পৃষ্ঠা:একুৰি এটা গল্প.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটী গল্প • ৯১
 


 — সি নহয় কি? দিনে-নিশাই ভগৱানক খাটিছো ল'ৰা এটালৈ। ভগৱানে। এইকণ চকু মেলি নাচাবনে?
 — তোমাৰতো ছোৱালীও হ'ব পাৰে।
 — নহয়। ল’ৰা হ'ব আৰু মোক ল’ৰাই লাগে—অদিতিৰ আত্মবিশ্বাস।
 — নাপায় অদিতি। তুমি কোৱা উচিত, ভগৱানে যি দিয়ে সেয়েই হ'ব আনন্দৰ বৃথা বুজনি দিয়াৰ চেষ্টা।
 — নহ’ব। কিয় হ’ব? মোক ল’ৰা লাগে। বুজিছো, তোমাৰ মায়েৰায়ো সদায় পুৱা মোক গোসাঁইঘৰৰ নিৰ্মালি দিয়েহি ‘পুত্ৰৱতী হোৱা’ বুলি। তেওঁৰ আশীৰ্বাদ অথলে যাব নেকি?
 — আনন্দই আৰু কথা পতাৰ উৎসাহ নাপালে। কিয় বাৰু এনে হয়? কিয় বাৰু মানুহে, সমাজে কেৱল পুৰুষকহে আগস্থান দিয়ে? আজন্ম সি দেখি আহিছে। গোটেই সমাজখনতে এই ‘ছিষ্টেম’ চলি আহিছে— ভাত ৰান্ধিব মাইকী মানুহে, খাব আগতে মতা মানুহে, কেতিয়াবা মতা মানুহখিনি ঘৰত নাথাকিলে ঘৰত থকা মাইকী মানুহখিনিয়ে তপত ভাত-আঞ্জা আগত লৈ ভোকত কটিয়াই থাকিব। ঘৰৰ কাপোৰ-কানি ধুই মেলি দিব মাইকী মানুহে, কিন্তু হঠাৎ কেতিয়াবা মাইকী মানুহ ঘৰত নথকা সময়ত যদি বৰষুণ দিয়ে টানত পৰি আন কাপোৰবোৰ ঘৰৰ ভিতৰ সুমুৱালেও মাইকী মানুহজনীৰ কাপোৰখিনি ভিতৰ নুসুমুৱায়। তিতিব। আনন্দই এনে হোৱা দেখিছে। ওচৰে-পাঁজৰে বহুতৰ ঘৰত এনে হয়। আনকি নিজৰ ঘৰতো হঠাৎ বৰষুণ অহা অৱস্থাত অদিতিৰ পিন্ধা কাপোৰ সামৰি ভিতৰলৈ লৈ আহোঁতে স্বয়ং অদিতি মুখৰ পৰাই সি যি ককৰ্থনা শুনিলে, সি অবাক। কি হয় বাৰু মাইকী মানুহৰ কাপোৰ চুলে? কি হয় বাৰু ঘৈণীয়েকৰ থালৰ পৰা আনি গিৰিয়েকে কিবা খালে? কি হয়?
 — নাপায়।
 — কিয় নাপায়?
 — নাপায় আৰু...।
  সি কোনোদিনে সদুত্তৰ নাপায়। মনে মনে তাৰো অলপ জেদ হ’বলৈ ধৰা সি অনুভৱ কৰে। এই ব্যৱস্থাৰ বিৰোধিতা কৰিবৰ মন কৰি সি আজিকালি অদিতিৰ আল ধৰিবৰ চেষ্টা কৰে। নিজৰ জোতা ব্ৰাছ কৰাৰ সময়ত অদিতিৰ ছেণ্ডেলযোৰো ব্ৰাছ কৰি থোৱা, গা ধুবৰ পৰত বিচাৰি খোঁচাৰি অদিতিৰ লেতেৰা যেন লগা এখন বা দুখন কাপোৰ নি ধুই দিয়া, চাহ খাই অঁতালে সাউতকৈ নিজৰটোৰ