একুৰি এটা গল্প/প্ৰয়োজন
প্ৰয়োজন
চাৰি বছৰীয়া ল'ৰাটোৰ সৰু হোৱা কাপোৰেৰে ঘৰৰ আলমাৰি, ড্ৰয়াৰ, বাছকেট
সকলোবোৰ ঠাহ খাই পৰিছে। অদৰকাৰী কাপোৰৰ দমটো দেখি দেখি তৃষ্ণাৰ
অসহ্য লগা হৈছে। কিন্তু কৰিবনো কি? দিবলৈও কোনো নাই। নিবলৈও কোনো
নাই। দিবনো কাক? বান্ধৱীহঁতৰ স’তে কথা পাতোতে কেতিয়াবা পুৰণা কাপোৰৰ
কথা ওলালে অইনে কোৱা শুনে– “দি দিব লাগে। ঘৰত ৰাখি থ'ব নালাগে। কিন্তু
দিব কাক? পুৰণা কাপোৰ বিচাৰি নাহিলে উপযাচি কাক দিবলৈ যাব? যদি বেয়া
পায়? নিজৰেচোন কেনেবা কেনেবা লাগে!
— “কিয় বাইদেউ! বাবুলালৰ ল'ৰা-ছোৱালীকেইটাকে দিব পাৰেচোন।
সিহঁতৰ কাপোৰ-কানিৰ হেনো বৰ অভাৱ।
ওচৰৰ মায়া নামৰ মানুহগৰাকীৰ কথা মতে তৃষ্ণাই ভাবি চালে। এৰাতো!
বাবুলালৰ ঘৰততো আৰ্জন মাত্ৰ চকিদাৰী কৰি বাবুলালে পোৱা টকাকেইটাহে।
ল'ৰা-ছোৱালী হ’ল পাঁচোটা। গতিকে....।
স-সংকোচে তৃষ্ণা এদিন মায়াৰ লগত বাবুলালৰ ঘৰলৈ গ'ল। উদ্দেশ্য ঘনিষ্ঠতা
আনি অলাগতীয়াল তাইৰ সম্পদখিনিৰে তৃষ্ণাই বাবুলালৰ অভাৱ দূৰ কৰিব।
বাবুলালৰ ঘৈণীয়েক চাৰু ওলাই আহি তৃষ্ণাহঁতক দেখি চকু ডাঙৰ কৰিলে— “ঔ
আই! আজিনো আমাৰ এনে ভাগ্যনে? বাইদেউহঁত নিজে নিজে আহিল?
— এহ কিনো ভাগ্ য! ওচৰতে থাকা। খবৰ এটাকে কৰো বুলি আহিলো—
তৃষ্ণাৰ সংকুচিত মাত।
আথে-বেথে বাবুলালৰ গৃহিণীয়ে মূঢ়া দুটা উলিয়াই আনি দুয়োকে আদৰিলে।
মূঢ়া দুটাৰ শলাবোৰ ওপৰলৈ ওলাই আহিবলৈ ধৰি মানুহ বহিব লগা ঠাইডোখৰ
আৰু দ হৈ পৰিছে। তাতে বহি তৃষ্ণাই ঘৰৰ চৌপাশে দৃষ্টি ফুৰালে।
তিনিফালে তৰ্জা আৰু এফালে গোবৰ মাটিৰে লেপি লোৱা বেৰ। ওপৰত খেৰ
আৰু তাৰ ওপৰত ফুটাৰে পানী নপৰিবলৈ দিয়া নীলা ৰঙৰ প্লাষ্টিকেৰে আৱৰা চাল।
একমাত্ৰ দৰ্জাখন বাঁহৰ ঢাৰিত কামী বান্ধি দিয়া। খিৰিকী বুলিবলৈ দুঠাইত বৰ্গক্ষেত্ৰাকাৰ তিনিটামানকৈ ফুটা। এখন বাঁহৰ চাং। কেইবাঠাইতো ফিচিকি যোৱা কাপোৰ কিছুমানেৰে ঢাকি থোৱা আছে। কোঠাটোৰ এচুকত চৌকা। কাষত খৰিৰ দম এটা। চৌকাৰ ওপৰৰ তক্তা এচলা তাঁৰেৰে ওলমাই, কিছুমান মামৰে ধৰা বিবৰ্ণ [ ৪৭ ] টেমা থোৱা আছে। চৌকাৰ আনটো কাষত কলহ-টেকেলি দুটামান। বাঁহৰ চাংখনৰ
তলত দুখন পীৰা, তামোলৰ ঢকুৱা আৰু বস্তা দুখনমান। বোধহয় বহাৰ আসন।
মুহূৰ্ততে চকু ফুৰাই তৃষ্ণাই মায়ালৈ চালে। তাই চাৰুৰ লগত কথা জমাবলৈ
চেষ্টা কৰিছে। বাবুলালৰ ডেৰবছৰীয়া ছোৱালীজনীয়ে মাকক আমনি দি থকা
বাবে মাকে দুঢকামান দি তাইক ডাঙৰকেইটাৰ ওচৰলৈ আঁতৰাই পঠিয়ালে। তৃষ্ণাৰ
কিবাকিবি ক’বৰ মন গৈছিল। কিন্তু তাই যি ক'ব সেয়াই যেন তাত অখঁজা হৈ
পৰিব। সেয়ে তাই একো নক'লে। মায়াও তৃষ্ণাৰ ওচৰতে বহিলত চাৰু চাহ কৰিবলৈ
চৌকাৰ কাষ পালে।
—‘নাই নাই, চাহ নকৰিবা। আমি এনেয়েহে আহিছিলো। ’
তৃষ্ণাৰ প্ৰবল আপত্তিৰ অন্তত মায়াই ক'লে—“দিবলৈ আছে যদি তামোলকে
দিয়া, সেয়ে হ’ব। চাহ নালাগে।
চাৰু নাচোৰবান্দা— ‘কেলেই হ’ব? আপোনালোক দুয়ো আজি উপযাচি
এই দুখীয়াৰ ঘৰলৈ আহিছে। চাহ একাপ খাবই লাগিব।
কৈ কৈ তাই চাহৰ আয়োজনত ব্যস্ত হ’ল। খুটুং-খাটাংকৈ বিচাৰি বিচাৰি
টেমাকেইটাৰ এটাৰ পৰা বিস্কুটকেইখনমান আনি তাই প্লাষ্টিকৰ প্লেট এখনত থ’লে।
আথে-বেথে গাৰ মলিয়ন চাদৰখনেৰে জুইৰ ওপৰৰ পৰা চচ্পেনটো ধৰি আনি
চাহ বাকিলে আৰু সম্ভ্ৰমেৰে দুয়োলৈ আগবঢ়াই দিলে।
লওঁ–নলওঁকৈ তৃষ্ণাই চাহকাপ তুলি মায়ালৈ চালে। পাৰিবনে চাহকাপ খাব?
আৰু বিস্কুট? নাই নাই, ঘিণ কৰাৰ লগতে তৃষ্ণাৰ মনত দুখো লাগিল। সাঁচতীয়া
বিস্কুটকেইখন সিহঁত অহা বাবেই খৰচ হ’ল। তাইতো কিবা এটা আনিবও
পাৰিলেহেঁতেন! আৰু চাহ কৰোতে খৰচ হোৱা চেনি-চাহপাতখিনি? আয়ৈ দেহি!
মুহূৰ্ততে তৃষ্ণাৰ মনত ঘিণ ভাবটো কমি সহৃদয়তাই ঠাই ল’লে। তাই এঢোক এঢোককৈ
চাহ খাবলৈ ধৰিলে। এখন বিস্কুট তুলি ল'লে। সেমেকিছে। বোধহয় বহুদিনৰ পুৰণি।
তৃষ্ণাক দেখি মায়ায়ো চাহ খাবলৈ ধৰিলে। চাহ খাই তৃষ্ণা আৰু সহজ হ’ল।
—‘তামোল এখন দিয়া। তৃষ্ণাই বাবুলালৰ গৃহিণীক উদ্দেশ্যি ক'লে। চাহ
খাই লগা অকটা ভাবটো যেন তৃষ্ণাই তামোল খাই দূৰ কৰিব!
চাৰুৱে তামোল কাটি থৈছিলেই। সযতনে আগবঢ়াই দিলে। হেৰি নহয়
চাৰু—তোমাৰতো ল'ৰা-ছোৱালী পাঁচোটা! উপাৰ্জনো কম। যদি বেয়া নোপোৱা
মোৰ ল'ৰাটোৰ সৰু হোৱা কাপোৰকেইটামান দিম। ল’বানে?’তৃষ্ণাই অহাৰ উদ্দেশ্য
বেকত কৰিলে।
[ ৪৮ ] —“ঔ আই! নল'মনো কেলেই! দিব আকৌ! আমি আকৌ খুজিবলৈ গ'লে
বেয়া পাব বুলিহে নাযাওঁ। সৰু দুটাৰ গাত কাপোৰ তেনেকৈ নায়েই। বাপেকৰ
দৰমহাৰ টকাকেইটাৰে বাইদেউ খোৱা, পিন্ধা, বেমাৰ-আজাৰৰ চিকিৎসা সকলো
কৰিব লগা হয়। কি কৰিম? জোৰা-টাপলি মাৰি কোনোমতে চলি আছো। ’ তৃষ্ণাই
নিজকে দমন কৰিব নোৱাৰি ক'লে— ‘আৰ্থিক অসচ্ছলতা নিজেহে কৰিছা।
পাঁচোটাকৈ ল'ৰা-ছোৱালী আজিৰ যুগত কি কাৰণে জন্ম দিলা? আঁঠুৱা চাই ঠেং
মেলিব লাগে। এটা বা দুটা হোৱা হ'লে তোমালোকৰ কিমান ভাল হ'লহেঁতেন...!’
চোতালত খেলি থকা শেঙুণনকা, তলৰফালে কাপোৰ নথকা ছোৱালী
চাৰিজনীলৈ চাই চাৰুৱে ক'লে— ‘হওঁতে হয়েই। পিছে আগৰ দুটা মানুহটোৰ
আগৰজনীৰ, পিছৰ তিনিটাহে মোৰ।
— ‘তাৰমানে বাবুলালৰ আগতেও এজনী ঘৈণীয়েক আছিল নেকি?’
— ‘ওঁ আছিল। মোৰেই বাইদেউ আছিল। মৰিল। সেয়ে আই-বোপায়ে
মোকেই বাইদেউৰ লৰা-ছোৱালী দুটা চাবলৈ পঠিয়ালে। তাৰ পাছত মানুহটোৱে
একেবাৰে ৰাখি দিলে। চাৰুৰ সলাজ ভাব। বাইদেউ, মোৰ সৰুজনী ছোৱালী
জন্মৰ সময়ত ডাক্তৰণী বাইদেৱে মোক বৰ টান কথা শুনাইছিল। ল'ৰা-ছোৱালী
কম হলে কিমান ভাল, এইবোৰ কথা কৈছে। কিন্তু ক'লে কি হ’ব? এই
গোটেইজাকেই ছোৱালী। কেৱল ডাঙৰজনীৰ ডাঙৰ সন্তান ল’ৰা। মোৰ নিজৰ
বুলিবলৈ ল'ৰা এটা নাই। ল’ৰাৰ সুখ দিব নোৱাৰিলে মানুহটোৰ আগত মই কিহৰ
মাইকী দম দেখুৱাম?’
– হলেই যেনিবা চাৰিজনী ছোৱালী, তাতে কি হল?
তৃষ্ণাৰ বুজনি। বায়েৰাৰ মৃত্যুৰ পাছত তুমিয়েই জানো ইহঁতৰ মাক নোহোৱা? অযথা দুখ নকৰিবা।
তোমাৰ ঘৰত ডাঙৰজনীৰ হলেও এটা ল'ৰা আছেই। আৰু আজিকালি
ল'ৰা-ছোৱালীৰ মাজত ভেদ ভাব নাৰাখে নহয়! ল'ৰা যি ছোৱালীও সেয়েই।
অযথা দুখ নকৰিবা বুজিছা। এতিয়া ল'ৰাৰ বাবে হা-হুতাশ নকৰি
ছোৱালীকেইজনীকে মানুহ কৰিবলৈ পাৰ্যমানে চেষ্টা কৰা। তুমিও পাৰিলে তাঁত-সূত
এখন লগাই লোৱাচোন। আমিয়েই দিম নহয় ব’বলৈ। বোৱনীৰ বাবদ টকাও পাবা
আৰু নিজলৈও হ'ব।
পিছদিনালৈ বাবুলালৰ ল'ৰাটোক তৃষ্ণাৰ ঘৰলৈ পঠিয়াই দিবলৈ কৈ তেওঁলোক
দুয়ো উঠিল। বাবুলালৰ ঘৈণীয়েকে সসম্মানেৰে দুয়োকে আগবঢ়াই দিলে।
আহোতে বাটত তৃষ্ণা আৰু মায়াই বাবুলালহঁতৰ দৰে অৰ্ধশিক্ষিত মানুহখিনিৰ
অজ্ঞতাৰ কথাকে আলোচনা কৰিলে। সিহঁতৰ অজ্ঞতাক তৃষ্ণাই সমবেদনাৰ [ ৪৯ ]
মনোভাৱেৰে ল'লে যদিও মায়াই সিহঁতৰ মনোভাৱৰ প্ৰতি বিৰক্তি প্ৰকাশ কৰিলে।
তাই ক'লে—'বাইদেউ, ইহঁতক আপুনি বুজাই নোৱাৰে। এইশ্ৰেণী মানুহৰ মনত
এবাৰ কিবা এটা সোমালে সতকাই আঁতৰি নাযায়। '
—‘নাই নহয়, মায়া। তাই এতিয়া বুজিছে। দেখা নাই, ডাক্তৰণীৰ
সাৱধানবাণীৰ কথা তাই কেনেকৈ দোহাৰিছে....! সি যি নহওক,
ল'ৰা-ছোৱালীকেইটা বিপথে নগ'লেই হয়। '
পিছদিনা বাবুলালৰ ল'ৰাটোৰ হাতত তৃষ্ণাই প্ৰয়োজনতকৈ বেছিকৈ
কাপোৰ-জোতা-ছেণ্ডেল আৰু মাকলৈ বুলি নিজৰে শাড়ী, পেটিকোট, ব্লাউজ
কেইটামান দি পঠালে। লগতে দুপেকেটমান বিস্কুট। তৃষ্ণাই সহৃদয়তাৰে আশা
কৰে তাইৰ অপ্ৰয়োজনীয়খিনিৰে অন্ততঃ বাবুলালৰ সংসাৰখন কিছু হলেও
টনকিয়াল হওক। যাবৰ পৰত তাই ল'ৰাটোক সস্নেহে ক'লে— ‘মাৰক কবি,
কেতিয়াবা কিবা দৰকাৰ পৰিলে খবৰ দিব, বুজিছ?’
মাজতে আঠমাহমান পাৰ হ’ল। নানা ব্যস্ততাই তৃষ্ণাক বাবুলালহঁতৰ চিন্তাৰ
পৰা আঁতৰাই ৰাখিছিল যদিও মাজে মাজে তাই ল'ৰা-ছোৱালীকেইটাক মাতি কিবা
দি পঠাইছিল। সিহঁতৰ সঘন আহ-যাহ অৱশ্যে তৃষ্ণাই বিচৰা নাছিল। কিন্তু হঠাৎ
এদিন ৰাতিপুৱা বাবুলাল আহি দুৱাৰমুখত উপস্থিত। কি হ'ল? কোনোদিনেই তৃষ্ণাহঁতৰ
এলেকালৈ নহা বাবুলাল যে আহিল তাইৰ ঘৰলৈ! তৃষ্ণাই তাক অহাৰ কাৰণ সুধিলে।
—‘বাইদেউ, টকা ৫০০ মান লাগিছিল। মানুহজনীয়ে আপোনাক ক'বলৈ
কৈছে বাবে আহিলো। '
— 'কিয়, হঠাৎ 'ইমান টকা যে?
— 'বাইদেউ মানুহজনীৰ ডেলিভাৰী পেইন আৰম্ভ হৈছে। হাস্পতাললৈ
নিব লাগে। হাতত টকা এটাও নাই। মানুহজনীয়ে আপোনাৰ ওচৰলৈকে আহিবলৈ
কোৱা বাবে আহিলো। '
—‘আকৌ ডেলিভাৰী....?'
—বাইদেউ, কি কৰিম? তাইক নিজৰ ফালৰ ল'ৰা এটা লাগে। এইবাৰ
ভগৱানে চকু মেলি চায়েই নেকি? পাৰে যদি বাইদেউ টকা অলপ দিয়ক।
তৃষ্ণা অলপ পৰ থকমি ৰ'ল— 'নাই বাবুলাল, আমাৰো দৰমহা হোৱা নাই।
পইচা একেবাৰেই শেষ! তুমি আনফালেহে যোৱা। '
বাবুলাল তলমূৰকৈ অহা বাটেৰে ঘূৰি যোৱাৰ ফালে চাই তৃষ্ণাৰ মনত
বাবুলালহঁতৰ ঘৰৰ পৰা ঘূৰি আহোতে মায়াৰ মনত ওপজা বিৰক্তি উপজিল।
তাই খং ভাৱেৰে সি যোৱাৰ ফালেই কিছুপৰ চাই থাকিল।