একুৰি এটা গল্প/মুচী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ ৫৫ ]

মুচী

  ডাঙৰ বেজীটো বিচাৰি লীলাই খচ্‌মচাই ফুৰা দেখি কিতাপত মূৰ গুঁজি থকা মালাই খেংখেঙাই উঠিল ‘নিজেতো পঢ়া-শুনা নকৰই। আনকো ডিষ্টাৰ্ব দি থাক। কি লাগে তোক? কি বিচাৰি খচমচাই ফুৰিছ?’
  — মনে মনে থাকচোন। দেউতাই শুনিব। মই ডাঙৰ বেজীটো ইয়াতে থৈছিলো (কেলেণ্ডাৰত খুঁচি থোৱা ঠাইখিনিলৈ আঙুলিয়াই তাই কলে)। নাই, ক'লৈ গল?
  — এতিয়া বেজীৰে কি কৰ?
  — লাগে। কাম এটা আছে।
  — মালাই তাইৰ টেবুলত পাৰি থোৱা প্লাষ্টিকৰ কাপোৰখনৰ তলৰ পৰা বেজীটো আনি দিলে— হোঁ, নে। কিহৰ মূৰটো চিলাৱ চিলাগে। মোক দিগ্‌দাৰি নিদিবি।
  — জেগাত বস্তু থ’লে জেগাত নাথাকে। বস্তু বিচাৰি হাবাথুৰি খাব লাগে। এতিয়া ...?
  —এতিয়া কি? বহীৰ পাতকেইখিলামান ওলাই গৈছিল বাবে আনি চিলাইছিলো। থ’বলৈ আকৌ উঠি যাম নেকি? সেয়ে ইয়াতে থৈছিলো।
  — পঢ়োঁতে পঢ়োঁতে বিদ্যাসাগৰৰ বহীৰ পাতেই এৰাল (লীলাই মালাক একেৰাহে পঢ়া টেবুলত মূৰ গুঁজি থকা বাবে বিদ্যাসাগৰ নাম দি জোকায়)।
  — তোৰ দৰে ফেল মাৰি ঘৰতে বুঢ়ী হ’বৰ মোৰ ইচ্ছা নাই। পঢ়া-শুনাৰ নাম নাই। কেৱল দাদাগিৰি...।
  — অই। মই নপঢ়িলো তোৰ কি হ’ল? মই কাম কৰিছোতো। ঘৰৰ সকলো কামেই মই কৰো। পঢ়ি-শুনি কেইজন মানুহ ডাঙৰ হৈছে...?
  কাষৰ কোঠাত খবৰ কাগজ পঢ়ি থকা মহীধৰে গল হেকাৰি এটা নমৰা হলে সিহঁতহালৰ উখনা-উখনি আৰু বাঢ়িলহেঁতেন। লীলা, মালা, নীলা আৰু উৰ্মিলা। মহীধৰৰ চাৰিজনী ছোৱালী। ডাঙৰজনী লীলা। মেট্ৰিকটো দুবাৰৰ মূৰত পাছ কৰি হায়াৰ ছেকেণ্ডাৰী দি আছে। পাছ কৰিব পৰা নাই। ঘৰৰ কামত বৰ নিচা। ঘৰ সজোৱা, ৰন্ধাবঢ়া, কাপোৰত ফুল-জালি তোলা, ঊল গোঁঠা, তাঁত আদি কোনো কামতে তাইক পিছ পেলাব নোৱাৰি। তাইৰ পঢ়া-শুনাত জোৰ [ ৫৬ ] দিবলৈ মাকৰো বৰ আগ্ৰহ নাই। বোধ হয় হাতৰ লাচনি-পাচনী হয় বাবেই নেকি? মহীধৰেও শুই উঠাৰে পৰা শুবলৈ যোৱাৰ পৰলৈকে সকলো বস্তু আৰু কাম নিজ ঠাইত আৰু সুকলমে সম্পন্ন হৈ থাকে বাবেই চাগৈ লীলাৰ পঢ়াৰ ক্ষেত্ৰত বাকীকেইজনীক কৰাৰ দৰে জোৰ নকৰে। এয়া জ্যেষ্ঠ সন্তানৰ প্ৰতি থকা অজানিত দুৰ্বলতাও হ'ব পাৰে। অথবা কমকৈ হ'লেও লীলাৰ মাক আৰু মহীধৰ স্বাৰ্থপৰ নেকি? হ’বও পাৰে!
  আধা ফুটমানৰ পৰ্দাৰ ফাঁকটোৰে মহীধৰে লক্ষ্য কৰিলে মুখামুখিকৈ থকা সিটো ৰূমৰ মাটিত বহি লীলাই ডেণ্ড্ৰাইট, ডাঙৰ বেজী-সূতা, সৰু হাতুৰি এটা আৰু ৰং আৰু ব্ৰাছ গোটাই লৈ লেপেটা কাঢ়ি বহি আধা পুৰণি ছেণ্ডেল দুযোৰ মেৰামতি কৰিবলৈ ধৰিছে। মহীধৰৰ বুকুখন অকণমান বিষাই গ'ল। শিক্ষকতাৰে পোৱা দৰমহাকেইটাৰে সি ছজনীয়া পৰিয়ালটো টানিব নোৱৰা হৈছেগৈ। বস্তুৰ যি জুই-ছাই দাম! চাৰিজনীকে গাভৰু ছোৱালীৰ পিন্ধা-উৰা, পঢ়া-শুনাৰ খৰচ। লক্ষ্মী ছোৱালী দেহি! মহীধৰৰ লীলাক সহায় কৰি দিবৰ মন গ’ল। কিন্তু পিছপাকতে তাৰ গহীন-গম্ভীৰ ভাবৰ মুখা(!) জীয়েকহঁতৰ আগত সুলকি পৰে বুলি ভাব হোৱাত লৰচৰ নকৰি এক মনে গোপনে জীয়েকৰ কাম চাবলৈ ধৰিলে।
  মুখা! এৰা, মহীধৰে নিজকে এনে এটা গোমোৰা ভাবত আৱৰি ৰাখে যাতে ঘৈণীয়েক-জীয়েকহঁতে সহজে তাক একো ক'ব নোৱাৰে। আটায়ে যেন ভয়তে কুচি-মুচি থাকে। অপ্ৰয়োজনত জীয়েকহঁতৰ আগত এষাৰো কথা নকয়। পৰিবাৰৰ কথা সুকীয়া। কিন্তু জীয়েকহঁত ডাঙৰ হৈ অহাৰ লগে লগে ঘৈণীয়েকৰ লগতো সি মন খুলি কথা নপতা হ’ল। নহলে হয়তো আধুনিক যুগত ডাঙৰ হ’বলৈ ধৰা গাভৰু জীয়েকহঁতৰ ফৰমাইচ পূৰণ কৰি সি নিঃস্ব হৈ পৰিলহেঁতেন! ভাবে সি। লীলা-মালাহঁতে স্কুল-কলেজৰ কিতাপ, ফিজ আদিৰ বাহিৰে সেয়ে অতি প্ৰয়োজনীয় বস্তুটোৰ কথাহে লাগে বুলি দেউতাকৰ আগত কয়। ছোৱালীহঁতে দেউতাকৰ অনুপস্থিতিত মাকৰ আগত কিবা অবান্তৰ দাবী কৰিলেও মাকেও এই বিষয়ত লাই নিদিয়ে। গতিকে কয়হে, কামত একো নাই। প্ৰয়োজন মতে দেউতাকে যিখিনি অনুমোদন কৰে, সেইখিনিয়েই...।
  লীলাই ছেণ্ডেলযোৰ মেৰামতি কৰি উঠি ‘বৰ ভাল কাম এটা কৰিলে’ — এনে ভাবত সৰু হাতুৰিটোৰে এনেয়ে এবাৰ খটখট শব্দ কৰি ভনীয়েকলৈ চালে। তায়ো বিৰক্তিৰে লীলালৈ এবাৰ চাই আকৌ পঢ়াত মন দিলে।
[ ৫৭ ]   — ঐ, নাচাৱ কিয়?
  — বা, কাইলৈ মোৰ পৰীক্ষা আছে বুলি তই নাজান? কিয় দিগদাৰি কৰিছে? অকণমান ওলাই যাচোন।
  লীলাৰ এনে লাগিল যেন অত আগ্ৰহ, কষ্ট এনেয়ে গ'ল। তায়ো জানে, ভনীয়েকৰ কাইলৈ পৰীক্ষা। কথাটো মনলৈ অহাৰ লগে লগে তাইৰ মনত পৰিছিল পোন্ধৰ দিনমান আগতে কলেজলৈ কিবা কামত গৈ ঘূৰি আহোঁতে বাটত মালাৰ ছেলে এপাট ছিগিছিল। ইয়াৰ আগতে এবাৰ মুচীৰ ওচৰলৈ নিওঁতে মুচীয়ে ছেলেযোৰ ঘূবাই-পকাই চাই কৈছিল — নাই দিদি, এইযোৰৰ কাম নাই। চলিব পৰা কৰি দিব পাৰো। কিন্তু ইয়াৰ পাছত নচলে। পঁচিশ টকা লাগিব। মুচীটোৱে ছেণ্ডেলেযোৰ হাতত লৈ ঘূৰাই-পকাই চাই মন্তব্য দিয়াৰ দৃশ্যটো দেখি লীলা-মালা দুয়োৰে লাজ লাগি গৈছিল। ধেৎতেৰি, ফটা ছেণ্ডেল এযোৰ লৈ এনেদৰে ঘূৰিব পাৰি নেকি?
  মালাৰ কথাত লীলাই বুজনি দিছিল— হ’ব দে, এইবাৰ দিয়কচোন সি ঠিক কৰি। পাছত দেখা যাব। মাক ক'ব লাগিব। মোকো এযোৰ লাগে।
  — সেই বাবেইতো একো নহয়। মোৰযোৰ ছিগাৰ লগে লগে তোৰো নাইকিয়া হ'ল।
  এযোৰ ছেণ্ডেলৰ প্ৰয়োজন। অৱশ্যে জোৰা-টাপলি মাৰি চলি আছেই। এনেয়েও তাইৰ বৰ বাহিৰলৈ যোৱা কাম নাথাকেই। মালাই কথাটো কোৱাৰ বাবেহে সুৰ মিলাইছিল।
  সেই যে মুচীটোৱে ঠিক কৰি দিলে, সেই ছেণ্ডেলযোৰেৰে মালাৰ আৰু তিনি মাহ গ'ল। মহীধৰৰ তিনি মাহৰ দৰমহা শেষ হ’ল। মাকে কোৱাৰ পাছতো মহীধৰৰ হাতত ছেণ্ডেলৰ বাবে পইচা নাথাকেগৈ। মহীধৰে উপলব্ধি কৰে — বহুদিন হ’ল জীয়েকহঁতৰ কাপোৰ, ছেণ্ডেল, বেগ আদি নতুনকৈ আনি নিদিয়া।
 পোন্ধৰ দিনমান আগতে কলেজৰ পৰা অহাৰ পাছত মালাই মাকৰ আগত নতুন ছেণ্ডেল নিদিলে পৰীক্ষা দিবলৈ নাযাওঁ বুলি দপ্‌দপাই পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰাত মনোনিৱেশ কৰিছিল। এইকেইদিনত তাই বাহিৰলৈ যাব লগাও হোৱা নাছিল। সেয়ে হয়তো তাই আৰু ঘৰৰ বাকীবোৰেও ছেণ্ডেলৰ কথা মনত পেলোৱা নাছিল। লীলাৰ কথাটো মনত পৰোঁতেই মালা আৰু তাইৰ দুয়োৰে ছেণ্ডেল দুযোৰ মুচীতকৈ উন্নত ৰূপত নহ'লেও যথেষ্ট ভালকৈ মেৰামতি কৰি, ৰং-পলিচ দি ভনীয়েকৰ পৰা বাঃ বাঃ ল’বৰ মন কৰিছিল।
[ ৫৮ ]   লীলা ওলাই আহিল। তায়ো বাপেকক সহায় কৰিব খোজে। ধন ঘটিব নোৱাৰিলেও থকাখিনিকে টুক-টাক কৰি তাই বাপেকৰ ভাৰ কিছু পাতলাব খোজে। আজিকালি চাকৰিৰ আকাল দেখিহে তাইৰ পঢ়া-শুনা কৰি ডিগ্ৰী আৰ্জনৰ প্ৰতি অনীহা। পঢ়ি উঠিয়ে চাকৰি পোৱাৰ নিশ্চয়তা থকাহেঁতেন হয়তো তাই খুব ভালদৰেই পঢ়িলেহেঁতেন।

 ন বজাৰ লগে লগে ভাতৰ পাতত বহা সিহঁতৰ অভ্যাস। মালায়ো সাময়িকভাৱে পঢ়া সামৰি ভাত খাবলৈ বুলি মাকৰ আহ্বানক্ৰমে উঠি আহিল। ভাতৰ পাতত দেউতাকে সস্নেহে মালাক পিছদিনাৰ পৰীক্ষাৰ বাবে যাৱতীয় যোগাৰ তেতিয়াই কৰি থ'বলৈ ক'লে। কলম, পেঞ্চিল, স্কেল, পানীৰ বটল, ৰুমাল, পিন্ধা কাপোৰ ইত্যাদি। লগতে পুৱালৈ ঘড়ীত এলাৰ্ম দি থ’বলৈও ক'লে। তেতিয়াই ঘপহকৈ মালাৰ মনত পৰি গ'ল— দেউতা, কালিলৈ পিন্ধিবলৈ মোৰ ছেণ্ডেল নায়েই। কি হ’ব? তাই মুখ ওফোন্দালে— কতদিন ক'লো, এযোৰ কম দামী হলেও নতুন ছেণ্ডেল দিবলৈ। তোমালোকৰ কাণসাৰেই নাই। মই কি পিন্ধিম? মালাই কোৱাৰ লগে লগে মাকেও শলাগিলে।

  — এৰাতো, ময়ো কথাটো পাহৰিছিলোৱেই। তাইৰ ছেণ্ডেলযোৰ ছিগি যোৱা কেইবাদিনো হ’ল। দুদিনমানো মই আপোনাক কথাটো কাণ চোৱাইছিলো। কাইলৈ এতিয়া...।
  মহীধৰে বিব্ৰতবোধে লীলালৈ চালে। কিজানিবা কিবা হৈছেই! তলমূৰ কৰি ভাত খাই থকা লীলাই গহীন সুৰত ক'লে— এইবাৰলৈ চলিব। কোনোমতে ঠিক কৰি দিছো। পঁচিশ টকা লাগিব।
  — মানে? দুই-তিনিখন মুখৰ পৰা সৰি পৰিল।

  মানে আৰু কি? বেজী বিচাৰি খচ্‌মচাই ফুৰা বুলি বিদ্যাসাগৰে কম কথা শুনাইছিলনে? তোৰ ছেণ্ডেলযোৰ মেৰামতি কৰিবলৈ গৈ তোৰ পৰাই কত কথা শুনিলো। দুদিনমান পিন্ধিব পৰা হৈছেগৈ। দেউতা, পাৰিলে দৰমহা পালে তাইকে ছেণ্ডেল এযোৰ দিবা। মই তাইৰ পুৰণিযোৰেৰে চলিম...।

  মহীধৰৰ জীয়েকৰ প্ৰতি মৰম উথলি উঠি ভাতৰ গৰাহটা বহু সময় ডিঙিতে বাজি থকা যেন লাগিল।