একুৰি এটা গল্প/অবাধ্য ক্ষণ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ৭০ ]

অবাধ্য ক্ষণ

 মোবাইল ফোনৰ প্ৰচলনে ডালিমগুটীয়া চিঠিবোৰ প্ৰায় অন্তৰ্ধান কৰিলে। তৰুণৰ হাতৰ গোট গোট আখৰেৰে লিখা চিঠিবোৰ তাই এবাৰ এবাৰকৈ কেইবাবাৰো ঘূৰাই ঘূৰাই পঢ়িছিল। পঢ়ি থাকোতে ভাব হৈছিল যেন তাই তাৰ ভিতৰলৈ সোমাই গৈছে। সপ্তাহত এখনকৈ চিঠি নাপালে তাই ওফোন্দ পাতিছিল। অথচ তেতিয়া তাই তাক সততে দেখাও পাইছিল, মাত্ৰ কথা পাতি মনৰ মৰম জনাবৰ পৰিৱেশ পোৱা নাছিল। আৰু এতিয়া সাত সাগৰ তেৰ নদীৰ সিপাৰে যোৱা তিনিটা বছৰ ধৰি থকা তাইৰ প্ৰিয়তমে দিয়ে মোবাইলত মেছেজ। নিতৌ ৰাতি সি শুবৰ পৰত তাইলৈ পঠোৱা মেছেজ পায় তেতিয়া, যেতিয়া তাই ব্যস্ত থাকে ক্লাছত, কেৰমত অথবা বিনন্দৰ স’তে পাতি থকা ফতুৱা কথাৰ আড্ডাত। তেতিয়া তাইৰ ইচ্ছা থাকিলেও তৰুণৰ স’তে সাংঘাতিক ধৰণে একাত্ম হোৱাৰ উপায় নাথাকে।
 তিনিবছৰ ধৰি ৰখা অপেক্ষাৰ অন্ত পেলাই সি আহিব। এই মেছেজটোকেই তাই যোৱা সাদিনমান আগতে পাইছিল। বৰ আগ্ৰহ আৰু আনন্দত তাই যোৱা ছটা দিন অতিবাহিত কৰিলে। এই আকুল প্ৰতীক্ষা কিন্তু হঠাতে যোৱা কালিৰে পৰা স্তিমিত হ’ল। কিবা এক অপৰাধবোধে তাইক খুলি খুলি খাবলৈ ধৰিছে কালিৰে পৰা। আজি যেন তাই তৰুণ আৰু দুদিনমান দেৰিকৈ অহাটো বিচাৰিছে। সি নাহক আজি তাই মনে মনে ভাবিলে। কিয়? ঘৰটো সজাই পৰাই থাকোতেও তাই মনে মনে কৈ থাকিল— আজি নালাগে, আজি নাহক, আজি নালাগে, আজি নাহক...। আঃ, তাই বৰ কষ্ট অনুভৱ কৰিছে নেকি?
 লতা...। কলেজৰ ছিনিয়ৰ সহকৰ্মী বিনন্দ ফুকন সোমাই আহি বাৰাণ্ডাৰ পৰা মাতি দিলে।
 অঁ। লতা অৰ্থাৎ বনলতাই তেওঁক ভিতৰলৈ মাতিবনে নামাতিব এখন্তেক ভাবিলে। আজিয়ে তৰুণ অহাৰ কথা। এতিয়াই পায়হি যদি?
 বাঃ, ইয়াতে ৰৈ আছা অথচ মাত দিয়া নাই! পৰ্দা দাঙি ফুকন সোমাই আহি সদায় আহি থকা মানুহৰ দৰেই ঢপহকৈ চকী এখনত বহি ল’লে। বৰ সুন্দৰকৈ সজাইছা দেখোন! আঁ এৰা, সপোন কোঁৱৰ অহাৰ কথা...। তেওঁ হাঁহিলে।
 ফুকনৰ হাঁহিটো আৰু শৰীৰি উপস্থিতি তাইৰ অসহ্য লাগিবলৈ ধৰিছে নেকি? অথচ কালিলৈকে এই ফুকনকো তাই নেদেখিলে থাকিবই নোৱাৰিছিল। [ ৭১ ]  — হেৰা, বজ্ৰপাত পৰিল নেকি? নে মই অসময়ত আহিলো? কি কথা? বহা আকৌ!
 — লতা ইমান দুৰ্বল কিয়? তাই ক'ব নোৱৰাকৈয়ে ডিভানখনত বহি দিলে। তাইৰ গাটো গৰম গৰম লাগিছে, ভৰি দুখন জিজিনোৱা যেন লাগিছে।
 — লতা, আৰ ইউ অকে? ফুকন অকণ ওচৰলৈ আহিল। হাত মেলিলেই ঢুকি পোৱা দূৰত্বত বহি তেওঁ লতালৈ চালে। ক’তা? ৰাতিৰ ভিতৰতে ক'ত হেৰাই থাকিল প্ৰাণচঞ্চল যুৱতীগৰাকী? তৰুণ বিদশলৈ গুচি যোৱাৰ পাছত চাকৰিৰ খাতিৰত থাকিব লগা হোৱা ভাড়াঘৰটোত লতা প্ৰায় দুমাহমান নিসংগৰ দৰেই হৈ পৰিছিল। ঘৰৰ পৰা আঁতৰত এই অকলশৰীয়া ভাড়াঘৰটোত তৰুণৰ প্ৰেমৰ উপলব্ধিয়ে যেন তাইৰ নিসংগতাবোধ কমাব নোৱাৰিলে। ৰেডিঅ’, টেপ, টিভিৰ দৈনন্দিন কাৰ্যসূচীত তাইৰ ভাল নলগা হ'ল। লাহে লাহে কলেজতে তাই সৰহ সময় অতিবাহিত কৰিবলৈ ল'লে। অফ টাইমত কমনৰূমৰ কেৰম খেলৰ তাই এগৰাকী নিয়মীয়া সদস্যা হ’ল। কেৰমৰ পাৰ্টনাৰ প্ৰায়েই ফুকন হয়। খেলৰ মাধ্যমেৰেই তাইতকৈ বয়সত ডাঙৰ হ'লেও ফুকন তাইৰ বন্ধু হৈ পৰিল পাছলৈ তেওঁ তাইৰ ঘৰলৈও অহা হ’ল আৰু ফুকন ছাৰৰ ঠাইত তাইৰ বাবে তেওঁ ফুকনদা হৈ পৰিল। তায়ো মিছ বনলতা মেধিৰ পৰা ফুকনৰ বাবে ‘লতা’ হৈ পৰিল।
 — যোৱা দুটা বছৰে সাংঘাতিক বন্ধুত্ব হ'ল দুয়োৰে। ৰাজনীতিৰ পৰা সমাজনীতি, ঘৰুৱাৰ পৰা ‘ফতুৱা’ কোনো কথাই বাদ নপৰে লতা আৰু ফুকনৰ আলোচনাত। বিনন্দৰ পত্নী শ্ৰেয়াৰ লগতো লতাৰ বন্ধুত্ব গঢ়ি উঠিছে, অৱশ্যে সেয়া সৌহাৰ্দ্যমূলক। কেতিয়াবা শ্ৰেয়া আৰু কেতিয়াবা লতা ইঘৰে সিঘৰৰ মাজত অহা-যোৱা কৰে। উদাৰ মনৰ শ্ৰেয়াৰ বিনন্দৰ স’তে থকা লতাৰ ঘনিষ্ঠতাৰ প্ৰতি অকণো শংকা নাই। শ্ৰেয়াৰ এই মনোভাৱক শ্ৰদ্ধাৰে সোঁৱৰে লতাই। কথাই কথাই কেতিয়াবা পাতলামিৰ সীমা অতিক্ৰম কৰিব খোজা বিনন্দক লতাই শ্ৰেয়াৰ কথা সোঁৱৰাই কয়— বিয়াৰ পাছতো ইমান মুকলিমূৰীয়া জীৱন কটাব পৰাটো অকল শ্ৰেয়া বৌ আছে বাবেহে সম্ভৱ হৈছে। অন্য সাধাৰণ মাইকী মানুহে কেতিয়াও নিজৰ স্বামীক পৰনাৰীৰ লগত ইমান হলি-গলি কৰিবলৈ এৰি নিদিয়ে। আপুনি এই কথা সদায় মনত ৰাখি বৌক সন্মান দিব ফুকনদা...। এনেধৰণৰ কথা শুনাৰ পাছত পাতল হৈ পৰা বিনন্দ আৰু লগে লগে উপস্থিত সময়খিনি গহীন হৈ যায়। অলপ পৰ পাছতে বিনন্দ যায়গৈ...। আৰু তেনেকুৱা সময়তে বিনন্দ গুচি গ'লে লতাৰ মনটো অকাৰণতে বেয়া লাগে। কিয়? তাই বাৰু বিনন্দক অন্য কিবা ভাবেৰে...। [ ৭২ ]   ‘ধেৎ, মোৰ মন মন্দিৰতচোন তৰুণ আছেই দেৱতা হৈ। — লতাই মনে মনে হাঁহে।
 — কি হ’ল লতা, মোক বেয়া পাইছা?
  লতাৰ চকু দুটা চলচলীয়া হ'ল। অথচ তাই বিনন্দৰ সহানুভূতি বিচৰা নাই। তাই উঠি গৈ অলপ দূৰত থিয় হ’ল। আপুনি যাওকগৈ ফুকনদা, মই অকলে থাকিব বিচাৰিছো।
 — তাৰ মানে তুমি মোক বেয়া পাইছা?
 — মই নাজানো। কিন্তু আপুনি যাওক। আপুনি ইয়াত ৰৈ থকাটো মোৰ ভাল লগা নাই। পৰ্দাৰ পাৰিত আঙুলি মেৰিয়াই লতাই ক'লে।
 অকণমান সময় ৰৈ থাকি অধোবদনে বিনন্দ উঠি যাবলৈ খুজি বাৰাণ্ডা পালেগৈ।
 — এইটো মিছ বনলতা মেধিৰ ঘৰ হয়নে? বাৰাণ্ডালৈ ওলাই যোৱা ফুকনক উদ্দেশ্যি সোধা প্ৰশ্নত লতাৰ ভিতৰখন ঢক্‌কৈ উঠিল। প্ৰায় দৌৰি অহাৰ দৰে তাই ফুকনৰ গাৰ কাষেৰে ওলাই বাৰাণ্ডাৰ সন্মুখভাগ পালেহি — অহ তৰুণ।
 — আহা, আহা, মোৰ ঘৰটো তুমি ঠিক বিচাৰি উলিয়ালা।
 — অঁ, বিচাৰি উলিয়ালো যেনে তেনে। আগতকৈ শকত আৰু বগা হৈ পৰা তৰুণ দুৱৰাই ফুকনৰ আপাদমস্তক লক্ষ্য কৰি ক'লে এখেত ফুকন! বিনন্দ ফুকন! এম আই ৰাইট?
  লতাৰ মনটো সেমেকি গ'ল। মুহূৰ্তৰ আগৰ উচ্ছাস যেন জঁই পৰি গ'ল— অঁ, এখেতেই ফুকনদা। আহা, ব’লা ভিতৰলৈ।
 — আপুনিও আহক। লতাৰ ফোন আৰু চিঠিত আপোনাৰ গুণানুকীৰ্তন শুনি শুনি মোৰ বিৰাট মন গৈ আছিল আপোনাক লগ পাবলৈ। আহক...।
 — নাইনাই, মই বহুত সময় বহিলো। পাছত লগ হ'ম। আজি আপোনালোকে দুয়োৱে কথা পাতক। তৰুণৰ লগত কৰমৰ্দন কৰি লতালৈ চাই মিঠা হাঁহি এটি এৰি ফুকন গুচি গ'লগৈ।
  কোঠাৰ ভিতৰত সোমায়েই তৰুণে লতাক আঁকোৱালি ল'ব বিচাৰিলে— ৰ'বাচোন, তোমালৈ চাহৰ পানী বহাই দিওঁগৈ— লতাই বাগি দি আঁতৰি গ'ল।
  সুদীৰ্ঘ তিনিবছৰ। তৰুণৰ মনত এটা যুগ যেন লাগিছে। স্বদেশলৈ উভতি আহি লতাক আপোন কৰি লোৱাৰ সপোন দেখি দেখি এতিয়া তাৰ সপোন পূৰোৱাৰ সময় সমাগত। আমেৰিকাৰ দৰে বিলাসবহুল জীৱন-যাত্ৰায়ো অকণমানো বিচলিত [ ৭৩ ] কৰা নাই তাক। লতাৰ অকুণ্ঠ ভালপোৱাক সি অন্তৰেৰে উপলব্ধি কৰে। সি ড্ৰয়িং ৰূমটোত চকু ফুৰাবলৈ ধৰিলে।
  চাহ কৰিবলৈ বুলি বাগি দি ভিতৰলৈ গ'লেও তাই একো কৰিব নোৱাৰিলে। কিবা এক অশুচি ভাবে তাইৰ সমগ্ৰ সত্তা গিলি পেলাইছে যেন। তাই যেন দোষী! তাইৰ বাবেই যেন যোৱা তিনিবছৰৰ সাধনাৰ ব্ৰত ভংগ হ’ল! তৰুণক তাই আমেৰিকালৈ বুলি ৰাওনা হোৱাৰ আগদিনা কথা দিছিল— তাইৰ দেহ, মন, চিন্তা, সপোন সকলো সি ঘূৰি অহালৈকে অক্ষুন্ন ৰাখিব বুলি। সেই কথা যেন শেষ মুহূৰ্তলৈ তাই ৰাখিব নোৱাৰিলে।
  ড্ৰয়িং ৰূমত তাক এৰি চাহ দিওঁ বুলি আঁতৰি অহা লতাৰ বহু সময়লৈ একো উমঘাম নাপাই সি ভিতৰলৈ বুলি খোজ দিলে। লাহে লাহে আহি সি লতাৰ শোৱা ৰূমৰ দুৱাৰমুখ পালেহি। তাই বিছনাৰ ওচৰত মূৰ্তি এটাৰ দৰে থিয় দি আছিল। পৰিৱেশটো হজম হোৱাত তাৰ অসুবিধা হল।
  ইয়াত থিয় হৈ আছা যে? চাহ দিওঁ বুলি আঁতৰি আহি ইয়াত এনেকৈ ৰৈ আছা কিয়?
  — হু, চাহ? দিওঁ দিওঁ—তাই তৰুণৰ গাৰ কাষেৰে ওলাই আহিব খোজোতে সি তাইৰ বাহু এখনত ধৰি ৰখাই দিলে। সহজ হ’বৰ চেষ্টা কৰি তাই হাতখন এৰুৱাব খুজি কলে— এৰাচোন। আগতে মই তোমালৈ বুলি কিবা খোৱাবস্তু আনোগৈ..। তাইৰ চেষ্টা বিফল হ’ল। তাই যে সহজ হৈ থকা নাই সেই কথাটো তাৰ মনত গাঢ় হ'ল। কি হৈছে? তাৰ গম্ভীৰ মাতত তাই সামান্য কঁপি উঠিল— নাই, একো হোৱা নাই।
  — সঁচাকৈ একো হোৱা নাই? তাই নিমাতে ৰ'ল। সি দুয়োহাতেৰে তাইক ওচৰ চপাই আনিব খুজিলে নাঃ এৰি দিয়াচোন। এৰি দিয়া...।
  হঠাতে সকলো সংযমৰ বান্ধোন খুলি সি তাইক গবা মাৰি ধৰিলে— তুমি মোক অবাধ্য কিয় কৰিছা? সুদীৰ্ঘ তিনিটা বছৰ পাৰ কৰি তোমাৰ কাষলৈ আহিছো, তুমি অযথা কাৰণ দেখুৱাই আঁতৰি ফুৰিছা কিয়? তুমি নাজানা নেকি? এই সময়ত একাপ চাহতকৈও বেছি প্ৰয়োজন মোৰ কি? আৱেগত কঁপি উঠা তৰুণৰ মুখৰ শব্দবোৰে লতাৰ চকুলৈ ঢল বোৱাই আনিলে। আলফুলে তাইৰ মুখখন দুয়োহাতেৰে ওপৰলৈ তুলি ধৰি সি প্ৰশ্ন কৰিলে— কি হ'ল? কি হ'ল মোৰ সোণ...?
  তাৰ অন্তৰ নিগৰি ওলোৱা প্ৰশ্নত তাই ভাগি পৰিল—মম্‌মই! মোক এৰি দিয়া..।
  — কিয়? কৈ তৰুণে লতাক সঁচাকৈয়ে এৰি দিলে। তৰুণে এৰি দিয়াৰ [ ৭৪ ] পাছত এইবাৰ সমস্ত আৱেগেৰে তাই তাক সাৱটি ধৰিলে—মই, মই তোমাকেই ভাল পাওঁ তৰুণ! মই সদায়ে তোমাৰেই হৈ আছো।
  — মই জানো। মই জানোতো!
  — কিন্তু, মোৰ চিন্তা, সপোন একেদৰে থাকিলেও মোৰ দেহাটোত অইনৰ...। তৰুণ হতবাক। সপ্ৰশ্ন চাৱনিৰে সি শংকাগ্ৰস্ত হৈ তাইলৈ চালে।
  — কি কৈছা তুমি এইবোৰ...?
  — কালি আবেলি...। থোকাথুকি মাত আৰু উচুপনিৰ মাজেৰে কোৱা যিখিনি কথা ৰুদ্ধশ্বাসে সি শুনিলে, সেয়া হ'ল—‘যোৱা আবেলি ফুকনৰ স’তে বহি বাৰে বিংকৰা কথা পাতি থাকোতে (সেই সময়ত চাগৈ তৰুণ অহাৰ উন্মাদনাত তাই অলপ বেছি চঞ্চল হৈছিল!) হঠাতে ফুকন উঠি আহি তাইক সাৱটি ধৰি তাইৰ গালে মুখে বহুতো চুমা খাই দিছিল। তাইৰ ওঁঠত পৰা ফুকনৰ কঠোৰ চেঁপাত সম্বিৎ পাই তাই তেওঁক ঠেলি দি আঁতৰি আহিছিল। কথা ইমানেই। তাৰ পাছত তাই থাপনাৰ সন্মুখত আঁঠু লৈ ভগৱানৰ ওচৰত পাপ হলে ক্ষমা কৰিবলৈ মিনতি জনাইছিল। পাছত ফুকন কেতিয়া গুচি গৈছিল তাই নাজানে। আজি আহিও তেওঁ কেৱল ‘মোক বেয়া পাইছা নেকি’ বুলি সুধিহে আছিল। মই একো দোষ কৰা নাই। ইমান দিনে কেৱল তোমাৰেই সপোন লৈ জীয়াই আছো। তেওঁ ফুকনদা, মানুহজন বেয়া নহয়। যোৱা দুবছৰে মোক এষাৰো বেয়া কথা পৰ্যন্ত কোৱা নাই। কালিযে কি হ’ল? মই একো ক'বই নোৱাৰিলে। মোৰ দোষ হৈছে যদিও মোক ক্ষমা কৰা...। হো হোৱাই হাঁহি দিবৰ মন গ'ল তৰুণৰ নাহাঁহিলে। হাঁহিলে তাইৰ মানসিকতাত আঘাত পৰিব। যোৱা তিনিটা বছৰে পাশ্চাত্যৰ বিলাসী জীৱনধাৰাৰ লগত মিলাবলৈ গৈ এনেকুৱা কত পাপ সি কৰি আহিছে! সি দেখোন সেই ‘পাপ’বোৰৰ বাবে লতাৰ ওচৰত ক্ষমা খোজা নাই এতিয়াও! পাশ্চাত্যৰ আধুনিকতাবাদৰ বতাহে ভাৰতীয় সংস্কৃতিৰ সৰ্বত্ৰ কোবাই গ'লেও ভাৰতীয় নাৰীৰ মনবোৰ লৰাব পৰা নাই এতিয়াও।
 মিচিকিয়া হাঁহি এটা মাৰি সি তাইক বুকুৰ মাজত সুমুৱাই লৈ ক'লে— তোমাৰ দোষ বা পাপ হ’ল কোনখিনিত? তুমিতো মোৰেই! দোষ যদি হৈছে বুলি ভাবা, তেন্তে সেই মুহূৰ্ত সময়খিনিৰ। তোমাৰ আন্তৰিক সৌন্দৰ্যৰ ওচৰত হাৰ মানি সময়েও তোমাৰ চুম্বন বিচাৰিলহি...। মিছাকৈয়ে অকণমান কথা এটাত লাগি মোৰ অভ্যৰ্থনাৰ বিঘিনি ঘটালা। এতিয়া তাৰ শাস্তি ল'ব লাগিব তুমি। ৰেপি ৰেপি দুবাহুৰে বুকুৰ মাজত সুমুৱাই সি লতাৰ অন্তৰত তাৰ প্ৰতি থকা ভালপোৱা উপলব্ধি কৰি এটা স্বস্তিৰ উশাহ টানিলে।