পাছত এইবাৰ সমস্ত আৱেগেৰে তাই তাক সাৱটি ধৰিলে—মই, মই তোমাকেই
ভাল পাওঁ তৰুণ! মই সদায়ে তোমাৰেই হৈ আছো।
— মই জানো। মই জানোতো!
— কিন্তু, মোৰ চিন্তা, সপোন একেদৰে থাকিলেও মোৰ দেহাটোত অইনৰ...।
তৰুণ হতবাক। সপ্ৰশ্ন চাৱনিৰে সি শংকাগ্ৰস্ত হৈ তাইলৈ চালে।
— কি কৈছা তুমি এইবোৰ...?
— কালি আবেলি...। থোকাথুকি মাত আৰু উচুপনিৰ মাজেৰে কোৱা যিখিনি
কথা ৰুদ্ধশ্বাসে সি শুনিলে, সেয়া হ'ল—‘যোৱা আবেলি ফুকনৰ স’তে বহি বাৰে
বিংকৰা কথা পাতি থাকোতে (সেই সময়ত চাগৈ তৰুণ অহাৰ উন্মাদনাত তাই
অলপ বেছি চঞ্চল হৈছিল!) হঠাতে ফুকন উঠি আহি তাইক সাৱটি ধৰি তাইৰ
গালে মুখে বহুতো চুমা খাই দিছিল। তাইৰ ওঁঠত পৰা ফুকনৰ কঠোৰ চেঁপাত
সম্বিৎ পাই তাই তেওঁক ঠেলি দি আঁতৰি আহিছিল। কথা ইমানেই। তাৰ পাছত
তাই থাপনাৰ সন্মুখত আঁঠু লৈ ভগৱানৰ ওচৰত পাপ হলে ক্ষমা কৰিবলৈ মিনতি
জনাইছিল। পাছত ফুকন কেতিয়া গুচি গৈছিল তাই নাজানে। আজি আহিও তেওঁ
কেৱল ‘মোক বেয়া পাইছা নেকি’ বুলি সুধিহে আছিল। মই একো দোষ কৰা নাই।
ইমান দিনে কেৱল তোমাৰেই সপোন লৈ জীয়াই আছো। তেওঁ ফুকনদা, মানুহজন
বেয়া নহয়। যোৱা দুবছৰে মোক এষাৰো বেয়া কথা পৰ্যন্ত কোৱা নাই। কালিযে কি
হ’ল? মই একো ক'বই নোৱাৰিলে। মোৰ দোষ হৈছে যদিও মোক ক্ষমা কৰা...।
হো হোৱাই হাঁহি দিবৰ মন গ'ল তৰুণৰ নাহাঁহিলে। হাঁহিলে তাইৰ মানসিকতাত
আঘাত পৰিব। যোৱা তিনিটা বছৰে পাশ্চাত্যৰ বিলাসী জীৱনধাৰাৰ লগত মিলাবলৈ
গৈ এনেকুৱা কত পাপ সি কৰি আহিছে! সি দেখোন সেই ‘পাপ’বোৰৰ বাবে লতাৰ
ওচৰত ক্ষমা খোজা নাই এতিয়াও! পাশ্চাত্যৰ আধুনিকতাবাদৰ বতাহে ভাৰতীয়
সংস্কৃতিৰ সৰ্বত্ৰ কোবাই গ'লেও ভাৰতীয় নাৰীৰ মনবোৰ লৰাব পৰা নাই এতিয়াও।
মিচিকিয়া হাঁহি এটা মাৰি সি তাইক বুকুৰ মাজত সুমুৱাই লৈ ক'লে— তোমাৰ
দোষ বা পাপ হ’ল কোনখিনিত? তুমিতো মোৰেই! দোষ যদি হৈছে বুলি ভাবা, তেন্তে
সেই মুহূৰ্ত সময়খিনিৰ। তোমাৰ আন্তৰিক সৌন্দৰ্যৰ ওচৰত হাৰ মানি সময়েও
তোমাৰ চুম্বন বিচাৰিলহি...। মিছাকৈয়ে অকণমান কথা এটাত লাগি মোৰ অভ্যৰ্থনাৰ
বিঘিনি ঘটালা। এতিয়া তাৰ শাস্তি ল'ব লাগিব তুমি। ৰেপি ৰেপি দুবাহুৰে বুকুৰ মাজত
সুমুৱাই সি লতাৰ অন্তৰত তাৰ প্ৰতি থকা ভালপোৱা উপলব্ধি কৰি এটা স্বস্তিৰ উশাহ
টানিলে।
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৭৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪ • একুৰি এটা গল্প