সমললৈ যাওক

পৃষ্ঠা:একুৰি এটা গল্প.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প• ১২৭
 

ফালে ঘূৰিল। পাছত থকা জীপগাড়ীখনৰ পৰা হাতত হেণ্ডকাফ লগোৱা অভিযুক্তক নমাই অনা হ’ল। কচাইব বলিশাললৈ নিয়া ছাগলীৰ দৰে অপ্ৰয়োজনীয়ভাৱে টানি টানি নি কনিষ্টবল এজনে মানুহজনক দণ্ডাধীশৰ টেবুলৰ আগৰ গৰাল এটাত সুমুৱাই দিলে। কক্ষৰ বাহিৰত থকা মানুহবোৰে দৰ্জা-খিৰিকীৰ মাজেৰে মুখ উলিয়াই জুমা-জুমি কৰিলে। ফুচফুচীয়া আলোচনাও চলিল। সকলো হতবাক। অপৰাধী এৱেঁইনে?বাংগালোৰত কম্পিউটাৰ ইঞ্জিনিয়াৰিং শিকি ঘৰৰ যথাসৰ্বস্ব ধ্বংস কৰি পথৰ ভিকহু হোৱা অভিনৱ বৰা নহয় জানো এইজন? হয় হয়, তেৱেঁই। ইস্! দাড়িয়ে চুলিয়ে ভেবোকাৰ হৈ পৰিছে। পিন্ধি থকা জিছ পেন্টটোৰ কেইবাঠাইতো উৱলি গৈছে। কিনোতে তাৰ দাম নিশ্চয় বহুত আছিল। পেন্টৰ ওপৰত এটা হলৌ মলৌ পাঞ্জাবী চোলা। গাঢ় সেউজীয়া ৰঙৰ। মলিৰ ডাঠ প্ৰলেপৰ বাবে চোলাটোৰ ওপৰত থকা এইডাৰীখিনি মণিব নোৱৰা হৈছে। হাতৰ আঙুলিত তামৰ আঙঠি এটা আৰু সোঁহাতত শিখসকলে পিন্ধাৰ দৰে খাৰু এপাট, বোধহয় এলুমিনিয়ামৰ। মানুহজনৰ মুখখনত কোনো ভাবাৱেগ নাই। চকুদুটাও নিৰ্বিকাৰ। নাকৰ পোনে পোনে চাই আছে যদিও কাৰো প্ৰতি দৃষ্টি নিক্ষেপ কৰা নাই। উদ্ভান্ত অথবা আলস্য একোৱেই নাই। নিৰ্বিকাৰ এটা প্ৰতিমূৰ্ত্তিহে যেন।
 আদালত কক্ষ পুনৰ সাৰ পাই উঠিল। বিচাৰপতি আহি আসনত উপবিষ্ট হৈ মানুহজনৰ ফালে চালে। চৰকাৰী পক্ষৰ উকীলে মোকৰ্দমাৰ কাগজ-পত্ৰ আনি মেজত থলে। দণ্ডাধীশৰ আদেশত বিচাৰ আৰম্ভ হ’ল। চৰকাৰী পক্ষৰ উকীলে সবিস্তাৰে ঘটনা বৰ্ণনা কৰি সাক্ষী স্বৰূপে সেইদিনা সভাত উপস্থিত থকা কেইজনমান মানুহক থিয় কৰালে আৰু স্পষ্ট প্ৰমাণৰূপে নিক্ষেপ কৰা জোতাপাট আৰু এটা ভিডিঅ’ কেছেট, য'ত সাংবাদিকসকলৰ কেমেৰাত বন্দী হৈছিল উক্ত ঘটনা। বিচাৰকে আপত্তি দৰ্শাবৰ কোনো থল নাই। প্ৰত্যেকটো প্ৰমাণ অভিযুক্ত বিপৰীতে। অভিযুক্তই দোষ খণ্ডন কৰিবলৈ কোনো উকীলো ধৰা নাই। এনেস্থলত কাল বিলম্ব নকৰি আদেশ শুনোৱাহে কথা। কিন্তু বিচাৰৰ নিয়মমতে আত্মপক্ষ সমৰ্থনৰ সুযোগ দিবই লাগিব। বিচাৰকে গহীনাই ক'লে—তুমি তোমাৰ সমৰ্থনত এজন উকীল নিয়োগ কৰি নিজকে সুৰক্ষিত কৰা।
 চন্তৰী এজনে কাঠগড়াৰ ওচৰলৈ গৈ মানুহজনে উকীল ল’বনে নল’ব সুধিলে। উত্তৰত মাথোঁ তেওঁ কঠোৰভাৱে মূৰ লৰালে, অৰ্থাৎ নালাগে। আদালত কক্ষৰ গুণগুণনি আৰু ভৰদুপৰীয়াৰ প্ৰচণ্ড গৰমে বিচাৰকক অতিষ্ঠ কৰি তুলিলে। তেওঁ কিছু কঠোৰ মাতেৰে সুধিলে—তুমি জানানে, মাৰ এই দোষৰ বাবে কি