ মৰাৰ দৰে চাহৰ কাপটো লৈ পদ্মা ভিতৰ সোমাল। ক্ষীৰধৰৰ সোলা মুখত হাঁহি বিৰিঙিল।
 — বুঢ়ী হ’ল কি হ'ল? চিলাৰ দৰে চোঁ মাৰি ঘূৰিব পৰা হৈয়ে আছে।
 আচলতে পদ্মাৰ খং উঠিছিল—একে কামকে গোটেই জীৱনটো আহৰি নোপোৱাকৈ কৰি কৰি পদ্মা ভাগৰি পৰিছে। এতিয়া এই বৃদ্ধ অৱস্থাত জিভাৰ জুতি আৰু পেটৰ ভোকক পাহৰি ভগৱৎ চিন্তাত দিন পাৰ কৰিব খোজে। বুঢ়াটোৰহে যদি ভগৱানৰ প্ৰতি অলপো শ্ৰদ্ধা-ভক্তি আছে! পুথি এঅধ্যা পঢ়াৰো আগ্ৰহ নাই। চাহকাপ গৰম কৰি আকৌ পদ্মা বাৰান্দা পালেহি।
 — হে’ৰা ৰ'বাচোন, কথা এটা কওঁ। চাহলৈ গুৰুত্ব নিদি ক্ষীৰধৰে ক'লে। পদ্মা থমকি ৰ'ল। কি—বা কথা!
 — বুজিছা! ধিতিঙাটোলৈ ছোৱালী এজনী চাব লাগিছিল নহয়!
 ঘৰখন মৰিশালি যেন হৈছেগৈ হে’। ডাঙৰকেইটাই যি কৰিলে কৰিলে,