পৃষ্ঠা:একুৰি এটা গল্প.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৫১
 


মৃত্যুৰ সময়ত সঁপি দি যোৱা ককায়েকৰ পাঁচোটা ল'ৰা-ছোৱালী আৰু নিজৰ চাৰিটাৰে ভৰা ঘৰখনৰ বোজা টানি টানি জীৱনৰ ভাটিবেলা নিঃসংগ হৈ পৰা ক্ষীৰধৰৰ মনৰ উমান পাওঁতাও কোনো নাই। নাই নহয়, আচলতে আছে। জীৱনসংগিনী পদ্মা আছে এতিয়াও। কিন্তু দেখা গৈছে পদ্মাৰো মনত এতিয়া কৃষ্ণহে পৰম স্বামী। সেয়ে ক্ষীৰধৰ এতিয়া পৰম অভিমানী। নিজৰ মনৰ ভিতৰতে কথা পাতি পাতি ক্ষীৰধৰে এতিয়া যেন মুখ ফুটাই কথা কোৱাৰ সুৰেই পাহৰি গৈছে।
 কি আশাৰে মানুহে সন্তান ডাঙৰ-দীঘল কৰে? কিয় কৰে? কেৱল দায়িত্ববোধৰ বাবে? ল'ৰা-ছোৱালীবোৰ ডাঙৰ হৈ কি হয়? যিয়ে আপভাল কৰি খুটি খাব পৰা কৰে, তেওঁলোকৰ প্ৰতি সিহঁতৰ কৰণীয় কি?
 দায়িত্ববোধৰ বাবেই ডাঙৰ কৰা বুলি ক'লেও নিশ্চয় সকলোৰে মনত একোটা আশা থাকে। সেই আশা ক্ষীৰধৰৰো আছিল। আটাইকেইটা ল’ৰা-ছোৱালী সু-সংস্থাপিত হৈ কোনোবাই বছৰেকত এবাৰ, কোনোবাই ছমাহৰ মূৰত এবাৰকৈ আহি ক্ষীৰধৰ আৰু পদ্মাক চাই, মিঠাই-মাংসৰে দুদিনমান দকচি খাই গুচি যায়। নিঃসংগ ক্ষীৰধৰ-পদ্মাৰ মনৰ খবৰ কোনোবাই ল'লেও কৰিবলগীয়া স্থানত প্ৰতিকাৰ কৰিবলৈ কাৰো আহৰি নাই। ন-টাকৈ সন্তান ডাঙৰ কৰাৰ বিনিময়ত ক্ষীৰধৰে অন্ততঃ এজনৰ পৰা কৰ্তব্যবোধ আশা কৰিছিল। কিন্তু ...। এজন আছে অৱশ্যে এতিয়াও ক্ষীৰধৰৰ ওচৰত। পেটমচাটোৱে পঢ়া-শুনা সামৰি চাকৰি বিচাৰি ধিতিঙালি কোবাই ক্ষীৰধৰৰ আৰ্জনেৰেই খাই আছে। কিন্তু তাৰো আহৰি নাই। সামাজিক কাম আৰু লোকৰ ঘৰুৱা দায়িত্ব মূৰ পাতি ‘জনপ্ৰিয়’ল’ৰা হ'বলৈ গৈ ক্ষীৰধৰ-পদ্মাৰ মাজৰ নিঃসংগতা ভাঙি দিবলৈ সময় নাই। নিৰ্দিষ্ট সময়বোৰত আহি খাই পদ্মাৰ কাম বঢ়োৱাৰ বাহিৰে ক্ষীৰধৰ-পদ্মাই তাৰ পৰা একো আশা কৰিব নোৱাৰে।
 ক্ষীৰধৰে বিচাৰে জীৱনৰ এই ভাটিবেলা আন্ততঃ কোনোবা এজনে পুৱাৰ পৰা ৰাতিলৈকে তেওঁৰ আলপৈচান ধৰক। তেওঁ দৰমহা দি ল’ৰা ৰাখিও চাইছিল। কিন্তু তাতে কোনো আন্তৰিকতা নাই। অনবৰতে ঘৈণীয়েকৰ প্ৰতি ক্ষুব্ধ হৈ থাকিলেও তেওঁ বুজি পায় ‘আন্তৰিকতা আছে যদি একমাত্ৰ ঘৈণীয়েকৰ অন্তৰতে আছে। অভিমানতে দুয়ো দুয়োৰে ওচৰত মুখ ওফোন্দাই থাকিলেও দুয়োৱে ভালকৈয়ে বুজি উঠিছে যে বৃদ্ধাৱস্থাত অইন কাৰো পৰা কোনো সঁহাৰি নাপায়। পাঁচোটাকৈ ল'ৰা, চাৰিজনীকৈ ছোৱালী ডাঙৰ কৰি চুলি পকোৱা