পৃষ্ঠা:একুৰি এটা গল্প.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আনন্দৰ আনন্দ

  খবৰটো পাই ভাল লাগিল। ভালেই লাগিছে! মলয়াৰ ল'ৰা এটা হ'ল। মোবাইলত মেছেজটো পঢ়ি আনন্দৰ ভাল লাগিল। ভাল লাগিছে ঠিকই, কিন্তু উঠি গৈ বা চিঞৰি ঘৰৰ বাকীবোৰক খবৰটো দিবলৈ উৎসাহ নাপালে। ‘ল’ৰা এটা হ'ল’ — এই খবৰটো বাৰু কিমান ভাল খবৰ? মোবাইলটো হাতত লৈ সি মেছেজ বক্সত আকৌ খবৰটো পঢ়ি চালে— ‘মলয়াৰ ল'ৰা এটা হ’ল। ’ সি ফোনটো থৈ দিলে। সি জানে— খবৰটো ৰাষ্ট্ৰ হোৱাৰ লগে লগে ঘৰখনত হুলস্থূল লাগি যাব। এই একৈশ শতিকাৰ যুগতো মানুহে সন্তানৰ ৰূপত কেৱল পুত্ৰকেই কামনা কৰে। পুত্ৰ সন্তান হলে তাৰ বাবে প্ৰকাশ কৰা আনন্দও ‘স্পেচিয়েল’ হয়— আৰে বাবা! ল’ৰাৰ বাপেক হ’ল, আৰু কি লাগে? বহুদিন নিঃসন্তান ৰূপে থকা কোনো দম্পতীৰ কোলালৈ ছোৱালী সন্তান আহিলে কোৱা হয় ...হওক বাৰু! অহাবাৰলৈ ল'ৰা এটা হলেই হয়। যেন ল'ৰা এটা নহ'লেই জীৱন-সংসাৰ অসাৰ...!
  আনন্দই ভাল নাপায়। তাৰ তিনিটা ল'ৰা। ছোৱালী এজনী জন্ম পোৱাটো সি মনে-প্ৰাণে আশা কৰিছিল যদিও নহ'ল। প্ৰত্যেকবাৰ সন্তানসম্ভৱা অদিতিয়ে ভগৱানৰ ওচৰত বিৰ্‌বিৰাই ‘ক'লীয়া গোসাঁইকে’কে পুত্ৰৰূপে পোৱাৰ মানস কৰে। আৰু ভগৱানেও সেৱকীৰ মনৰ বাঞ্ছা পূৰ্ণ কৰি বাৰে বাৰে পুত্ৰৰূপে জন্মি অদিতিৰ বুকু গৰ্বৰে ভৰাই দিয়ে। তিনি পুত্ৰৰ মাতৃ! গৌৰৱৰ কথা। তাতে ক'লা ৰংটো বাদ দি ‘সাইলাখ গোসাঁই’। আনন্দৰ মাক আৰু পৰিয়ালৰ আন বয়সস্থসকলৰ আগত অদিতি হৈ পৰে সুলক্ষণী। আনন্দৰ এইবোৰ ভাল নালাগে। মিছা। অনৰ্থক আনন্দ বুলি অনুভৱ কৰি সি এইবোৰৰ পৰা আঁতৰত থাকিব খোজে। নিঃসন্তান দম্পতীয়ে সন্তান লাভ কৰিলে তাৰো ভাল লাগে। কিন্তু, পক্ষপাতিত্বমূলক ভাল লগা? নাই, সি কোনো উচ্ছাস অনুভৱ নকৰে যে তাৰ তিনিটা ল’ৰা। প্ৰথমবাৰ বাপেক হ’বলৈ ওলাওঁতে সি অদিতিৰ পেটত কাণ থৈ যেতিয়া গৰ্ভস্থ সন্তানৰ উপস্থিতি অনুভৱ কৰিব খুজিছিল, অতিদিয়ে তাৰ মূৰটো আঁতৰাই কৈ উঠিছিল— এই আঁতৰাচোন! সি খং কৰিব।
  নিতান্তই ধেমালি কৰি কোৱা কথাষাৰে আনন্দৰ আৱেগত বাধা দিছিল— সি? সি বুলি ক'লা যে?