সমললৈ যাওক

পৃষ্ঠা:একুৰি এটা গল্প.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ১৩১
 

আহি দেখি যোৱা মোৰ নিজৰ ঘৰখন অচিনাকী যেন লাগিল। কেউপিনে দৈন্যতা। সকলো ফালে নাই নাই ভাৱ। মা-দেউতাক দেখাৰ লগে লগে চকু দুটা পানীৰে ভৰি পৰিল। জোনবাইৰ দৰে মোৰ মাৰ মুখখনৰ চকু দুটা গাঁতত সোমাই গৈছে। কুম দুটাত টোল পৰি গোল মুখখন দীঘলীয়া হৈ পৰিছে। দেউতাৰ বুকুৰ কামী হাড়কেইডাল দূৰৰ পৰাই লেখিব পাৰি। চুলি বগা। কেনেকৈ? মাত্ৰ চাৰে তিনিবছৰত ইমান পৰিৱৰ্তন! আত্মগ্লানিত মনটো ভৰি গ'ল। মায়ে আথে বেথে ক'লে— বাছা, তই আহিছ নহয়! এতিয়া সকলো ঠিক হৈ যাব। সকলো আকৌ আগৰ দৰে হ’ব। তই অকণো চিন্তা নকৰিবি।
 পাছতহে গম পাইছিলো, মই যিটো ঘৰত আহি সোমাইছো সেই ঘৰটোও আইনমতে বৰ্তমান আনৰ। তিনিদিন থাকি মই উভতি গৈছিলো মনত দৃঢ় সংকল্প লৈ যে দেউতাৰ সকলো সম্পত্তি মই ঘূৰাই আনিম।
 ৬ মাহ পাৰ হ’ল। আধুনিক বিশ্বত বহুতো নতুন সমস্যাই দেখা দিলে। সেইবোৰৰ মাজতে আহিল বিশ্বৰ আৰ্থিক মন্দাৱস্থা। এই সংকটে ভাৰতকো চুলে। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বহু কোম্পানীয়ে যধে-মধে বহুতৰে চাকৰি কৰ্তন কৰিলে। ভয়ত শিয়ৰি আছিলো যদিও এদিন সেয়ে হ’ল। মই কাম কৰা কোম্পানীটোৰ মোতকৈ দুবছৰ আগৰে পৰা সোমোৱা সকলোকে খেদিলে। হাঁহাঁকাৰ হ'ল। বিভিন্ন কোম্পানীত খবৰ কৰিলো। কোনো ৰাজী নহয় নতুন নিয়োগ কৰাত। অতি কম দৰমহাত কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাতো কোনো কোম্পানীত মূৰ সুমুৱাব নোৱাৰি হতাশ হলো। শেষত চৰকাৰী দপ্তৰে দপ্তৰেও ঘূৰিলো। মোৰ দৰে কত হাজাৰজনে এনেদৰে ঘূৰি ফুৰিছে! কোনে কালৈ চায়? ইতিমধ্যে মোৰ সকলো খবৰ মাহঁতে পাইছিল। আৰু অধিক সৰ্বস্বান্ত হোৱাৰ ভয়ত মই স্ব-গৃহলৈ প্ৰত্যাৱৰ্তন কৰিলো। তেতিয়ালৈ মাহঁতে বন্ধকত থোৱা নিজৰ গৃহত মাত্ৰ মই অহালৈ মালিক পক্ষৰ অনুমতি লৈ অপেক্ষা কৰি আছিল। বৃদ্ধ মা-দেউতাক লৈ ক'লৈ যাম, কি কৰিম লাগিল। দুয়োৰে স্বাস্থ্যও বেয়াকৈ পৰি আহিছিল। জীৱনৰ গুৰুত্বপূৰ্ণ সময়খিনি অসমৰ বাহিৰতে কটোৱা বাবে মোৰ চা-চিনাকীও বেছি নাই। হাতত থকা অৱশিষ্ট টকাখিনিৰে মা-দেউতাৰ চিকিৎসা কৰাওঁ বুলি দুয়োকে চৰকাৰী হস্পিতালত ভৰ্তি কৰিলো। চিকিৎসাৰ নামত জেপ ফুটা হ’ল। স্বাস্থ্যৰ উন্নতি নহ'ল। এদিন পুৱতি নিশা অলপ সময়ৰ অগা-পিছাকৈ দুয়ো গুচি গ'ল। হস্পিতালৰ মেটৰৰ সাহায্যত শৱ দুটা ঠেলা এখনত আনি মোৰ ভৰিৰ দামী জোতাযোৰ বিক্ৰী কৰি যেনে তেনে খৰি অলপ যোগাৰ কবি শৱ দুটা দাহন কৰিলো। তেতিয়ালৈ