পৃষ্ঠা:একুৰি এটা গল্প.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২ • একুৰি এটা গল্প
 


লগতে অদিতিৰ কাপটোও আওখালি থোৱা... ইত্যাদি। পৰিণতিও দেখা গৈছে। জোতা থোৱা ৰেকডালত আজিকালি অদিতিৰ ছেণ্ডেল নাথাকে, ক’ত থাকে সি নাজানে। আল্‌নাত অদিতিৰ কাপোৰ নোহোৱা হ’ল, চাহ খাই অদিতিয়ে হাতৰ পৰা কাপ নেৰেই...। আনন্দই মনে মনে হাঁহে। এচামে মৰিছে নাৰী স্বাধীনতা আৰু সম অধিকাৰ বিচাৰি আৰু এচামে...।
  কাষৰ কোঠাত বৰপুত্ৰ বিপুল প্ৰচণ্ড চিঞৰত আনন্দ চক্ খাই উঠিল—
মা, আইতা...!
 — কি হ’ল, কি হল? আটাইবোৰ গোট খালে।
 — ভাল খবৰ।
 — কি? কি ভাল খবৰ? ক আকৌ! আটাইবোৰ ব্যগ্ৰ। মলয়া খুড়ীৰ ল’ৰা এটা হ'ল।
 -হা! যুগ যুগৰ উৎকণ্ঠাৰ অৱসান পেলাই যেন সুখৰ বতৰাই মন মুকলি কৰি দিলে। দুয়ো হাত ওপৰ কৰি আনন্দৰ মাকে ভগৱানলৈ ধন্যবাদ নে কিবা জনালে। অদিতিয়ে আনন্দত উজলি উঠা মুখেৰে গোসাঁইঘৰলৈ বুলি খোজ দিলে। ‘মলয়াৰ সন্তান হলেই জ্বলাম’ বুলি আগ কৰি থোৱা ঘিঁৰ চাকি জ্বলাবলৈ। ল’ৰা তিনিটাই অকাৰণতে জাঁপ মাৰি হেই, হেই জাতীয় শব্দ মুখেৰে বাহিৰ কৰি আনন্দ প্ৰকাশ কৰিলে। কাম কৰা বাই আৰু হালোৱা লৰাটোৰে আকৰ্ণ বিস্তৃত হাঁহি। সিহঁতেও জানো ইমান আনন্দই পাইছেনে?
  আনন্দই পৰ্দাৰ ফাঁকেৰে দৃশ্যটো হৃদয়ংগম কৰি আকৌ আগৰ ঠাইলৈ আহিল। মুখত এটা হাঁহিও ওলাল। হওক তেওঁ, মলয়াৰ সন্তান এটা হ'ল। বাৰ বছৰ ধৰি নিঃসন্তান মলয়াই ভগৱানৰ আশিস পাইছে।
  ভগ্নীসম মলয়া আনন্দৰ সৰু ভায়েক বিনন্দৰ পত্নী। সন্তানহীন মলয়াই পুত্ৰৱতী বৰজায়েকৰ আগত শাহুৱেকৰ কট্‌কটনি শুনি সহিব নোৱৰা হৈ যোৱা চাৰি বছৰৰ পৰা বিনন্দৰ চাকৰি কৰা স্থানতে ভাৰাঘৰত আছিলগৈ। আনন্দই ভাল পাইছিল। মাকৰ ইচ্ছাৰ বিৰোধিতা কৰি ভায়েকৰ ওচৰলৈ যোৱা বাবে অদিতিয়েও তাইক ‘গুৰু-গোসাঁইনমনা’ জাতীয় কথা কৈছিল যদিও আনন্দৰ উদাৰতাৰ আগত বৰ বেছি একো কৰিব পৰা নাছিল। মলয়াৰ এটা সন্তান হোৱাটো ঘৰৰ বাকীবোৰে যেনেদৰে কামনা কৰিছিল, আনন্দয়ো কৰিছিল। লোকক দেখুৱাই ভগৱানৰ কোঠালিত মূৰ নোদোঁৱালেও সি ভগ্নীসম মলয়াই সন্তান পোৱাটো মনে-প্ৰাণে কামনা কৰিছিল। আৰু সমাজত প্ৰচলিত ‘ছিষ্টেম’টোৰ বিৰুদ্ধে জেহাদ কৰাৰ মন