পৃষ্ঠা:একুৰি এটা গল্প.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প•১২৯
 

দোহাৰে যে শাস্তি জাৰি কৰাৰ আগতে তুমি তোমাৰ বক্তব্য ৰাখা যাতে আদালতে তোমাৰ প্ৰতি অবিচাৰ কৰিবলগীয়া নহয়।
 —আদালতৰ যি বিচাৰ সেয়া মোৰ —কাম্য। কঠিনতম শাস্তিও ল’বলৈ মই প্ৰস্তুত।
 —তেন্তে তোমাৰ চহী আৰু আদালতত উপস্থিত থকাসকলৰ চহী সম্বলিত এখন কাকতত তুমি তোমাৰ দাবী লিখিতভাৱে উল্লেখ কৰা।
 —মই প্ৰস্তুত। বিচাৰকৰ নিদেৰ্শমৰ্মে চন্তৰীকেইজনমানে কম সময়ৰ ভিতৰতে সকলোৰে চহী লৈ এখন দাবীপত্ৰ লিখি দণ্ডাধীশৰ আগত থ’লে। তাত লিখা আছিল– মই শ্ৰী অভিনৱ বৰাই সজ্ঞানে আদালতৰ ৰায়দানৰ পাছতহে মোৰ বক্তব্য ৰাখিবলৈ ইচ্ছা কৰো। মহামান্য আদালতে মোক কৃপা কৰে যেন।
 দাবীপত্ৰ গ্ৰহণৰ পাছত বিচাৰকে অভিযুক্তৰ বিপক্ষে ৰায় দিলে। আঢ়ৈ বছৰ জে’ল। আদেশ শুনাৰ পাছত অভিযুক্তৰ মুখখনত ভাবান্তৰে দেখা দিলে। তেওঁ যেন বিচাৰি থকা বস্তু এটাহে পালে! ইমান সময়ে কোনেও নেদেখা হাঁহি এটা মাৰি তেওঁ বিচাৰকৰ ফালে চাই মূৰ দোৱাই সন্মান জনালে। তেওঁ ক'বলৈ সাজু হ’ল। চন্তৰী এজনে শপত লোৱাবলৈ গীতা পুথিখন লৈ আহিল। আচামীজনে কৈ উঠিল— ভাৰত যদি প্ৰকৃততেই ধৰ্মনিৰপেক্ষ দেশ হয়, তেন্তে এই দেশৰ বিচাৰালয়ত কেৰল গীতাকাহ কিয় শপত গ্ৰহণত ব্যৱহাৰ কৰা হয়? সকলো। স্তম্ভিত হৈ পৰিল। এপলক ৰৈ তেওঁ পুনৰ ক'বলৈ ধৰিলে— হে মহামান্য আদালত, মই যি ক'ম তাত শপত লোৱাৰ প্ৰশ্ন নুঠে। কাৰণ এয়া মই মোৰ শাস্তি লাঘৱ কৰিবলৈ বিচাৰকক আভুৱা ভাৰিবলৈ কোৱা কথা নহয়। এয়া মোৰ অন্তৰৰ কথা। প্ৰত্যেক মানুহৰ মনেই একোখন ধৰ্মপুথিৰ সমান পবিত্ৰ বুলি মই ভাবো। সেয়ে মই মোৰ অন্তৰাত্মক সাক্ষী কৰি মোৰ কথাখিনি কৈ যাম।
 তেওঁ এবাৰ বিচাৰক আৰু উপস্থিত জনতাৰ মাজলৈ দৃষ্টি বাগৰাই নিলে। কাহ পৰি জীণ যোৱা পৰিৱেশ। তেওঁ কৈ গ'ল— মোৰ নাম অভিনৱ বৰা। দেউতাৰ নাম অনুপম বৰা আৰু মা গায়ত্ৰী বৰা, দুয়ো স্বৰ্গী হৈছে। ২৫ বিঘা মাটিৰ পৈতৃক সম্পত্তিত দেউতাই খেতি কৰিছিল। মা-দেউতাৰ হাড়ভগা পৰিশ্ৰমত ঘৰখন নদন-বদন হৈ পৰিছিল। মই একমাত্ৰ সন্তান। পঢ়া-শুনাত সৰুৰে পৰা চোকা। মেট্ৰিকত ষ্টেণ্ড কৰিছিলো; হায়াৰ ছেকেণ্ডাৰীতো। তাৰ পাছত বহুতেই আঁকি দিয়া ৰঙীন সপোন গ্ৰহণ কৰি মই বাংগালোৰলৈ গৈ এম,ভি,জে কলেজত কম্পিউটাৰ ইঞ্জিনিয়াৰিং শিকিবলৈ ললো। মোৰ এমিশ্যনৰ বাবদ খৰচ