পৃষ্ঠা:একুৰি এটা গল্প.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৫৩
 


ইয়াকে এজনী গোটাই দিওঁ। তোমাৰো লগ হ’ব। ঘৰখনলৈও এটা জেউতি আহিব। নে কি কোৱা?
 পদ্মা মনে মনে ৰ’ল। ডাঙৰ চাৰিটা ল’ৰাই নিজে পছন্দ কবি ছোৱালী আনি, বিয়া কৰাই নিজে নিজে চাকৰি কৰা ঠাইতে সংসাৰ পাতিছেগৈ। বাকী আছে সৰুটো। তালৈকে বোৱাৰী আনিব বিচাৰিছে। চাকৰি বাকৰি নাই। পঢ়া-শুনা সামৰি ঘৰতে বহি বুঢ়াৰ আৰ্জনেৰে খাই আছে। তালৈ কি সতেৰে আৰু কি সাহেৰে ছোৱালী গোটাব বিচাৰিছেবা? পদ্মাই মুখ মেলিলে— বিয়া পাতি দিয়াৰ পাছত সি ছোৱালীজনী পুহিব কিহেৰে?
  – এহ, হ’ব নহয়! মোৰ পেন্সন আৰু বাৰীয়ে-ঘৰে হোৱা বস্তুকেইটাৰে আমি পোহ যাওঁ যেতিয়া ছোৱালী এজনী ঘৰ সোমালে কিমাননো খৰচ বাঢ়িব? আৰু দায়িত্ব পৰিলে সিও নিশ্চয় ব্যৱসায়-বণিজ কিবা এটা কৰিবই। আৰু ছোৱালী যদি কাজী হয়, তায়োতো বহি নাথাকে।
 পদ্মাই একো নামাতিলে। ক্ষীৰধৰে জানিলে। একো নমতা মানে সন্মতি। বুঢ়াৰ মনটো আনন্দত ফুলি উঠিল।

০ ০ ০

 মহা ধুম-ধামেৰে ক্ষীৰধৰৰ সৰু পুতেকৰ বিয়া পতা হ'ল। বিয়াত খৰচ কৰাত বুঢ়াই কৃপণালি নকৰিলে। বাকীকেইটা পুতেক-জীয়েক কাৰো আগত খৰচৰ বিষয়ে একো উল্লেখ নকৰিলে। বিয়াৰ এমাহৰ আগতে ক্ষীৰধৰে নিজে গৈ ছোৱালীঘৰক কৈ আহিল—‘মোক ছোৱালীজনীহে লাগে। কাপোৰ-কানি-গহনা আদি জোৰোণ ৰূপে আমাৰ ঘৰৰ পৰা আহিব। তাকে পিন্ধি তাই কইনা হৈ আমাৰ ঘৰলৈ যাব। আপোনালোকে কূটা এগচ দিয়াৰ কথাও চিন্তা কৰিব নালাগে. ...। ’ সমাজত প্ৰচলিত নিয়মৰ দোহাই দি ছোৱালীঘৰে আপত্তি তুলিছিল যদিও নৰজিল। বুঢ়াই ন-বোৱাৰীয়েকৰ সকলো বস্তু নতুনকৈ সজাই দিয়াৰ আশ্বাস দি উভতি আহিল।
 কথা মতেই কাম। ক্ষীৰধৰে ছোৱালীঘৰৰ পৰা উভতি আহিয়েই বাৰীৰ ডাঙৰ চেগুণ গছ কটাই বিছনা, আলমাৰিকে ধৰি ন-বোৱাৰীৰ প্ৰয়োজনীয় সকলো আচ্‌বাব বিয়াৰ আগতেই সজাই পেলালে। মাক-বাপেকৰ এজনী ছোৱালী, সুখত উঠিছে, সুখতেই থাকিব। ৰং দি নতুন কৰা ঘৰটোলৈ নিৰ্দিষ্ট দিনত ‘লখিমী’ সোমাই আহিল।