একুৰি এটা গল্প/জোতা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ ১২৫ ]

জোতা

 ‘এইবোৰ অশুভ কাৰ্য। আৰু ই এক অশুভ পৰম্পৰাত পৰিণত হ'ব ধৰিছে। এনেধৰণৰ ধাৰাবাহিক কাণ্ডই সমাজত বিশৃংখলতাৰ সৃষ্টি কৰে। ইয়াক বাঢ়ি যাবলৈ দিব নোৱাৰি। এইবোৰ কাৰ্যৰ কঠোৰ শাস্তি বিধানৰ ব্যৱস্থা হ'ব লাগে। এনেয়েও আমাৰ দেশখনত কম হুলস্থূলনে? তাতে আকৌ এই কম দিনৰ ভিতৰতে জোতা দলিয়াই বিক্ষোভ প্ৰদৰ্শন কৰাৰ ধুম উঠিছে। কেন্দ্ৰীয় মন্ত্ৰী পি, চিদাম্বৰমলৈ পোন প্ৰথমবাৰৰ বাবে জানাইল সিং নামৰ ভাৰতীয় সাংবাদিক এজনে জোতা নিক্ষেপ কৰি জাতীয় ক্ষোভ প্ৰকাশ কৰিলে। চিদাম্বম অতি বিচক্ষণ আৰু জ্ঞানী লোক। পৰিস্থিতিৰ গুৰুত্ব আৰু সময়ৰ হিচাপ বুজি তেওঁ ততালিকে অভিযুক্তৰ ফালে চাই সুন্দৰ হাঁহি এটি মাৰিলে। নাটকীয় মুহূৰ্ত; কিন্তু পূৰ্ব-পৰিকল্পিত নহয়। বহুতৰে মন চিদাম্বৰমৰ সেই হাঁহিয়ে মুহি পেলালে। মোৰো। নেতা হিচাপে থাকিবলগীয়া স্থিৰতা, ধৈৰ্য আৰু বিচক্ষণতা তেওঁৰ আছে। কিন্তু সেই বুলিয়েই ইয়াৰ প্ৰতিবাদ নোহোৱাটোও উচিত নাছিল। সেই ঘটনাৰ জেৰ টানিয়েই আমাৰ সমাজত জোতা আক্ৰমণ এক ফেশ্বন বা পৰম্পৰা হৈ পৰিব ধৰিছে। ই বৰ বেয়া লক্ষণ। ইয়াক বাঢ়ি যাবলৈ দিব নোৱাৰি, আমি শাসনত থাকোতে এনে কাৰ্য সংঘটিত কৰাজনক কঠোৰ শাস্তি প্ৰদান কৰিম। চিদাম্বৰমৰ পাছত আদৱানী আদিকে কৰি ভালেমান নেতা জোতা আক্ৰমণৰ লক্ষ্য হৈছে। আৰু হবলৈ দিব নোৱাৰি। আমি সকলোৱে মিলি এই কাৰ্যৰ প্ৰতিবাদ কৰো আহক আৰু আহক, আমি আমাৰ দেশখনক খ্যাতিৰ উচ্চ শিখৰলৈ লৈ যাওঁ—মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণে ৰভাতলত থকা সহস্ৰাধিক মানুহক আপ্লুত কৰিলে। প্ৰবল হৰ্ষধ্বনি আৰু কৰতালিৰ মাজত দুই মিনিটমান সময় একো নুশুনা হ’ল। আকৰ্ণ বিস্তৃত হাঁহি এটা মাৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ সতীৰ্থলৈ চাই গৰ্ভৰা মাতেৰে ভাষণৰ শেষাংশ আৰম্ভ কৰিবলৈ লওঁতেই কৈ জোতা এপাত আহি তেওঁ ভাষণ দি থকা ডেক্সখনতে পৰিল। চমকি উঠি মুখ্যমন্ত্ৰী দুখোজ পিছুৱাই গ'ল আৰু লগে লগে এক ডজনৰো অধিক ৰক্ষী দৌৰি গল আক্ৰমণৰ উৎস স্থানৰ ফালে। দৰ্শকৰ মাজতো উত্তেজনাই ঠাই পালে। অত্যুৎসাহী দৰ্শকৰ কেইজনমানে ঠাইডোখৰলৈ নিৰাপত্তাৰক্ষী গৈ পোৱাৰ আগতেই মানুহজন, যিয়ে জোতা দলিয়াইছিল, ধৰি পেলালে। ইতিমধ্যে ৰক্ষী আৰু কৰ্তব্যৰত বিষয়া দুজনমানে গৈ ৰাইজৰ হাতৰ পৰা অভিযুক্তক কৰায়ত্ত [ ১২৬ ] কৰিলে। মুখ্যমন্ত্ৰীৰ মুখৰ ভাব পৰিৱৰ্তনৰ ইংগিত বুজি মানুহজনক শীঘ্ৰে তাৰ পৰা আঁতৰাই নিয়া হল।
 সভাৰ কাম পুনৰ আৰম্ভ হ’ল। মুখ্যমন্ত্ৰীয়ে ভাষণৰ বাকীখিনি আৰম্ভ কৰি গলহেঁকাৰি এটা মাৰি সন্মুখৰ জনতাক সম্বোধন কৰিলে ৰাইজ, সভাৰ মূল আকৰ্ষণ মুখ্যমন্ত্ৰীৰ ভাষণ শেষ হোৱাৰ লগে লগে মানুহখিনিৰ মন জোতা নিক্ষেপৰাজনৰ প্ৰতি ধাৱমান হ’ল। প্ৰায়খিনিয়ে সভাৰ পৰৱৰ্তী ভাষণত মনোনিৱেশ নকৰি নিজৰ মাজতে দুৰ্কপলীয়াজনৰ বিষয়ে আলোচনা কৰিবলৈ ধৰিলে।
 সেইদিনা বৰ বৰ হৰফেৰে ঘটনাটোৱে এটা মুখ্য খবৰৰূপে সান্ধ্য বাতৰি কাকতত ঠাই পালে। যিয়ে বাতৰি কাকত পঢ়ে, তেওঁলোকে পঢ়িবলৈ পালে জোতা নিক্ষেপ কৰাজনক থানাৰ লআপত থোৱা হৈছে। কালিলৈ দুপৰীয়া দণ্ডাধীশৰ সন্মুখত তেওঁক হাজিৰ কৰোৱা হ’ব আৰু বিচাৰত দণ্ডাধীশৰ ৰায়েই চূড়ান্ত হ’ব। অৱশ্যে অভিযুক্তই ইচ্ছা কৰিলে নিজ পক্ষ সমৰ্থনত উকীল ল’ব পাৰে। তাৰ পাছত আছে বাতৰিটোৰ ওপৰঞ্চি হিচাপে সংবাদদাতাৰ নিজা মন্তব্যৰ দুটামান লাইন।

∘∘∘

 জিলা দণ্ডাধীশৰ আদালত কক্ষৰ ভিতৰ বাহিৰ লোকে লোকাৰণ্য। সহখিনিয়েই যুৱক। এনেবোৰ খবৰ আৰু ঘটনাৰ বাবে আজিকালি বয়সীয়া মানুহবোৰৰ উৎসাহ কমি গৈছে। তেওঁলোকে দেখিও নেদেখা, শুনিও নুশুনাৰ দৰে থাকি মাত্ৰ দুই-চাৰিজনীয়া ক্ষুদ্ৰ ক্ষুদ্ৰ গোটৰ আড়াত ভুনভুনীয়া মাতেৰে এইবোৰৰ বিষয়ে আলোচনা কৰে। উশৃংখলতম পৰ্যায়লৈ যাবলৈ ধৰা যুৱচামক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে আজিকালি কথা কোৱাৰ প্ৰয়োজন অনুভৱ নকৰে। আদালত কক্ষৰ ভিতৰে বাহিৰে সেয়ে ভিৰ কৰিছেহি জাকে জাকে সাংবাদিক আৰু যুৱক-যুৱতীসকলে। অৱশ্যে বৃদ্ধসকলক প্ৰতিনিধিত্ব কৰিবলৈ যেন আৰক্ষীৰ আহ্বানত সাক্ষ্যদানৰ বাবে দুই-চাৰিজন বৃদ্ধ আহি আগৰ পৰাই আসন দখল কৰিছেহি। উৎকণ্ঠিত জনতাৰ মাজত সৰু সৰু গোটত বিভক্ত হৈ চলিছে ভুনভুনীয় আলোচনা। অভিযুক্তজনক কোনেও সেইদিনা ভালদৰে দেখাই নাছিল। কোন হ’ব পাৰে এই দুস্কৃতিকাৰী। স্থানীয় মানুহ হ'লে চিনি পাবলৈ অসুবিধা নহয়। সেয়ে মানুহখিনি ৰৈ আছে চাৰে এঘাৰ বজালৈ।
 দুখন পুলিচৰ জীপগাড়ী অগাপিছাকৈ আহি উপস্থিত হ’ল। মানুহবোৰৰ মুখবোৰ যথাসম্ভৱ দীঘল কৰি দিয়া ডিঙিটোৰ ওপৰত উঠি জীপগাড়ীৰ আৰোহীৰ [ ১২৭ ] ফালে ঘূৰিল। পাছত থকা জীপগাড়ীখনৰ পৰা হাতত হেণ্ডকাফ লগোৱা অভিযুক্তক নমাই অনা হ’ল। কচাইব বলিশাললৈ নিয়া ছাগলীৰ দৰে অপ্ৰয়োজনীয়ভাৱে টানি টানি নি কনিষ্টবল এজনে মানুহজনক দণ্ডাধীশৰ টেবুলৰ আগৰ গৰাল এটাত সুমুৱাই দিলে। কক্ষৰ বাহিৰত থকা মানুহবোৰে দৰ্জা-খিৰিকীৰ মাজেৰে মুখ উলিয়াই জুমা-জুমি কৰিলে। ফুচফুচীয়া আলোচনাও চলিল। সকলো হতবাক। অপৰাধী এৱেঁইনে?বাংগালোৰত কম্পিউটাৰ ইঞ্জিনিয়াৰিং শিকি ঘৰৰ যথাসৰ্বস্ব ধ্বংস কৰি পথৰ ভিকহু হোৱা অভিনৱ বৰা নহয় জানো এইজন? হয় হয়, তেৱেঁই। ইস্! দাড়িয়ে চুলিয়ে ভেবোকাৰ হৈ পৰিছে। পিন্ধি থকা জিছ পেন্টটোৰ কেইবাঠাইতো উৱলি গৈছে। কিনোতে তাৰ দাম নিশ্চয় বহুত আছিল। পেন্টৰ ওপৰত এটা হলৌ মলৌ পাঞ্জাবী চোলা। গাঢ় সেউজীয়া ৰঙৰ। মলিৰ ডাঠ প্ৰলেপৰ বাবে চোলাটোৰ ওপৰত থকা এইডাৰীখিনি মণিব নোৱৰা হৈছে। হাতৰ আঙুলিত তামৰ আঙঠি এটা আৰু সোঁহাতত শিখসকলে পিন্ধাৰ দৰে খাৰু এপাট, বোধহয় এলুমিনিয়ামৰ। মানুহজনৰ মুখখনত কোনো ভাবাৱেগ নাই। চকুদুটাও নিৰ্বিকাৰ। নাকৰ পোনে পোনে চাই আছে যদিও কাৰো প্ৰতি দৃষ্টি নিক্ষেপ কৰা নাই। উদ্ভান্ত অথবা আলস্য একোৱেই নাই। নিৰ্বিকাৰ এটা প্ৰতিমূৰ্ত্তিহে যেন।
 আদালত কক্ষ পুনৰ সাৰ পাই উঠিল। বিচাৰপতি আহি আসনত উপবিষ্ট হৈ মানুহজনৰ ফালে চালে। চৰকাৰী পক্ষৰ উকীলে মোকৰ্দমাৰ কাগজ-পত্ৰ আনি মেজত থলে। দণ্ডাধীশৰ আদেশত বিচাৰ আৰম্ভ হ’ল। চৰকাৰী পক্ষৰ উকীলে সবিস্তাৰে ঘটনা বৰ্ণনা কৰি সাক্ষী স্বৰূপে সেইদিনা সভাত উপস্থিত থকা কেইজনমান মানুহক থিয় কৰালে আৰু স্পষ্ট প্ৰমাণৰূপে নিক্ষেপ কৰা জোতাপাট আৰু এটা ভিডিঅ’ কেছেট, য'ত সাংবাদিকসকলৰ কেমেৰাত বন্দী হৈছিল উক্ত ঘটনা। বিচাৰকে আপত্তি দৰ্শাবৰ কোনো থল নাই। প্ৰত্যেকটো প্ৰমাণ অভিযুক্ত বিপৰীতে। অভিযুক্তই দোষ খণ্ডন কৰিবলৈ কোনো উকীলো ধৰা নাই। এনেস্থলত কাল বিলম্ব নকৰি আদেশ শুনোৱাহে কথা। কিন্তু বিচাৰৰ নিয়মমতে আত্মপক্ষ সমৰ্থনৰ সুযোগ দিবই লাগিব। বিচাৰকে গহীনাই ক'লে—তুমি তোমাৰ সমৰ্থনত এজন উকীল নিয়োগ কৰি নিজকে সুৰক্ষিত কৰা।
 চন্তৰী এজনে কাঠগড়াৰ ওচৰলৈ গৈ মানুহজনে উকীল ল’বনে নল’ব সুধিলে। উত্তৰত মাথোঁ তেওঁ কঠোৰভাৱে মূৰ লৰালে, অৰ্থাৎ নালাগে। আদালত কক্ষৰ গুণগুণনি আৰু ভৰদুপৰীয়াৰ প্ৰচণ্ড গৰমে বিচাৰকক অতিষ্ঠ কৰি তুলিলে। তেওঁ কিছু কঠোৰ মাতেৰে সুধিলে—তুমি জানানে, মাৰ এই দোষৰ বাবে কি [ ১২৮ ] শাস্তি হ’ব পাৰে? তিনিবছৰ পৰ্যন্ত কাৰাবাস, যিখিনি সময় হয়তো হ’ব পাৰে ভোমাৰ জীৱনৰ আটাইতকৈ মূল্যবান সময়। সেয়ে কৈছো, তুমি অন্ততঃ তোমাৰ নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ চেষ্টা কৰা।
 এইবাৰ অভিযুক্তই তেওঁৰ ফালে মূৰ তুলি চালে আৰু দ্বিধাহীন মাতেৰে ক'লে— আপুনি মোৰ কথা শুনিবলৈ যদি সঁচাকৈ ইচ্ছুক, তেন্তে আপোনাৰ ৰায়দানৰ পাছতহে মই মোৰ বক্তব্য ৰাখিম।
 —এয়া হ'ব নোৱাৰে; ৰায়দান কৰাৰ পাছত কোনো দলিল গ্ৰাহ্য নহয়। তোমাৰ ক'বলগীয়াখিনি এতিয়াই কোৱা। তুমি জনা উচিত যে তোমাৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি তোমাৰ ওপৰত অনা আৰোপৰ পৰিণামত হীন-ডেঢ়ি হ’ব পাৰে।
 —সেয়া মই নিবিচাৰো মহাশয়।
 —তুমি বিচৰা নিবিচৰাৰ ওপৰত আইনে নিজৰ নীতি সলনি নকৰে। মই তোমাক শেষ বাৰৰ বাবে সুযোগ দিছো, তুমি তোমাৰ বক্তব্য ৰাখা।
 —হে মহামান্য আদালত, মই কৰা কাৰ্যৰ বাবে শাস্তি বিধান হ’বই। সেয়া মই জানো। গতিকে মোৰ কৃতকৰ্মৰ বাবে নিৰ্ধাৰিত যি শাস্তি, সেয়া মই মোৰ বক্তব্য ৰখাৰ পাছতো অক্ষুন্ন থাকিব বুলি বিচাৰপতিয়ে ঘোষণা কৰিলে মোৰ কথা কোৱাত আপত্তি নকৰো।
 এইবাৰ বিচাৰক বিমোৰত পৰিল। ক্ষন্তেকতে মনৰ মাজত যিবোৰ পুথি অধ্যয়ন কৰি আহি দণ্ডাধীশ হৈছেহি সকলো ওলট-পালট কৰি চালে। এনেধৰণৰ আচামীৰ পূৰ্ব ৰেকৰ্ডো নাই। উপায়ান্তৰ হৈ তেওঁ এক ঘণ্টাৰ বাবে আদালত স্থগিত ৰখাৰ আদেশ দিলে। দিনৰ দুই বজাৰ পৰা আদালতৰ কাম বৰ্তমান পৰ্যায়ৰ পৰাই আৰম্ভ হ'ব। বিচাৰক উঠি গ'ল। লগে লগে কোঠাটোত হুলস্থূলৰ সৃষ্টি হ’ল। ঘটনাৰ পৰিণতি জানিবলৈ সকলোৰে উৎকণ্ঠা বাঢ়িবলৈ ধৰিলে। সাংবাদিকসকল মানুহজনৰ ওপৰত জুমুৰি দি পৰিল। বিভিন্নজনৰ বিভিন্ন প্ৰশ্ন উত্তৰত কিন্তু তেওঁ সম্পূৰ্ণ মৌন হৈয়েই থাকিল।

∘∘∘

 দুই বজাৰ লগে লগে পুনৰ বিচাৰ কাৰ্য আৰম্ভ হ'ল। এইবাৰ কোনো পাতনি নেমেলাকৈ বিচাৰকে ক'লে— তোমাৰ দাবী মানিব পৰাৰ কোনো উপায় নাই। মই মানুহ হ'লেও এজন বিচাৰক। নিৰপেক্ষ বিচাৰ কৰাটো মোৰ কৰ্তব্য। তোমাৰ ওপৰত থকা আৰোপ আৰু তাৰ প্ৰমাণ সকলোবোৰ মিলি এশ শতাংশই তোমাৰ নিৰ্দোষিতাৰ বিপৰীতে আছে। সেয়ে আদালতে আকৌ একে কথাকে [ ১২৯ ] দোহাৰে যে শাস্তি জাৰি কৰাৰ আগতে তুমি তোমাৰ বক্তব্য ৰাখা যাতে আদালতে তোমাৰ প্ৰতি অবিচাৰ কৰিবলগীয়া নহয়।
 —আদালতৰ যি বিচাৰ সেয়া মোৰ —কাম্য। কঠিনতম শাস্তিও ল’বলৈ মই প্ৰস্তুত।
 —তেন্তে তোমাৰ চহী আৰু আদালতত উপস্থিত থকাসকলৰ চহী সম্বলিত এখন কাকতত তুমি তোমাৰ দাবী লিখিতভাৱে উল্লেখ কৰা।
 —মই প্ৰস্তুত। বিচাৰকৰ নিদেৰ্শমৰ্মে চন্তৰীকেইজনমানে কম সময়ৰ ভিতৰতে সকলোৰে চহী লৈ এখন দাবীপত্ৰ লিখি দণ্ডাধীশৰ আগত থ’লে। তাত লিখা আছিল– মই শ্ৰী অভিনৱ বৰাই সজ্ঞানে আদালতৰ ৰায়দানৰ পাছতহে মোৰ বক্তব্য ৰাখিবলৈ ইচ্ছা কৰো। মহামান্য আদালতে মোক কৃপা কৰে যেন।
 দাবীপত্ৰ গ্ৰহণৰ পাছত বিচাৰকে অভিযুক্তৰ বিপক্ষে ৰায় দিলে। আঢ়ৈ বছৰ জে’ল। আদেশ শুনাৰ পাছত অভিযুক্তৰ মুখখনত ভাবান্তৰে দেখা দিলে। তেওঁ যেন বিচাৰি থকা বস্তু এটাহে পালে! ইমান সময়ে কোনেও নেদেখা হাঁহি এটা মাৰি তেওঁ বিচাৰকৰ ফালে চাই মূৰ দোৱাই সন্মান জনালে। তেওঁ ক'বলৈ সাজু হ’ল। চন্তৰী এজনে শপত লোৱাবলৈ গীতা পুথিখন লৈ আহিল। আচামীজনে কৈ উঠিল— ভাৰত যদি প্ৰকৃততেই ধৰ্মনিৰপেক্ষ দেশ হয়, তেন্তে এই দেশৰ বিচাৰালয়ত কেৰল গীতাকাহ কিয় শপত গ্ৰহণত ব্যৱহাৰ কৰা হয়? সকলো। স্তম্ভিত হৈ পৰিল। এপলক ৰৈ তেওঁ পুনৰ ক'বলৈ ধৰিলে— হে মহামান্য আদালত, মই যি ক'ম তাত শপত লোৱাৰ প্ৰশ্ন নুঠে। কাৰণ এয়া মই মোৰ শাস্তি লাঘৱ কৰিবলৈ বিচাৰকক আভুৱা ভাৰিবলৈ কোৱা কথা নহয়। এয়া মোৰ অন্তৰৰ কথা। প্ৰত্যেক মানুহৰ মনেই একোখন ধৰ্মপুথিৰ সমান পবিত্ৰ বুলি মই ভাবো। সেয়ে মই মোৰ অন্তৰাত্মক সাক্ষী কৰি মোৰ কথাখিনি কৈ যাম।
 তেওঁ এবাৰ বিচাৰক আৰু উপস্থিত জনতাৰ মাজলৈ দৃষ্টি বাগৰাই নিলে। কাহ পৰি জীণ যোৱা পৰিৱেশ। তেওঁ কৈ গ'ল— মোৰ নাম অভিনৱ বৰা। দেউতাৰ নাম অনুপম বৰা আৰু মা গায়ত্ৰী বৰা, দুয়ো স্বৰ্গী হৈছে। ২৫ বিঘা মাটিৰ পৈতৃক সম্পত্তিত দেউতাই খেতি কৰিছিল। মা-দেউতাৰ হাড়ভগা পৰিশ্ৰমত ঘৰখন নদন-বদন হৈ পৰিছিল। মই একমাত্ৰ সন্তান। পঢ়া-শুনাত সৰুৰে পৰা চোকা। মেট্ৰিকত ষ্টেণ্ড কৰিছিলো; হায়াৰ ছেকেণ্ডাৰীতো। তাৰ পাছত বহুতেই আঁকি দিয়া ৰঙীন সপোন গ্ৰহণ কৰি মই বাংগালোৰলৈ গৈ এম,ভি,জে কলেজত কম্পিউটাৰ ইঞ্জিনিয়াৰিং শিকিবলৈ ললো। মোৰ এমিশ্যনৰ বাবদ খৰচ [ ১৩০ ] হ’বলগীয়া টকাৰ অংকটোৰ কথা শুনিয়েই দেউতাৰ মুখ শুকাই গৈছিল যদিও মাৰ উৎসাহ আৰু মোৰ আগ্ৰহে তেওঁক পুনৰ জীপাল কৰিলে। স্বাভাৱিকতেই খেতিৰ ওপৰতে জীৱন নিৰ্বাহ কৰা পৰিয়াল এটাই ইমান ডাঙৰ খৰচ বহন কৰাটো কষ্টসাধ্য হৈ পৰিছিল। মই সেইটো আগতে অনুধাৱন কৰিব পৰা নাছিলো। পৰা হ'লে হয়তো আজিৰ এই বিচাৰৰ অৱতাৰণাই নহ'লহেঁতেন! আমাৰ পৰিয়ালৰ নিকটাত্মীয় মানুহখিনিয়ে পাকে প্ৰকাৰে মা-দেউতাক উপলুঙা কৰিবলৈ ধৰিলে— আঠুৱা চাই ঠেং নেমেলাৰ বাবে। কিন্তু মই তেওঁলোকৰ একমাত্ৰ সন্তান হোৱা বাবে সকলো কষ্ট সহ্য কৰি মোৰ ইচ্ছাক ৰূপ দিবলৈ বদ্ধপৰিকৰ হ’ল। ইতিমধ্যেই ঘৰত ভীষণ আৰ্থিক দৈন্যতাই দেখা দিছিল। বছৰেকীয়া সমুদায় উপাৰ্জন গোটায়ো মোৰ বছৰটোৰ খৰচ যোগাৰ নহয়। সেয়ে ধন ৰাহি কৰিবলৈ বুলি অহা-যোৱাত খৰচ বেছি হয় বাবে মোৰ অধ্যয়নৰ শেষৰ তিনিবছৰ মই ঘৰলৈ নহাকৈ থাকিলো। মই মনপুতি পঢ়িছিলো। মা-দেউতাৰ আশা ফলৱৰ্তী কৰিবলৈ ময়ো বৰ কষ্ট কৰিছিলো। যত যত যিমান খৰচ কমাই চলিব পাৰি তত মই তেনেকৈ ‘মেনেজ কৰিছিলো। বৰ্তমান মানুহে ভবাৰ দৰে মই মদ, চিগাৰেট একো খোৱা নাছিলো। মাত্ৰ এটাই কু-অভ্যাস হৈছিল— লগ-সমনীয়াৰ লগত গৈ ৰেষ্টুৰেণ্টত দেখিলেই জিভাৰ পানী পৰা নানা তৰহৰ সু-স্বাদু খাদ্য খোৱাটো। মই পাছত অনুভৱ কৰিছিলো যে তেনেকৈ খৰচ নকৰাহলে হয়তো মোৰ মা-দেউতাৰ শ কেইটা পুৰিবলৈকে অন্ততঃ ভাল খৰি কেইডালমানকে যোগাৰ কৰিব পাৰিলোহেঁতেন। মোৰ অধ্যয়নৰ শেষ বছৰত দেউতাৰ হাতত থকা শেষ দুবিঘা মাটি আৰু ঘৰ-ভেটি বন্ধকত গৈছিল। সকলোবোৰ কথা তেতিয়া মাহঁতে মোক কোৱা নাছিল। তেওঁলোকৰ আশা আছিল বিক্ৰী কৰি কৰি শেষ কৰা অৱশিষ্ট মাটিৰ দুবিঘা আৰু ঘৰ-ভেটিখিনিক মই চাকৰি পালেই উদ্ধাৰ কৰিম। সকলোৱে দেখুওৱা ৰঙীন সপোনত তেওঁলোকে শেষলৈ বিভোৰ হৈছিল। মই পঢ়া শেষ হোৱাৰ লগে লগে চাকৰি পাম আৰু তাৰো দৰমহা হ’বগৈ পাৰে অৰ্ধলক্ষাধিক টকা প্ৰতিমাহে। মোৰ পঢ়া শেষ। পৰীক্ষাৰ ফলাফল মই আশা কৰা ধৰণেৰেই হ’ল। প্ৰথম বিভাগত পাছ কৰিলো, তিনিটা মাহ কঠোৰ সংগ্ৰাম কৰি মই চাকৰি এটাও যোগাৰ কৰিলো। মাহে ৪৫ হেজাৰ টকা। পিছলৈ বঢ়াৰ আশা আছে। মা-দেউতাই ফোনতেই যেন মোক সাৱটি ধৰি চুমা খাব! আনন্দত পাৰাপাৰ নোহোৱা হ’ল। কোনোমতে এমাহ পাৰ কৰি প্ৰথম। মাহৰ দৰমহাৰ লগতে বছৰটোত পাবলগা পোন্ধৰ দিনৰ ছুটীৰ সাত দিন আগতীয়াকৈ লৈ মা-দেউতাক দেখা কৰিবলৈ আহিলো। চাৰে-তিনিবছৰ আগতে [ ১৩১ ] আহি দেখি যোৱা মোৰ নিজৰ ঘৰখন অচিনাকী যেন লাগিল। কেউপিনে দৈন্যতা। সকলো ফালে নাই নাই ভাৱ। মা-দেউতাক দেখাৰ লগে লগে চকু দুটা পানীৰে ভৰি পৰিল। জোনবাইৰ দৰে মোৰ মাৰ মুখখনৰ চকু দুটা গাঁতত সোমাই গৈছে। কুম দুটাত টোল পৰি গোল মুখখন দীঘলীয়া হৈ পৰিছে। দেউতাৰ বুকুৰ কামী হাড়কেইডাল দূৰৰ পৰাই লেখিব পাৰি। চুলি বগা। কেনেকৈ? মাত্ৰ চাৰে তিনিবছৰত ইমান পৰিৱৰ্তন! আত্মগ্লানিত মনটো ভৰি গ'ল। মায়ে আথে বেথে ক'লে— বাছা, তই আহিছ নহয়! এতিয়া সকলো ঠিক হৈ যাব। সকলো আকৌ আগৰ দৰে হ’ব। তই অকণো চিন্তা নকৰিবি।
 পাছতহে গম পাইছিলো, মই যিটো ঘৰত আহি সোমাইছো সেই ঘৰটোও আইনমতে বৰ্তমান আনৰ। তিনিদিন থাকি মই উভতি গৈছিলো মনত দৃঢ় সংকল্প লৈ যে দেউতাৰ সকলো সম্পত্তি মই ঘূৰাই আনিম।
 ৬ মাহ পাৰ হ’ল। আধুনিক বিশ্বত বহুতো নতুন সমস্যাই দেখা দিলে। সেইবোৰৰ মাজতে আহিল বিশ্বৰ আৰ্থিক মন্দাৱস্থা। এই সংকটে ভাৰতকো চুলে। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বহু কোম্পানীয়ে যধে-মধে বহুতৰে চাকৰি কৰ্তন কৰিলে। ভয়ত শিয়ৰি আছিলো যদিও এদিন সেয়ে হ’ল। মই কাম কৰা কোম্পানীটোৰ মোতকৈ দুবছৰ আগৰে পৰা সোমোৱা সকলোকে খেদিলে। হাঁহাঁকাৰ হ'ল। বিভিন্ন কোম্পানীত খবৰ কৰিলো। কোনো ৰাজী নহয় নতুন নিয়োগ কৰাত। অতি কম দৰমহাত কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাতো কোনো কোম্পানীত মূৰ সুমুৱাব নোৱাৰি হতাশ হলো। শেষত চৰকাৰী দপ্তৰে দপ্তৰেও ঘূৰিলো। মোৰ দৰে কত হাজাৰজনে এনেদৰে ঘূৰি ফুৰিছে! কোনে কালৈ চায়? ইতিমধ্যে মোৰ সকলো খবৰ মাহঁতে পাইছিল। আৰু অধিক সৰ্বস্বান্ত হোৱাৰ ভয়ত মই স্ব-গৃহলৈ প্ৰত্যাৱৰ্তন কৰিলো। তেতিয়ালৈ মাহঁতে বন্ধকত থোৱা নিজৰ গৃহত মাত্ৰ মই অহালৈ মালিক পক্ষৰ অনুমতি লৈ অপেক্ষা কৰি আছিল। বৃদ্ধ মা-দেউতাক লৈ ক'লৈ যাম, কি কৰিম লাগিল। দুয়োৰে স্বাস্থ্যও বেয়াকৈ পৰি আহিছিল। জীৱনৰ গুৰুত্বপূৰ্ণ সময়খিনি অসমৰ বাহিৰতে কটোৱা বাবে মোৰ চা-চিনাকীও বেছি নাই। হাতত থকা অৱশিষ্ট টকাখিনিৰে মা-দেউতাৰ চিকিৎসা কৰাওঁ বুলি দুয়োকে চৰকাৰী হস্পিতালত ভৰ্তি কৰিলো। চিকিৎসাৰ নামত জেপ ফুটা হ’ল। স্বাস্থ্যৰ উন্নতি নহ'ল। এদিন পুৱতি নিশা অলপ সময়ৰ অগা-পিছাকৈ দুয়ো গুচি গ'ল। হস্পিতালৰ মেটৰৰ সাহায্যত শৱ দুটা ঠেলা এখনত আনি মোৰ ভৰিৰ দামী জোতাযোৰ বিক্ৰী কৰি যেনে তেনে খৰি অলপ যোগাৰ কবি শৱ দুটা দাহন কৰিলো। তেতিয়ালৈ [ ১৩২ ] মই আৰু মই হৈ থকা নাছিলো। মূৰৰ ওপৰৰ আকাশখন নোহাৱা হৈ গৈছিল। বাটে বাটে ঘূৰি ঘূৰি কেৱল ‘মই কম্পিউটাৰ ইঞ্জিনিয়াৰ, মোক এটা চাকৰি দিবনে? বুলি সুধি সুধি ভাগৰি পৰিলো। আত্মীয় কুটুম্বৰ যাকে যাকে মনত পৰিছিল, সকলোৰে ওচৰলৈ গৈ কেইটামান দিন থাকি জীৱনটো থান-থিত লগাওঁ বুলি ভাবিলেও ‘আজিকালিৰ যুগত গলগ্ৰহ চপাই লৈ মৰিব নোৱাৰো বুলি কোনোবাই এৰাতি, কোনোবাই এবেলা ৰাখি এসাজ খুৱাই এৰি দিলে। মই কাকো দোষ নিদিওঁ। সকলো অৱস্থাৰ দাস। মই যেনেদৰে ভুগি আছো, তেনেদৰে নিজৰ নিজৰ সমস্যাত সকলো ভুগি আছে। মই মৰি যাবও নোখোজো। মই জীয়াই থাকিলে মোৰ মা-দেউতা জীয়াই থাকিব। মই তেওঁলোকৰ আশাক জীপ দিব খোজো। যোৱা দুটা বছৰে মই কেৱল ঘূৰিয়েই কটালো। কেতিয়াবা স্কুলঘৰৰ বাৰাণ্ডাত, কেতিয়াবা ফুটপাথত, কেতিয়াবা কোনো মন্দিৰত...। থাকিবলৈ ঠাইৰ অভাৱ নাই যদিও খাদ্যৰ অভাৱে মোক বৰ কষ্ট দিছিল। কেতিয়াবা মন্দিৰ প্ৰসাদ আৰু কেতিয়াবা কোনো হোটেলৰ টেবুল চাফা কৰি দিয়াৰ বাবদ এখন বা দুখন ৰুটি— এয়ে আছিল মোৰ খাদ্য। হোটেলত নিগাজিকৈ থাকিবলৈ মোৰ চেহেৰাটো বোলে ‘হোটেল বয়’ৰ দৰে নহয়! মই ক’তো মোৰ চেহেৰা অথবা কথা-বতৰা পাৰ ধৰণটোৰ বাবে নিম্নখাপৰ কাম নাপালো। উচ্চ পৰ্যায়ৰ কিবা কাম পাবলৈ মোৰ কোনো চুপাৰিশৱালা নাই। মাজতে কেইদিনমান আগতে টিভিৰ দোকান এখনত চলি থকা টিভিৰ পৰ্দাত এজন মানুহে কোনোবা নেতা এজনৰ গালৈ জোতা দলিওৱাৰ ঘটনাক তীব্ৰ ভাষাত গৰিহণা দিয়া আৰু আগলৈ এনে কাৰ্য কৰাজনক কঠোৰ শাস্তি দিব বুলি ঘোষণা কৰা দেখিবলৈ পাইছিলো। তেতিয়াই মোৰ মূৰত কথাটো খেলাই গ’ল। মই চুৰি, ডকাইতি, হত্যাকাণ্ড বা বিস্ফোৰণ ঘটাব নোৱাৰো। সেয়ে এই কাম কৰিলো। আপুনি মন কৰক হে মহামান্য আদালত, সেই জোতাপাট মোৰ ভৰিৰ জোখৰ নহয় আৰু সেইপাট বৰ পুৰণিও নহয়। মা-দেউতা মৰা দিন। ধৰি মই জোতা পিন্ধি পোৱাই নাই। জোতাপাট অৱশ্যে ময়েই দলিয়াইছিলো আৰু মই জানিছিলো যে এই অপৰাধৰ বাবে অন্ততঃ মোক শাস্তি স্বৰূপে জে’ল দিবই। হে মহাশয়, কাৰাবাস মোৰ একান্ত কাম্য; কাৰণ মোক প্ৰয়োজন ভৱিষ্যতক পুনৰাই শৃংখলাবদ্ধ কৰিবলৈ পৰিকল্পনা কৰাৰ বাবে এক নিৰ্জন পৰিৱেশৰ। মই ধ্বংস হৈ যাব নোখোজো। নিজকে পুনৰাই পৃথিৱীত যোগ্যৰূপত গঢ়ি তুলিব খোজো। আশাকৰো, দয়ালু মহাশয়ে মোক এইখিনি কৃপা কৰিব!

 অভিযুক্তৰ বক্তব্য শেষ হোৱাৰ পাছত বিচাৰকক্ষত দখল কৰা নীৰৱতা ভাঙিবলৈ উপস্থিত কোনেও সাহ কৰা নাছিল।