পৃষ্ঠা:একুৰি এটা গল্প.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮•একুৰি এটা গল্প
 

শাস্তি হ’ব পাৰে? তিনিবছৰ পৰ্যন্ত কাৰাবাস, যিখিনি সময় হয়তো হ’ব পাৰে ভোমাৰ জীৱনৰ আটাইতকৈ মূল্যবান সময়। সেয়ে কৈছো, তুমি অন্ততঃ তোমাৰ নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ চেষ্টা কৰা।
 এইবাৰ অভিযুক্তই তেওঁৰ ফালে মূৰ তুলি চালে আৰু দ্বিধাহীন মাতেৰে ক'লে— আপুনি মোৰ কথা শুনিবলৈ যদি সঁচাকৈ ইচ্ছুক, তেন্তে আপোনাৰ ৰায়দানৰ পাছতহে মই মোৰ বক্তব্য ৰাখিম।
 —এয়া হ'ব নোৱাৰে; ৰায়দান কৰাৰ পাছত কোনো দলিল গ্ৰাহ্য নহয়। তোমাৰ ক'বলগীয়াখিনি এতিয়াই কোৱা। তুমি জনা উচিত যে তোমাৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি তোমাৰ ওপৰত অনা আৰোপৰ পৰিণামত হীন-ডেঢ়ি হ’ব পাৰে।
 —সেয়া মই নিবিচাৰো মহাশয়।
 —তুমি বিচৰা নিবিচৰাৰ ওপৰত আইনে নিজৰ নীতি সলনি নকৰে। মই তোমাক শেষ বাৰৰ বাবে সুযোগ দিছো, তুমি তোমাৰ বক্তব্য ৰাখা।
 —হে মহামান্য আদালত, মই কৰা কাৰ্যৰ বাবে শাস্তি বিধান হ’বই। সেয়া মই জানো। গতিকে মোৰ কৃতকৰ্মৰ বাবে নিৰ্ধাৰিত যি শাস্তি, সেয়া মই মোৰ বক্তব্য ৰখাৰ পাছতো অক্ষুন্ন থাকিব বুলি বিচাৰপতিয়ে ঘোষণা কৰিলে মোৰ কথা কোৱাত আপত্তি নকৰো।
 এইবাৰ বিচাৰক বিমোৰত পৰিল। ক্ষন্তেকতে মনৰ মাজত যিবোৰ পুথি অধ্যয়ন কৰি আহি দণ্ডাধীশ হৈছেহি সকলো ওলট-পালট কৰি চালে। এনেধৰণৰ আচামীৰ পূৰ্ব ৰেকৰ্ডো নাই। উপায়ান্তৰ হৈ তেওঁ এক ঘণ্টাৰ বাবে আদালত স্থগিত ৰখাৰ আদেশ দিলে। দিনৰ দুই বজাৰ পৰা আদালতৰ কাম বৰ্তমান পৰ্যায়ৰ পৰাই আৰম্ভ হ'ব। বিচাৰক উঠি গ'ল। লগে লগে কোঠাটোত হুলস্থূলৰ সৃষ্টি হ’ল। ঘটনাৰ পৰিণতি জানিবলৈ সকলোৰে উৎকণ্ঠা বাঢ়িবলৈ ধৰিলে। সাংবাদিকসকল মানুহজনৰ ওপৰত জুমুৰি দি পৰিল। বিভিন্নজনৰ বিভিন্ন প্ৰশ্ন উত্তৰত কিন্তু তেওঁ সম্পূৰ্ণ মৌন হৈয়েই থাকিল।

∘∘∘

 দুই বজাৰ লগে লগে পুনৰ বিচাৰ কাৰ্য আৰম্ভ হ'ল। এইবাৰ কোনো পাতনি নেমেলাকৈ বিচাৰকে ক'লে— তোমাৰ দাবী মানিব পৰাৰ কোনো উপায় নাই। মই মানুহ হ'লেও এজন বিচাৰক। নিৰপেক্ষ বিচাৰ কৰাটো মোৰ কৰ্তব্য। তোমাৰ ওপৰত থকা আৰোপ আৰু তাৰ প্ৰমাণ সকলোবোৰ মিলি এশ শতাংশই তোমাৰ নিৰ্দোষিতাৰ বিপৰীতে আছে। সেয়ে আদালতে আকৌ একে কথাকে