পদ্মাৰো দেহাটোলৈ যেন নতুন বল আহিল। আলহী-অতিথিৰ খদম্দমতে তাই বিয়াৰ পাছৰ এমাহ কেনেকৈ গ'ল গমেই নাপালে। আলাসতে উঠা ছোৱালী বুলি পদ্মাই ন-বোৱাৰীক আলফুলে ঘৰুৱা নীতি-নিয়ম শিকাই গ'ল। মূৰ্তি এটাৰ দৰে কেৱল নকইনাই সকলো শুনি গ'ল। পদ্মাই ভাবিলে— ‘নিমাতী ছোৱালী। ' ৰাতি ক্ষীৰধৰক ভৰি ধোৱা চৰিয়াটোত গৰম পানী দিবলৈ যাওঁতে কাহানিও মাতি নোপোৱা ফুচফুচীয়া মাতেৰে সুধিলে—‘বোৱাৰী ভালনে?’ সামান্য সন্তোষৰ হাঁহি মাৰি পদ্মাই শলাগিলে— ওঁ ভালেই।
দিন বাগৰিল। ক্ষীৰধৰে আশা পালি থাকিল। পদ্মাৰ সলনি ৰুণুক-জুনুক
খাৰু পিন্ধা এখন হাতে চাহ লৈ আহিব আৰু ক'ব ‘দেউতা, চাহ খাওক।
ক্ষীৰধৰৰ আশা ফলৱতী নোহোৱাত এদিন পুৱা চাহ দিবলৈ অহা পদ্মাক সামান্য
ক্ৰোধেৰে ক্ষীৰধৰে মাত দিলে—তুমি যে চাহ আনিছা?
— মই চাহ নানিলে কোনে আনিব?– সমান উষ্মাৰে পদ্মাই উত্তৰ
দিলে।
— কিয়, বোৱাৰীজনীয়ে জানো মোক চাহ একাপো দিবহি নোৱাৰে?
— তাই টোপনিৰ পৰা উঠাই নাই। কৈ পদ্মা সাউতকৈ ভিতৰ সোমাল।
ক্ষীৰধৰ ঠৰঙা লগাদি লাগি বহি থাকিল। তাৰ মানে পদ্মাৰ কাম বাঢ়িলহে।
ন-ছোৱালীয়ে পদ্মাৰ হাতৰ পৰা চুৱা বাচন কাঢ়ি নি ধোৱাৰ পৰিৱৰ্তে তেওঁৰ
হাতত আৰু এখন বাচন বেছিকৈহে উঠিল। এঢোক এঢোককৈ চাহকাপ খাই
ক্ষীৰধৰে কুঁৱাৰ পাৰলৈ কাপ-প্লেটযোৰ ধুবলৈ আনিলে। পদ্মাই হাত মেলিলে--
চাওঁ দিয়ক।
— নালাগে, মই ধুম।
— ইহ্, তেওঁ ধুব! গোটেই জীৱনজুৰি ওকতোতেই গ'ল, এতিয়া
বোৱাৰীয়েকৰ আগত বাচন ধুই দেখুৱালেহে হয়।
— নহয়হে! তুমিও বুঢ়ী, ময়ো বুঢ়া। তুমি যদি এই বুঢ়ী দেহাটোৰে ভাত-চাহ বনোৱা, ঠাই সৰা-মচা-ধোৱা সকলোখিনি কৰিব পাৰা, ময়ো পাৰোঁ দিয়াচোন, অন্ততঃ নিজে খোৱা বাচনকেইটা ধুবলৈ। চাওঁ আঁতৰা। আৰু হেৰি, পানীৰ মগটো এইফালে দিয়া ...।