পৃষ্ঠা:একুৰি এটা গল্প.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৯৩
 


কৰি সি অদিতিহঁতৰ কামনাৰ বিপৰীতে ‘মলয়া এজনী ছোৱালীৰ মাক’ হোৱাটো বিচাৰিছিল। ভগৱানে যি দিয়ে সেয়েই হ'ব বুলি অদিতিক বুজনি দিয়া আনন্দই মনে মনে বিনন্দ আৰু মলয়াৰ এজনী ছোৱালী হোৱাটোকে কামনা কৰিছিল। কিন্তু...।
  ফোনত মেছেজটো পাই সেয়ে সি আনন্দ প্ৰকাশ কৰিবনে নকৰিব ভাবি থাকোতেই বৰপুতেকৰ মোবাইলত অহা একেটা খবৰেই সকলোকে মুহূৰ্ততে উল্লসিত কৰি তুলিলে। আইতাকৰ সাঁচতীয়া টকা লৈ চাইকেল মাৰি বজাৰৰ পৰা মিঠাই লৈ অহা বৰপুতেকৰ চাল-চলনত এনে লাগিছে যেন ‘কৃষ্ণ’ৰহে জন্ম হ’ল। উস্..। কাঁহৰ থাল এখনত মিঠাইৰ পেকেটটো খুলি লৈ হাঁহিমুখে অদিতি সোমাই আহিল।
 — বৰদেউতা, হোৱা, মিঠাই খোৱা। অদিতিয়ে আনন্দৰ মুখত মিঠাই গুঁজি দিব বিচাৰিলে।
 — তোমালোকো যে আৰু! থোৱাচোন ইয়াত প্লেট এখনত। খাম পাছত। আনন্দৰ কৃত্ৰিম খং।
 — উৱা, ইমান আনন্দৰ দিনতো তুমি মিঠাই খাবলৈ ইমান সময় লগাবানে? তোমাৰ মৰমৰ মলয়া মাক হ’ল, লোৱা...।
  আনন্দৰ এইবাৰ সঁচাকৈয়ে খং উঠিল— মলয়া মাক হ’ল নহয়! ল’ৰাৰ মাক হ’ল। প্লেট এখনত ইয়াতে থোৱা। মোৰ ভাল লাগিছে। মই খাম। কিন্তু তোমালোকৰ দৰে পগলা হ'বলগীয়া মোৰ হোৱা নাই।
 অদিতিয়ে ধৰিব নোৱাৰিলে আনন্দৰ আচলতে কি হ’ল। মলয়াক আনন্দই বৰ মৰম কৰে। বৰ ভাল পায়। নিজৰ জীয়েকৰ দৰেই। সেইজন মানুহেই আকৌ মলয়াৰ এই সুখবৰটো পায়ো গোমোৰা ভাবেৰে আছে। মুকলি মনেৰে হাঁহিবও পৰা নাই...।
  অদিতি ওলাই গ'ল। অদিতিয়ে প্লেট এখন আনি থৈ যোৱা মিঠাই দুটালৈ আনন্দই চালে। মিঠাই দুয়োটাই তালৈ চাই হাঁহিব নেকি? টং টং। ফোনটোলৈ চকু গ’ল। মেছেজ ট’ন। আকৌ কাৰোবাৰ মেছেজ। আকৌ চাগৈ কাৰোবাৰ ল'ৰা হ’ল! আনন্দই চোওঁ-নোচোওঁকৈ ফোনটো তুলি ল'লে। মেছেজ ফ্ৰম বিনন্দ। আকৌ? আনন্দই ফোনটো থৈ দিলে। আছে চাগৈ মেছেজত ল’ৰাটোৰ আখৰাখন কৰিবলৈ দিবলৈ অনুৰোধ, অদিতিক পঠিয়াবলৈ অনুৰোধ, টকাৰ প্ৰয়োজন অথবা নৱজাতকৰ নাম!...থাওক। সেইবোৰ পাছতো হৈ থাকিব | এপাক