পৃষ্ঠা:একুৰি এটা গল্প.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬•একুৰি এটা গল্প
 

কৰিলে। মুখ্যমন্ত্ৰীৰ মুখৰ ভাব পৰিৱৰ্তনৰ ইংগিত বুজি মানুহজনক শীঘ্ৰে তাৰ পৰা আঁতৰাই নিয়া হল।
 সভাৰ কাম পুনৰ আৰম্ভ হ’ল। মুখ্যমন্ত্ৰীয়ে ভাষণৰ বাকীখিনি আৰম্ভ কৰি গলহেঁকাৰি এটা মাৰি সন্মুখৰ জনতাক সম্বোধন কৰিলে ৰাইজ, সভাৰ মূল আকৰ্ষণ মুখ্যমন্ত্ৰীৰ ভাষণ শেষ হোৱাৰ লগে লগে মানুহখিনিৰ মন জোতা নিক্ষেপৰাজনৰ প্ৰতি ধাৱমান হ’ল। প্ৰায়খিনিয়ে সভাৰ পৰৱৰ্তী ভাষণত মনোনিৱেশ নকৰি নিজৰ মাজতে দুৰ্কপলীয়াজনৰ বিষয়ে আলোচনা কৰিবলৈ ধৰিলে।
 সেইদিনা বৰ বৰ হৰফেৰে ঘটনাটোৱে এটা মুখ্য খবৰৰূপে সান্ধ্য বাতৰি কাকতত ঠাই পালে। যিয়ে বাতৰি কাকত পঢ়ে, তেওঁলোকে পঢ়িবলৈ পালে জোতা নিক্ষেপ কৰাজনক থানাৰ লআপত থোৱা হৈছে। কালিলৈ দুপৰীয়া দণ্ডাধীশৰ সন্মুখত তেওঁক হাজিৰ কৰোৱা হ’ব আৰু বিচাৰত দণ্ডাধীশৰ ৰায়েই চূড়ান্ত হ’ব। অৱশ্যে অভিযুক্তই ইচ্ছা কৰিলে নিজ পক্ষ সমৰ্থনত উকীল ল’ব পাৰে। তাৰ পাছত আছে বাতৰিটোৰ ওপৰঞ্চি হিচাপে সংবাদদাতাৰ নিজা মন্তব্যৰ দুটামান লাইন।

∘∘∘

 জিলা দণ্ডাধীশৰ আদালত কক্ষৰ ভিতৰ বাহিৰ লোকে লোকাৰণ্য। সহখিনিয়েই যুৱক। এনেবোৰ খবৰ আৰু ঘটনাৰ বাবে আজিকালি বয়সীয়া মানুহবোৰৰ উৎসাহ কমি গৈছে। তেওঁলোকে দেখিও নেদেখা, শুনিও নুশুনাৰ দৰে থাকি মাত্ৰ দুই-চাৰিজনীয়া ক্ষুদ্ৰ ক্ষুদ্ৰ গোটৰ আড়াত ভুনভুনীয়া মাতেৰে এইবোৰৰ বিষয়ে আলোচনা কৰে। উশৃংখলতম পৰ্যায়লৈ যাবলৈ ধৰা যুৱচামক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে আজিকালি কথা কোৱাৰ প্ৰয়োজন অনুভৱ নকৰে। আদালত কক্ষৰ ভিতৰে বাহিৰে সেয়ে ভিৰ কৰিছেহি জাকে জাকে সাংবাদিক আৰু যুৱক-যুৱতীসকলে। অৱশ্যে বৃদ্ধসকলক প্ৰতিনিধিত্ব কৰিবলৈ যেন আৰক্ষীৰ আহ্বানত সাক্ষ্যদানৰ বাবে দুই-চাৰিজন বৃদ্ধ আহি আগৰ পৰাই আসন দখল কৰিছেহি। উৎকণ্ঠিত জনতাৰ মাজত সৰু সৰু গোটত বিভক্ত হৈ চলিছে ভুনভুনীয় আলোচনা। অভিযুক্তজনক কোনেও সেইদিনা ভালদৰে দেখাই নাছিল। কোন হ’ব পাৰে এই দুস্কৃতিকাৰী। স্থানীয় মানুহ হ'লে চিনি পাবলৈ অসুবিধা নহয়। সেয়ে মানুহখিনি ৰৈ আছে চাৰে এঘাৰ বজালৈ।
 দুখন পুলিচৰ জীপগাড়ী অগাপিছাকৈ আহি উপস্থিত হ’ল। মানুহবোৰৰ মুখবোৰ যথাসম্ভৱ দীঘল কৰি দিয়া ডিঙিটোৰ ওপৰত উঠি জীপগাড়ীৰ আৰোহীৰ