পৃষ্ঠা:একুৰি এটা গল্প.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৯৪ ॥ একুৰি এটা গল্প

বাহিৰলৈ ওলাই যাব লাগিব। আনন্দই বহাৰ পৰা উঠিব খোজোঁতেই ফোনটো বাজি উঠিল। বিনন্দ কলিং। কি বা হ’ল? আনন্দই ফোনৰ ছুইছটো অন কৰি হেল্লো কোৱাৰ আগতেই সিফালৰ পৰা বিনন্দৰ উচ্ছ্বসিত মাত ভাহি আহিল— দাদা, মই বিনন্দ। খবৰটো পালিনে? ছোৱালী এজনী হ'ল...।
 —হা! কি কলি? ছোৱালী হ’ল? মেছেজত...?
 —নাৰ্ছে ভুলতে ল’ৰাৰ ফালে থকা লাইটটো জ্বলাই দিছিল। মেছেজটো লগে লগে কৰি দিলো। আধা মিনিট পাছতেই তেওঁলোকে শুধৰাই দিছিল। মলয়াৰ ছোৱালী এজনী হ'ল। বৰ ধুনীয়া। স্বাস্থ্যৱতী...। তহঁতক খবৰটো দিয়াত অলপ দেৰি হ’ল। বেয়া নাপাবি। দাদা, মোৰ দিগদাৰ হৈছে। বৌক পাৰিলে মুনৰ লগত পঠিয়াই...।
 হ'ব হ'ব। তই ফোন থ। তই মলয়াৰ কাষত থাক। বাকী চব মই চম্ভালিম। আনন্দই বিনন্দৰ আগতে ফোনটো কাটি দি চেঙেলীয়া পুতেকহঁতৰ দৰে বাহিৰলৈ ঢাপলিয়ালে—মা মা, অদিতি অদিতি...। মাক, অদিতি আৰু ঘৰৰ বাকীবোৰ গোট খালে। আটাইৰে উৎকণ্ঠিত দৃষ্টি। অদিতিৰ হাতত মিঠাইৰ প্লেট আছিলেই! আনন্দই হাঁহিমুখে আগবাঢ়ি গৈ প্লেটৰ পৰা অৱশিষ্ট মিঠাইটো দুয়ো আঙুলিত তুলি আনি মুখত সুমুৱালে। তাৰ পাছত অদিতিৰ চাৰত আঙুলিৰ আঠা মচি ক'লে— মলয়াৰ ল'ৰা নহয়, ছোৱালী এজনী হ’ল। নাৰ্ছে প্ৰথমে ভুল ৰিপ'ৰ্ট দিছিল। অদিতি তুমি ওলোৱা। মই থৈ আহোঁগৈ। দেৰি নকৰিবা। ছোৱালীজনী লৈ নহ'লে মলয়াৰ বৰ অসুবিধা হ’ব...।