একুৰি এটা গল্প/সিদ্ধান্ত আৰু সমস্যা

ৱিকিউৎসৰ পৰা
[ ১১৮ ]

সিদ্ধান্ত আৰু সমস্যা

 কালিৰে পৰা ঘৰখনত থমথমীয়া পৰিৱেশ এটাৰ সৃষ্টি হৈছে। আটায়ে যন্ত্ৰৱৎ নিজৰ নিজৰ কামবোৰ কৰি গৈছে। ব্যতিক্ৰম মাথোঁ জুলি। চাৰিবছৰীয়া জুলিৰ অকণমান মগজুটোৰে ঢুকিয়েই পোৱা নাই কথাবোৰ। কি হৈছে বাৰু? তাই তাইৰ পিৰপিৰীয়া কণ কণ চকুদুটাৰে এফালৰ পৰা ঘৰৰ সদস্যবোৰলৈ লক্ষ্য কৰি যাব ধৰিলে। আইতাকে কট কটকৈ খুন্দনাটোত তামোল খুন্দি খুন্দি মাজে মাজে আনমনা হৈ যায় আৰু পাছত দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি আকৌ তামোল খুন্দিবলৈ লয়। তাই মানুহৰ হাৱভাৱ বুজিব পৰা হোৱাৰে পৰাই আইতাকক কেৱল তামোলকে খুন্দি থকা দেখিছে। এখন খুন্দি মুখত সুমুৱাই আনখন খুন্দিবলৈ তেওঁ ওচৰত থকা বটাটোৰ পৰা পাণ-তামোল যোগাৰ কৰিবলৈ লয়। আলহী আহিলেতো কথাই নাই! মাকে মূঢ়া-চকী কিবা যোগাৰ কৰি দিবলৈ নৌপাওঁতেই আইতাকে হালি পৰা কঁকালেৰে হেঁকেৰ-পেঁকেৰকৈ খুন্দনা আৰু বটাটোৰ ওচৰলৈ গৈ সেইবোৰ চপাই আনি আলহীৰ ওচৰত বহেহি। ঘৰলৈ আলহী আহিলে তামোল খুওৱাৰ দায়িত্ব বোধহয় আইতাকৰ; যেনেদৰে চাহ-ভাত দিয়াৰ দায়িত্ব মাকৰ! তাই গৈ আইতাকৰ ওচৰত লাহেকৈ বহিলগৈ। অলপপৰ চুপচাপ হৈ বহি থকাৰ পাছত তাই লাহেকৈ বটাৰ পৰা কটাৰিখন তুলি ল'লে। আনদিনা হোৰাহ’লে আইতাকে তাইক জেজেকাই ধৰিলেহেঁতেন। আজি তেওঁ তাইৰ হাতখনত লাহেকৈ ধৰি— নুচুবি অ' আই, থ, কাটিব’ বুলি কৈ কটাৰিখন এৰুৱাই লৈ গ'ল। তাইৰ মনটো সেমেকি গ'ল। কি হ'ল বাৰু আইতাৰ? তাই কিছুপৰ তাতে থাকি গহীন গহীন খোজ পেলাই দেউতাকৰ ওচৰত ৰ'লগৈ। কালি তাই দেউতাকৰ যিটো খং দেখিছিল—সদায় ইংৰাজী-হিন্দী গানৰ কলি গুণগুণাই, সুহুৰিয়াই থকা দেউতাকে মাকক কালি যিটো ধমকি দিছিল মনত পৰাৰ লগে লগে তাই এবাৰ উচপ্ খাই। উঠিল। তাই দুখোজ পিছুৱাই আহিল। আহি ওলমি থকা দুৱাৰৰ পৰ্দাখনত ধৰি তাই এটা আঙুলি মুখত ভৰাই দেউতাকলৈ চাই ৰ'ল। বাৰাণ্ডাত কোলাত ৰেডিঅ’ এটা লৈ গহীন হৈ চকীত বহি থকা দেউতাকে তাই যোৱাৰ উমান পাই এবাৰ ঘূৰি চালে। অলপপৰ চাই তেওঁ অকণমান মিচিকিয়ালে। জুলিৰ সাহস বাঢ়ি গ'ল। তাই ওচৰ চাপি গৈ চকীখনৰ হেন্দেলডালত ধৰি ওলমি দিলে। হেন্দেলড়ালৰ তলেৰে হাত সুমুৱাই তাই দেউতাকৰ গেঞ্জিটো টানি (আনদিনা কৰাৰ দৰে) তেওঁৰ নাভিটোত আঙুলি এটা সুমুৱাই দিলেগৈ। আনদিনা দেউতাকে সুৰসুৰণি পোৱাৰ [ ১১৯ ] দৰে কৰি গাটো জোকাৰ মাৰি দি পাছত তাইক কোলাত তুলি বহুৱাই লয়। কিন্তু আজি একো নহ'ল। অকণমান সময়ৰ পাছত দেউতাকে তাইক ‘চাওঁ, আমনি নকৰিবা, ভিতৰলৈ গৈ খেলাগৈ যোৱা বুলি আঁতৰাই দিলে। যদিও দেউতাকে তাইক খঙত একো কোৱা নাছিল, তথাপি তাইৰ ভাল নালাগিল। তাইৰ কলৈ যাওঁ, কি কৰো যেন লাগিল। এইবাৰ তাই মাকৰ ওচৰলৈ খোজ আগবঢ়ালে। সন্তৰ্পণে তাই মাক ক'ত আছে লক্ষ্য কৰিলে। ঘৰৰ আনবোৰ মানুহ একোটা নিৰ্দিষ্ট সময়ত একোটা নিৰ্দিষ্ট ঠাইত থাকিলেও মাকৰ যেন কোনো নিৰ্দিষ্ট ঠাই নাই। কুঁৱাৰ পাৰৰ পৰা শাকনি বাৰী, গোহালিঘৰ, শোৱাঘৰ, পাকঘৰ সকলো ঠাইতে সকলো সময়তে মকব খদম্। তাই কুঁৱাৰ পাৰত হোৱা বাচনৰ জননি শুনি নিশ্চিত হ’ল যে মাক কুঁৱাৰ পাৰতে আছে। তাই গৈ তাত উপস্থিত হ'লগৈ। এনেয়ে খৰধৰকৈ কাম কৰাত অভ্যস্ত মানুহজনী যেন আজি আৰু খৰ হৈছে! খৰখেদাকৈ ইখনৰ পাছত সিখনকৈ বাচন ধুই থকা মাকৰ তাইলৈ চাবৰ যেন আহৰিয়েই নাই! এনেয়ে হলে তাইক তাত দেখিলে মাকে ইমান ৰ’দত কুঁৱাৰ পাৰত থিয় হৈ থকাৰ বাবে মিহিকৈ বকনি এটা জাৰিলেহেঁতেন। বাচনখিনি ধুই শেষ কৰি বান্টিটোত থকা অৱশিষ্ট পানীখিনি পেলাই মাকে বাচনবোৰ তুলি গঙ্গকৈ ভিতৰলৈ খোজ পেলালে। তায়ো পিছে পিছে আহি পাকঘৰ পালেহি। পাকঘৰৰ দুৱাৰদলিত ৰৈ তাই মাকলৈ চালে। গোলকৈ বগা মুখখন গৰমত গুলপীয়া হৈ উঠিছে। তথাপি তাইৰ ভাল নালাগিল। আনদিনাৰ দৰে ফৰকাল—এই হাঁহিব, এই হাঁহিব যেন লগা ভাবটো মুখখনত নাই। গোমোঠা মুখ এখন লৈ ইখনৰ পাছত সিখন কাম কৰি গৈছে। তাই মাকৰ মুখৰ পৰা মাত উলিয়াবলৈ কি কৰা যায় ভাবিলে। তাই পাকঘৰৰ দুৱাৰখনত তলা লগাবলৈ লগোৱা ৰিংটো ধৰি হাতেৰে সেইটোকে দুৱাৰখনত মাৰি খটং খটংকৈ শব্দ কৰিবলৈ ধৰিলে। ৰিংটো তাইৰ উচ্চতা অনুপাতে যথেষ্ট ওপৰত থকা বাবে হাতখন দাঙি দাঙি কিছুপৰ খটং খটংকৈ মৰাৰ পাছত তাইৰ হাতখন বিষাই গ'ল। তাই সেইটো এৰি দিলে। ইয়াৰ পাছত তাই কি কৰিব? উপায় এটা পালে। কাটিবলৈ উলিয়াই থোৱা ভাতকেৰেলাকেইটালৈ তাইৰ চকু গ'ল। এখোজ দুখোজকৈ ভিতৰলৈ গৈ তাই ভাতকেৰেলাকেইটাৰ দীঘল দীঘল ঠাৰিকেইডাল লগ লগালে। আঁৰ চকুৰে তাই এবাৰ মাকলৈ চালে। মাক মাছ ভজাত ব্যস্ত। এইবাৰ তাই কেৰেলাকেইটা ভেন্টিলেটৰত লগাই থোৱা ৰছিডালত বান্ধিবলৈ থিয় হ'ল। তাই ঢুকি নাপায়। ভেন্টিলেটৰখনৰ পৰা ওলমি থকা ৰছিদুডালৰ মূৰকেইটা তাইতকৈ বহু ওপৰত। তাই লাহেকৈ মূঢ়া এটা চোঁচোৰাই আনিলে। তাৰ ওপৰত উঠি তাই নিশ্চয় ঢুকি [ ১২০ ] পাব! কঁপা কঁপা ভৰিৰে তাইৰ ওপৰত উঠিবলৈ লওঁতেই মাকে তাইলৈ যেনেদৰে পোন্দোৱাকৈ চালে যে তাইৰ তালু ফুটি জীৱ ওলাই গল। হাতৰ কেৰেলা পকা মজিয়াত সৰি পৰি ইফালে সিফালে দৌৰিবলৈ ধৰিলে। কোনোমতে তাই খঞ্জপকৈ মূঢ়াটোৰ নামি দুপদুপাইলৰ মাৰি ওলাই গ'ল। ধেৎতেৰি!– তাই মনতে ভাবিলে— কিহৰ পৰা কি হ'লগৈ বাৰু? আগতে মাক-দেউতাকৰ কিবা কথাত খং উঠিলে সেইকেইদিন তাইৰ গুৰুত্ব বৃদ্ধিহে পায়। প্ৰতিটো কথাতে ইফালৰ পৰা মাকে, সিফালৰ পৰা দেউতাকে জুলি জুলিকৈ মাতি তাইৰ থৰকাছুটি হেৰুৱাই দিয়ে। সেইকেইটা দিন। তাই মাক বাপেকৰ মাজত তাঁতৰ মাকোটোৰ নিচিনাকৈ ইফালৰ খবৰ সিফালত দিবলগীয়া হয়। কিন্তু আজি কি হ'ল? আটাইৰে খং; তাতে আকৌ তাইকো নামাতে। তাইৰ অকণমান মগজুটোৱে ভাবিয়েই পোৱা নাই তাইক কোনেও কিয় নামাতে!
 শেষত কণমানি জুলিয়েই ঠিক কৰিলে— তায়ো ভেম পাতি গহীন হ’ব। ডাঙৰ মানুহৰ দৰে তাই গহীন ভাব এটা আনিবলৈ চেষ্টা কৰি দেউতাকে আনি দিয়া চকীখনত বহি ললে। নতুনকৈ স্কুলত নাম লগাব বুলি কেইদিনমানৰ পৰা তাইৰ মনত বৰ ফুৰ্তি আছিল। কত ধৰণৰ যে কিতাপ! নানা ৰঙৰ ছবি থকা কিতাপবোৰ তাইৰ বৰ ভাল লাগিছে। তাই কিতাপৰ দমটোৰ পৰা বাছি বাছি এখন কিতাপ উলিয়াই ল'লে। কিতাপখন কিছু পুৰণি হ’ল। হলেও এইখন তাইৰ বৰ ভাল লাগে। কবিতাবোৰযে ইমান মজাৰ! কিতাপখন মেলি লৈ তাই যদিও আখৰবোৰেই ভালদৰে চিনি উঠা নাই, তথাপি মাকে দুমাহমান আগৰে পৰা শিকাই শিকাই মুখস্থ কৰোৱা কবিতা এটাকে গাবলৈ ধৰিলে। প্ৰথমতে সৰু সৰুকৈ আৰু পাছত তাই ডাঙৰ মাতেৰে গাবলৈ ধৰিলে—

“ঘড়ীটোৱে কয় শুনা
টিক্ টিক্ টিক্‌।
সময় গৈছে উৰি}}
ঠিক্ ঠিক্ ঠিক্॥”

... আৰু কিবা গোৱাৰ আগতেই

চাদৰৰ আঁচলত হাত মচি মচি জুলিৰ মাক উমা বেগেৰে সোমাই আহিল আৰু জুলিৰ আগৰ পৰা কিতাপখন আঁতৰাই দিলে। উমাই ক'লে— মাজনী, আজিৰ পৰা তুমি আৰু এই অসমীয়া কিতাপবোৰ পঢ়িব নালাগে; দেউতাৰাই যে আনি দিছে নতুন ধুনীয়া কিতাপবোৰ, সেইবোৰ পঢ়িব লাগিব। তোমাক ইংৰাজী স্কুলতে নাম লগাই দিব। গতিকে এ, বি, চি, ডি.......কেইটাকে শিকাচোন। কথাখিনি যদিও উম্মাহীন আছিল, তথাপি তাত যেন নিজৰ নিৰুপায় অক্ষমতাহে প্ৰকাশ পাইছিল! কণমানি জুলিৰ অন্তৰে মানি নল'লে— মা, ইমানদিনৰ পৰা [ ১২১ ] তুমিচোন আমি অসমীয়া, গতিকে আমি অসমীয়াহে পঢ়িব লাগে বুলি কৈ মোক এইবোৰ কিতাপ পঢ়ুৱাই আছিলা! এতিয়া মই এ, বি, চি, ডি পঢ়িব নোৱাৰো। সেইবোৰ মই বুজিকে নাপাওঁ মই অ-আ, ক-খহে পঢ়িম। অ’ মা, মই এয়াহে পঢ়িম। — উমা থৰ লাগি ৰ'ল। কি ক’ব তাই? কালি গৌতমে কোৱা কথাখিনি তাইৰ এতিয়াও হজম হোৱা নাই....।
 গৌতম আৰু উমাৰ জুলিয়েই একমাত্ৰ সন্তান। গৌতমে দূৰৰ চহৰ এখনত চাকৰি কৰে। মাহেকত সি চাৰি-পাঁচদিনৰ বাবে এবাৰ ঘৰলৈ আহে। বৃদ্ধা শাহুৱেকক অকলশৰীয়া নকৰো বুলিয়েই নিজৰ সকলো লাহ-বিলাহ ত্যাগ কৰি কেৱল নৈতিকতাৰ খাতিৰতে উমাই শাহুৱেকৰ লগত থাকিবলৈ লৈ নিজকে চাৰিবেৰৰ। মাজত আবদ্ধ কৰিছিল। উমাহঁতৰ ঘৰখন এখন সৰু চহৰত যদিও শাকনিবাৰীৰ পৰা পাৰ-কুকুৰা আৰু গৰু-গাইৰে এখন পূৰ্ণাংগ ঘৰৰ দায়িত্ব উমাইঅকলে মূৰপাতি লৈ গৌতমক সকলো ফালেৰে সন্তুষ্ট কৰি আহিছে। বিয়াৰ দুবছৰ পাছত জন্মা জুলিক তাই নিজৰ জীৱনত কৰিব নোৱৰা অথবা নোপোৱাখিনিৰে পূৰ্ণ কৰি তুলিব বিচাৰিছিল। ঘৰুৱা কামৰ ফাঁকে ফাঁকে সেয়ে তাই দুই-আঢ়ৈ বছৰমানৰ পৰাই। জুলিক শিক্ষাগ্ৰহী কৰি তুলিছিল। বাহিৰৰ জগতখনৰ লগত উমাৰ বৰ বেছিহলিগলি নাছিল। বাতৰি কাকত, ৰেডিঅ’, টিভি আৰু আলোচনীবোৰেই আছিল তাইৰ সংগী। স্কুলীয়া অৱস্থাৰ পৰাই ভাষা-সাহিত্যৰ প্ৰতি আকৃষ্ট উমাই বৰ ইচ্ছা কৰা সত্ত্বেও অসমীয়াত উচ্চশিক্ষা ল'ব নোৱাৰিলে। সেয়ে বোধহয় তাইৰ মনত তাইৰ অজানিতে এটা অসমীয়া প্ৰেমে বাহ লৈছিল। আজিকালিৰ সৰহভাগ ল'ৰা-ছোৱালীকে ইংৰাজী মাধ্যমত পটুওৱাৰ কথাটোৰ তাই সম্পূৰ্ণ পৰিপন্থী আছিল। আজিকালি বেছিভাগ অসমীয়া মানুহৰ লজ্জাজনক অসমীয়া ভাষাজ্ঞানৰ পৰা জাতিটোক উদ্ধাৰ কৰাৰ দায়িত্ব যেন তাইৰ নিজৰ। যিমানে বেয়া পৰিৱেশত নহওক লাগে, তাই তাইৰ জুলিক এই ৰঘুমলাডালৰ পৰা বচাই ৰাখি এক পূৰ্ণাংগ ৰূপ দিয়াৰ সিদ্ধান্ত লৈছিল। প্ৰতিমাহে চাৰি-পাঁচদিনৰ বাবে ঘৰলৈ অহা গৌতমক তাই মাহটোৰ খবৰবোৰ দিয়াৰ লগতে তাইৰ অন্তৰৰ এনেবোৰ ভাৱনা মুকলিকৈ কওঁতে কওঁতে তাইৰ কথাবোৰ লেথাৰি নিছিগা গুণগুণনিত পৰিণত হয়; আৰু সেয়ে চাগে তাই অনৰ্গলভাৱে কথাবোৰ কৈ থাকোতে মাজে মাজে গৌতমৰ চকুদুটা জাপ খাই আহে। উমাই অভিমানতে তাৰ গাটো জোকাৰি দি কয়— এই, মই কি কৈছো শুনিছানে নাই?
 —হুঁ! শুনিছো। তুমি যি ভাবিছা তাকেই কৰিবা বাৰু। মই এইবোৰত তোমাক বাধা নিদিওঁ।
 আৰু এতিয়া! এতিয়া গৌতমে তাইক তাইৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তটোতে [ ১২২ ] প্ৰচণ্ডভাৱে বাধা দিছে। জুলিৰ স্কুলত নামভৰ্তি কৰাৰ কথা ওলাওঁতেই উমাই তাইক ওচৰৰ অসমীয়া প্ৰাইমেৰী স্কুলখনত নাম লগাই দিবলৈ কোৱাত গৌতমৰ গাটোত যেন বিছাহে বগালে। হাতত থকা বাতৰি কাকতখন মুঠি মাৰি ধৰি সি গিৰিস্কৰে উঠি সি সুধিলে কি ক’লা তুমি? অসমীয়া প্ৰাইমেৰী? জুলিক অসমীয়া প্ৰাইমেৰী স্কুলত নাম লগাই দিব লাগে? নাই, নহ'ব। চাধা মলি-মলি অথবা চকীত বহি টোপনিয়াই থকা মাষ্টৰকেইজনৰ হাতত মই তাইক তুলি দি ভূত কৰিব নোৱাৰো। সেইবোৰ স্কুলত দিলে জুলি অপৰিপক্ক জ্ঞানৰ পিণ্ড হ'ব। দৰ্কাৰ নাই। তাইক মই ইংৰাজী মাধ্যমত পঢ়ুৱাম। আৰু স্কুলখননো কিমান দূৰত? দুই কিলোমিটাৰ বাট। অহা-যোৱা কৰিবলৈ তাইক ৰিক্সা এখন বন্দৱস্ত কৰি দিলেই হ’ল’— এইবুলি কৈ সি ওচৰতে থকা জুলিক দুয়োহাতে ওপৰলৈ দাঙি ধৰি সুধিলে— নহয় মা, এ, বি, চি, ডি পঢ়ি আমাৰ জুলিমা এদিন মেজিষ্ট্ৰেট হ’ব। জুলিয়ে একো বুজি নাপালে। মাক-বাপেকৰ কথাবোৰ তাইৰ মগজুৱে ঢুকিয়েই নাপালে। আৰু বাপেকে যে ক'লে—'মেজিষ্ট্ৰেট!'– এইটোনো কি?
 উমাৰ মনটো টেঙাই গ'ল। অতদিনে পুহি ৰখা তাইৰ ইচ্ছাটো তেন্তে অথলে যাব। জুলিক তাই তাইৰ মতে গঢ় দিব নোৱাৰিব? কিন্তু কিয় নোৱাৰিব? জুলি তাইৰো সন্তান! গৌতমৰ লগতে জুলিৰ ওপৰত তাইৰো সমান অধিকাৰ আছে। আৰু জুলিক অসমীয়া স্কুলত দিলে তাইৰ কি ক্ষতি হ’বনো? তাই গৌতমক বুজাব খুজিলে। যুক্তি সহকাৰে অকণো উত্তেজিত নোহোৱাকৈ উমাই জুলিক অসমীয়া মাধ্যমত পঢ়ুৱাবলৈ খাটনি ধৰিলে। উমাৰ কথা হ'ল— তায়ো জুলিক ইংৰাজী ভাষা শিকোৱাৰ পক্ষপাতী। নিজে বি,এ, পাছ আৰু গৌতমো এম,এ, ডিগ্ৰীধাৰী এজন উচ্চপদস্থ চৰকাৰী চাকৰিয়াল। দুয়ো ইংৰাজী ভালকৈ জানে। গৌতমে সুন্দৰকৈ ইংৰাজী ক’বও পাৰে যদিও উমা এইক্ষেত্ৰত বৰ পাৰ্গত নহয়। তেনেস্থলত জুলিক অসমীয়া মাধ্যমত পঢ়ুৱাই নিজৰ মাতৃভাষাৰ লগতে ইংৰাজীও শিকাব পাৰিব। আৰু আজিলৈকে আমাৰ বিখ্যাত বিদ্বান লোকবোৰ জানো অসমীয়া মাধ্যমত পঢ়িয়েই শিক্ষিত হোৱা নাই? আমি আমাৰ নিজৰ ভাষাটোক আওহেলা কৰাটো আচলতে এটা অক্ষমনীয় অপৰাধ। আৰু আমাৰ নিজা স্কুলবোৰত থকা আসোঁৱাহবোৰ দূৰ কৰিবলৈ আমাৰ ল'ৰা-ছোৱালীবোৰ তাত দি আমিয়েই আগভাগ নল’লে আন কোননো আগবাঢ়ি আহিব? পিছৰ কথাখিনি উমাই স্বগতোক্তি কৰাৰ দৰে কলে যদিও এইখিনি কথা গৌতমৰ কাণত ভাষণ ভাষণ যেন হৈহে সোমাল। তাচ্ছিল্যৰ হাঁহি এটা মাৰি গৌতমে উমালৈ চাই ক'লে— তুমি কেতিয়াৰ পৰা ইমান দেশপ্ৰেমিক হ’লা উমাদেৱী? অসমীয়াক পতনৰ মুখৰ পৰা বচাবলৈ [ ১২৩ ] শংকৰদেৱৰ দ্বিতীয় অৱতাৰ নহয়তো? শুনা উমা, কেৱল তোমাৰ জুলিক অসমীয়া মাধ্যমত পঢ়িবলৈ দিলেই দেশৰ প্ৰতি এটা ডাঙৰ দায়িত্ব পালন কৰিলো বুলি ভাবিলে নহ'ব। আৱেগিক হৈলাভনাই। আমি আমাৰ সন্তানৰ ভৱিষ্যৎ চাম। এইবোৰ ফান্টু আদৰ্শৰ বাবে মইজুলিৰ ভৱিষ্যৎ অন্ধকাৰ কৰিব নোৱাৰো। তুমি নিজেই ৰিজাই চোৱা—আজিৰ অসমীয়া স্কুল আৰু ইংৰাজী স্কুল দুয়োটাকে। এটা যেন বিহ মেটেকাৰে পূৰ্ণ খাল আৰু আনটো পদুম পুখুৰী। মই আমাৰ জুলিক পদুম পুখুৰীত চৰিবলৈ দিম। আজিকালি অসমীয়া স্কুলৰ শিক্ষা কি? নাই পৰিপাটি, নাই পৰিষ্কাৰ-পৰিছন্নতা, নাই কোনো শিক্ষাৰ বাতাবৰণ। আৰু শিক্ষক মহাশয়বোৰ একো একোটা ফোঁপজহী ৰঙাই। এসোপামান টকা ভেটি দি প্ৰাৰ্থী নিৰ্বাচনৰ তালিকাত একেবাৰে শেহৰ ফালে নাম থকা কেইজনমানে চাকৰি পায়, যিবোৰে শিক্ষকতা কৰাতকৈ টকা ঘটাতহে মন দিয়ে বেছি। সেইবোৰে কি শিকাব আমাৰ জুলিহঁতক...? আৰু উমা, তুমি এইবোৰ বিষয়ত মাত নমতাই ভাল। যিহেতু বাহিৰৰ প্ৰেটিকেল জগতখনৰ বিষয়ে তুমি একো নাজানা, তেনেস্থলত এনেবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তত তোমাৰ মত জাহিৰ কৰিবলৈ যোৱাটো তোমাৰ মূৰ্খামি। তুমি যিহেতু পাকঘৰ, গোহালিঘৰতে আৱদ্ধ, তোমাৰ জ্ঞানৰ টোপোলাটোও সিখিনিত ৰাখিলেই ভাল হ'ব।
 গৌতম ওলাই গ'ল। তাৰ কথাখিনি শুনাৰ পাছত উমা থৰ হৈ ৰ'ল। কি শুনিলে বাৰু তাই? যাৰ বাবে তাই তাইৰ বৈচিত্ৰতাপূৰ্ণ জগতখনৰ মায়া এৰি নিজকে চাৰিবেৰৰ মাজত আৱদ্ধ কৰি ৰাখিলে তাৰ মুখতে এনে কথা! তায়ো কি ইচ্ছা কৰা হ'লে মিছেছ বৰাহঁতৰ দৰে বৃদ্ধ মাক-বাপেকক অকলশৰে এৰি বাহিৰৰ ৰঙীন পৃথিৱীখনৰ লগত মিলি যাব নোৱাৰিলেহেঁতেন; য'ত গৌতমে কোৱা সংসাৰৰ ‘প্ৰেকটিকেল’খিনি আছে? পাকঘৰৰ চাৰিচুক আৰু গোহালিৰ গৰুবোৰক দিয়াৰ যোগ্যতাহে আছে নেকি তাইৰ জ্ঞানৰ? তাইৰ চিন্তাবোৰ ইমান লঘু নে যে তাৰ দ্বাৰা তাই একমাত্ৰ সন্তানটোৰো ভৱিষ্যৎ অন্ধকাৰ হৈ যাব! তাই বুজি নাপায়, কিয় গৌতমে পাহৰি গ'ল যে সিও ত্ৰিভুজাকৃতিৰ অসমীয়া আখৰবোৰ পঢ়িয়েই বিশ্ববিদ্যালয়ৰ শেষ ডিগ্ৰী লোৱাৰ উপৰিও এটা উচ্চ পদত নিয়োজিত হ’ব পাৰিছে! কিয় বাৰু সি পাহৰি গ'ল যে আনহে নালাগে স্বয়ং তাৰ দেউতাকেও প্ৰাইমেৰী। স্কুলৰ প্ৰধান শিক্ষক হৈ থাকি শিক্ষকতা আৰু পাণ্ডিত্য গুণৰ বাবে এতিয়াও এই অঞ্চলটোতে এক সুকীয়া সন্মান থৈ যাব পাৰিছে! ভাবি ভাবি তাইৰ দুচকু ভৰি আহিল। স্বভাৱতে শান্ত উমাই পৰিস্থিতি চম্ভালিবলৈ কিছু সময় ল'লে। কালিৰে পৰা আজি গোটেই দিনটো ভাবি ভাবি তাই ঠিক কৰিলে যে নিজৰ মতভেদ বাবে পাৰিবাৰিক অশান্তিৰ সৃষ্টি কৰি জুলিক এটা অসহনীয় পৰিৱেশ দিয়াতকৈ [ ১২৪ ] তাইক ইংৰাজী মাধ্যমৰ স্কুলতেই নাম লগাই দিয়া হওক। আজৰি সময়ত তাই জুলিক অসমীয়া শিকাব। শিকাবই। তাই জীয়াই থাকোতে জুলিক নিজৰ মাতৃভাষাটোকে জোটাই জোটাই পঢ়িব লগা কৰি নথয়। পাকঘৰৰ কাম সামৰি উমাই জুলিৰ ওচৰত বহি এটা এটাকৈ ইংৰাজীৰ বৰ্ণবোৰ শিকাই যাবলৈ ধৰিলে। তেনেতে গৌতম আহি অলপ দূৰত থিয় হ’ল। উমাই তাক দেখিও নেদেখাৰ ভাও জুৰি পঢ়ুৱাই যাবলৈ ধৰিলে। গৌতমৰ লাজ লাগিল। বৰ বেয়াধৰণে যেন উমাৰ ব্যক্তিত্বৰ ওচৰত সি আজি হাৰ মানিলে! নিয়মমতে উমাই আজি বিদ্ৰোহ কৰিব লাগিছিল। গৌতমে কৰা ককৰ্থনাৰ বাবে উমাই অদ্ভুত কিবা এটা আচৰণ। কৰাহ’লে চাগে সি বেয়া নাপালেহেঁতেন! তাৰ চিন্তাধাৰাক ভ্ৰান্ত বুলি প্ৰতিপন্ন কৰিবলৈ তাই আজি বিদ্ৰোহ কিয় নকৰিলে? সিতো সত্য নহয়। দেশৰ প্ৰতি, জাতিৰ প্ৰতি, প্ৰত্যেকৰে কৰ্তব্য আছে। তেনেস্থলত এটা ভুল পথ ধৰি আগবাঢ়ি যোৱাত উমাই তাক যুদ্ধ কৰি হ'লেও বাধা দিয়া নাই কিয়? সি ভুল কৰিছে। ৰঘুমলাৰ দৰে ছানি ধৰিব খোজা অপৰিপক্ক ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰে লাহে লাহে আমাৰ জাতিটো ধ্বংস কৰিব ধৰিছে। ৰাতিপুৱাৰে পৰা ভাবি ভাবি সি এতিয়া উপলব্ধি কৰিব পাৰিছে যে এই বিদ্যালয়বোৰ আচলতে একোটা বেপাৰৰ আহিলা। কিছু লোকে টকা ঘটাৰ বাবে গাঁৱে-চহৰে এনে কিছুমান অনুষ্ঠানৰ গঢ় দি আহিছে। উমাৰ কথাত সত্যতা আছে। যদিহে প্ৰতিজন অভিভাৱকে ইংৰাজী স্কুলত খৰচ কৰা টকাখিনি তেওঁলোকৰ ল'ৰা-ছোৱালীক অসমীয়া বিদ্যালয়ত দি তাৰ হকে খৰচ কৰে আৰু ইংৰাজী স্কুলৰ শিক্ষা পদ্ধতি বা আন বিষয়ত দেখুওৱা সচেতনতাখিনি অসমীয়া মাধ্যমৰ স্কুলত দেখুৱায়— কাৰ সাধ্য আছে অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰক পিছ পেলাই ৰখাৰ? এৰা, উমাজনীয়ে বৰ সুন্দৰ কথা ক’ব পাৰে! আঁতৰৰ পৰা লক্ষ্য কৰি গৌতমে উমাৰ মুখত এক অৱক্ষয়হীন ব্যক্তিত্বৰ জ্যোতি দেখা পালে। এখোজ দুখোজকৈ আহি গৌতম উমাৰ পাছত ৰ’লহি। উমাই তেতিয়া পঢ়ুৱাই আছিল— A for Apple, B for Ball..। উমাৰ চকুদুটা পাছফালৰ পৰা আলফুলে ঢাকি ধৰি গৌতমে জুলিক ক'লে— এ ফৰ এপ্পল নহয় মা, আৰ পৰা আপেল....! দুচকুৰ পৰা গৌতমৰ হাতদুখন আঁতৰাই উমাই অবুজভাৱেৰে তাৰ মুখলৈ চালে। গৌতমে মিচিকিয়া হাঁহি এটাৰে লাহে লাহে মূৰটো দুপিয়াই কলে—ওঁ। কালিলৈ বুধবাৰ। মই তুমি কোৱা প্ৰাইমেৰী স্কুলখনৰ হেডমাষ্টৰক লগ ধৰিমগৈ জুলিৰ নামভৰ্ত্তিৰ বাবে। — জুলিয়ে দেখিলে, মাকৰ বগা গোল মুখখনলৈ এই হাঁহিব-এই হাঁহিব যেন লগা ভাবটো আকৌ ঘূৰি আহিছে। তাই আনন্দতে কিৰিলিয়াই হাত-চাপৰি বজাই দিলে।