পৃষ্ঠা:একুৰি এটা গল্প.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বিষণ্ণ বাৰ্ধক্য

  পদ্ম বুঢ়ীয়ে জাৰত কঁপি কঁপি মুখেৰে অস্ফুট সুৰেৰে বৰগীত গাই গাই গোসাঁইঘৰটো মচি আছে। পুহমহীয়া পুৱাৰ জাৰ। জাৰতে বুঢ়ীৰ মাতটো প্ৰয়োজনতকৈ বেছিকৈ কঁপিছে। এই জাৰতো গাত ব্লাউজ, ছুৱেটাৰ একো নিপিন্ধাকৈ কেৱল কপাহী ৰিহাখন পিন্ধি গুৰুসেৱা কৰে। গুৰুজনাই দি থৈ যোৱা নিয়মৰ তাৰতম্য জাৰ-জহ একোতে নকৰে। বৰ জীয়েকে এবাৰ ঘৰলৈ আহোঁতে কৈছিল— মা, তই নাম-প্ৰসংগৰ সময়ত যে অকল কপাহী ৰিহাখনেই গাত মেৰিয়াই যাৱ, এই বয়সত জানো দেহাই ইমান ঠাণ্ডা সহিব পাৰে?

 পদ্মা জিকাৰ খাই উঠিছিল—ইহ, অকল ময়েইনে? আটাইকেইগৰাকী গোপিনীয়ে ৰিহাকেই পিন্ধি যায়।

 জীয়েকৰ যুক্তি—বাকীবোৰ মাটিত বাগৰি জীৱন কটোৱা, আৰ্থিকভাৱে পিছপৰা ঘৰৰ বুঢ়ী। তেওঁলোকৰ অভ্যাস আছে, তইতো তেনে কৰো বুলি নোৱাৰ! পদ্মা বুঢ়ীয়ে কথা এৰাই আঁতৰি যায়।

 বৰগীতৰ টানিব নোৱৰা অংশটো মুখৰ ভিতৰতে গুগুণাই বুঢ়ীয়ে গোসাঁইঘৰ মচি অতালে। দুহাত প্ৰসাৰিত কৰি মূৰ দোঁৱাই আসনৰ ফালে চাই সেৱা কৰিলে। উঠি আহি হাত-মুখ আকৌ ধুই গোসাঁই-নাম ল’ব। পদ্মা উঠি আহোঁতে দুৱাৰৰ পৰা অনতিদূৰৈত ৰৈ থকা ক্ষীৰধৰক দেখিলে। জাৰত কান্ধ দুখন সামান্য কোঁচ খুৱাই ক্ষীৰধৰে ৰৈ চাই আছিল পদ্মাৰ ভগৱানৰ প্ৰতি থকা ভক্তিক। পদ্মাই এপলক ক্ষীৰধৰৰ মুখলৈ চালে— ক্ষীৰধৰৰ দৃষ্টিত কি আছিল তাই নুবুজিলে। অথবা চেষ্টাও নকৰিলে। তাই জানে, এই সময়ত ক্ষীৰধৰে একাপ চাহৰ আশাৰে তাইৰ গোসাঁইৰ কাম সামৰালৈ আগ্ৰহেৰে বাট চাই আছে। ক্ষীৰধৰৰ মুখৰ ধৰিব নোৱৰা ভাবে পদ্মাক বিপাঙত পেলায়। তাই আশা কৰে, ক্ষীৰধৰে কওক— ‘হে’ৰা। লৰালৰি কৰা। তোমাৰ এইজন, ভগৱানো ভোকত কাতৰ। অন্ততঃ চাহ একাপকে দিয়া। ' নাই নকয়। অভিমানী ক্ষীৰধৰে মুখেৰে একো নকয়। মৰমৰ মাত-কথা যেন তেওঁৰ মুখৰ পৰা হেৰাই গৈছে। এজাক ল'ৰা-ছোৱালী ডাঙৰ-দীঘল কৰি, সু-সংস্থাপিত কৰি জীৱনৰ বিয়লিপৰত কাৰো পৰা কোনো প্ৰতিদান নাপাই তেওঁ যেন অভিমানী হৈ উঠিছে!