পৃষ্ঠা:একুৰি এটা গল্প.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২ • একুৰি এটা গল্প
 


  ‘ধেৎ, মোৰ মন মন্দিৰতচোন তৰুণ আছেই দেৱতা হৈ। — লতাই মনে মনে হাঁহে।
 — কি হ’ল লতা, মোক বেয়া পাইছা?
  লতাৰ চকু দুটা চলচলীয়া হ'ল। অথচ তাই বিনন্দৰ সহানুভূতি বিচৰা নাই। তাই উঠি গৈ অলপ দূৰত থিয় হ’ল। আপুনি যাওকগৈ ফুকনদা, মই অকলে থাকিব বিচাৰিছো।
 — তাৰ মানে তুমি মোক বেয়া পাইছা?
 — মই নাজানো। কিন্তু আপুনি যাওক। আপুনি ইয়াত ৰৈ থকাটো মোৰ ভাল লগা নাই। পৰ্দাৰ পাৰিত আঙুলি মেৰিয়াই লতাই ক'লে।
 অকণমান সময় ৰৈ থাকি অধোবদনে বিনন্দ উঠি যাবলৈ খুজি বাৰাণ্ডা পালেগৈ।
 — এইটো মিছ বনলতা মেধিৰ ঘৰ হয়নে? বাৰাণ্ডালৈ ওলাই যোৱা ফুকনক উদ্দেশ্যি সোধা প্ৰশ্নত লতাৰ ভিতৰখন ঢক্‌কৈ উঠিল। প্ৰায় দৌৰি অহাৰ দৰে তাই ফুকনৰ গাৰ কাষেৰে ওলাই বাৰাণ্ডাৰ সন্মুখভাগ পালেহি — অহ তৰুণ।
 — আহা, আহা, মোৰ ঘৰটো তুমি ঠিক বিচাৰি উলিয়ালা।
 — অঁ, বিচাৰি উলিয়ালো যেনে তেনে। আগতকৈ শকত আৰু বগা হৈ পৰা তৰুণ দুৱৰাই ফুকনৰ আপাদমস্তক লক্ষ্য কৰি ক'লে এখেত ফুকন! বিনন্দ ফুকন! এম আই ৰাইট?
  লতাৰ মনটো সেমেকি গ'ল। মুহূৰ্তৰ আগৰ উচ্ছাস যেন জঁই পৰি গ'ল— অঁ, এখেতেই ফুকনদা। আহা, ব’লা ভিতৰলৈ।
 — আপুনিও আহক। লতাৰ ফোন আৰু চিঠিত আপোনাৰ গুণানুকীৰ্তন শুনি শুনি মোৰ বিৰাট মন গৈ আছিল আপোনাক লগ পাবলৈ। আহক...।
 — নাইনাই, মই বহুত সময় বহিলো। পাছত লগ হ'ম। আজি আপোনালোকে দুয়োৱে কথা পাতক। তৰুণৰ লগত কৰমৰ্দন কৰি লতালৈ চাই মিঠা হাঁহি এটি এৰি ফুকন গুচি গ'লগৈ।
  কোঠাৰ ভিতৰত সোমায়েই তৰুণে লতাক আঁকোৱালি ল'ব বিচাৰিলে— ৰ'বাচোন, তোমালৈ চাহৰ পানী বহাই দিওঁগৈ— লতাই বাগি দি আঁতৰি গ'ল।
  সুদীৰ্ঘ তিনিবছৰ। তৰুণৰ মনত এটা যুগ যেন লাগিছে। স্বদেশলৈ উভতি আহি লতাক আপোন কৰি লোৱাৰ সপোন দেখি দেখি এতিয়া তাৰ সপোন পূৰোৱাৰ সময় সমাগত। আমেৰিকাৰ দৰে বিলাসবহুল জীৱন-যাত্ৰায়ো অকণমানো বিচলিত