পৃষ্ঠা:একুৰি এটা গল্প.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জোতা

 ‘এইবোৰ অশুভ কাৰ্য। আৰু ই এক অশুভ পৰম্পৰাত পৰিণত হ'ব ধৰিছে। এনেধৰণৰ ধাৰাবাহিক কাণ্ডই সমাজত বিশৃংখলতাৰ সৃষ্টি কৰে। ইয়াক বাঢ়ি যাবলৈ দিব নোৱাৰি। এইবোৰ কাৰ্যৰ কঠোৰ শাস্তি বিধানৰ ব্যৱস্থা হ'ব লাগে। এনেয়েও আমাৰ দেশখনত কম হুলস্থূলনে? তাতে আকৌ এই কম দিনৰ ভিতৰতে জোতা দলিয়াই বিক্ষোভ প্ৰদৰ্শন কৰাৰ ধুম উঠিছে। কেন্দ্ৰীয় মন্ত্ৰী পি, চিদাম্বৰমলৈ পোন প্ৰথমবাৰৰ বাবে জানাইল সিং নামৰ ভাৰতীয় সাংবাদিক এজনে জোতা নিক্ষেপ কৰি জাতীয় ক্ষোভ প্ৰকাশ কৰিলে। চিদাম্বম অতি বিচক্ষণ আৰু জ্ঞানী লোক। পৰিস্থিতিৰ গুৰুত্ব আৰু সময়ৰ হিচাপ বুজি তেওঁ ততালিকে অভিযুক্তৰ ফালে চাই সুন্দৰ হাঁহি এটি মাৰিলে। নাটকীয় মুহূৰ্ত; কিন্তু পূৰ্ব-পৰিকল্পিত নহয়। বহুতৰে মন চিদাম্বৰমৰ সেই হাঁহিয়ে মুহি পেলালে। মোৰো। নেতা হিচাপে থাকিবলগীয়া স্থিৰতা, ধৈৰ্য আৰু বিচক্ষণতা তেওঁৰ আছে। কিন্তু সেই বুলিয়েই ইয়াৰ প্ৰতিবাদ নোহোৱাটোও উচিত নাছিল। সেই ঘটনাৰ জেৰ টানিয়েই আমাৰ সমাজত জোতা আক্ৰমণ এক ফেশ্বন বা পৰম্পৰা হৈ পৰিব ধৰিছে। ই বৰ বেয়া লক্ষণ। ইয়াক বাঢ়ি যাবলৈ দিব নোৱাৰি, আমি শাসনত থাকোতে এনে কাৰ্য সংঘটিত কৰাজনক কঠোৰ শাস্তি প্ৰদান কৰিম। চিদাম্বৰমৰ পাছত আদৱানী আদিকে কৰি ভালেমান নেতা জোতা আক্ৰমণৰ লক্ষ্য হৈছে। আৰু হবলৈ দিব নোৱাৰি। আমি সকলোৱে মিলি এই কাৰ্যৰ প্ৰতিবাদ কৰো আহক আৰু আহক, আমি আমাৰ দেশখনক খ্যাতিৰ উচ্চ শিখৰলৈ লৈ যাওঁ—মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণে ৰভাতলত থকা সহস্ৰাধিক মানুহক আপ্লুত কৰিলে। প্ৰবল হৰ্ষধ্বনি আৰু কৰতালিৰ মাজত দুই মিনিটমান সময় একো নুশুনা হ’ল। আকৰ্ণ বিস্তৃত হাঁহি এটা মাৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ সতীৰ্থলৈ চাই গৰ্ভৰা মাতেৰে ভাষণৰ শেষাংশ আৰম্ভ কৰিবলৈ লওঁতেই কৈ জোতা এপাত আহি তেওঁ ভাষণ দি থকা ডেক্সখনতে পৰিল। চমকি উঠি মুখ্যমন্ত্ৰী দুখোজ পিছুৱাই গ'ল আৰু লগে লগে এক ডজনৰো অধিক ৰক্ষী দৌৰি গল আক্ৰমণৰ উৎস স্থানৰ ফালে। দৰ্শকৰ মাজতো উত্তেজনাই ঠাই পালে। অত্যুৎসাহী দৰ্শকৰ কেইজনমানে ঠাইডোখৰলৈ নিৰাপত্তাৰক্ষী গৈ পোৱাৰ আগতেই মানুহজন, যিয়ে জোতা দলিয়াইছিল, ধৰি পেলালে। ইতিমধ্যে ৰক্ষী আৰু কৰ্তব্যৰত বিষয়া দুজনমানে গৈ ৰাইজৰ হাতৰ পৰা অভিযুক্তক কৰায়ত্ত