একুৰি এটা গল্প/আয়োজন
আয়োজন
যোৱা ব'হাগ বিহুৰ এপষেকমান পাছতেই দুলাল বদলি হৈ তাৰ জন্মস্থান বৰপেটালৈ অহাৰ পাছত মনোমতীৰ নিজান ঘৰখন ভৰি পৰিছে। চাৰিজনী ছোৱালী আৰু এটা ল'ৰা ডাঙৰ কৰি চুলি পকোৱা মনোমতী আৰু হৰেনৰ দুলালহঁত ঘৰলৈ ঘূৰি অহাৰ আগৰ সময়খিনি বৰ নিমাত-নিতাল আছিল। বিয়াৰ পাছত ছবছৰলৈকে মাকৰ ঘৰৰ মোহ এৰিব নোৱৰা ছন্দাই দুলালৰ লগত পিছলৈ থাকিবলৈ লৈছিল। চৰকাৰী বিষয়াৰ সদাব্যস্ততা আৰু ছন্দা সু-গৃহিণী হোৱাৰ সুবাদতে সিহঁতৰ পুৰণি ঘৰখনলৈ আহ-যাহ কম হৈছিল। সেয়ে মাজে মাজে আলহীৰ দৰে ভুমুকি মৰাত বাদে সিহঁতক ঘনিষ্ঠকৈ পাবলৈ মনোমতী-হৰেনৰ কোনো উপায় নাছিল। সিহঁত ঘৰলৈ অহা-নহা কথালৈ মনোমতীৰ মনত কিবা খু-দুৱনি থাকিলেও তাই মুখেৰে একোকে নকৈছিল। কেৱল মনতে ভাবিছিল— যাহওক, যেয়ে যেনেকৈ থাক, ভগৱানে কুশলে ৰাখিলেই হল। '
দুলাল আৰু ছন্দাৰ দুজনী ছোৱালী। দুয়োজনী এতিয়া গাভৰু হ'ল। যোৱা বছৰ সি ইয়ালৈ বদলি হৈ অহাৰ পাছত বোৱাৰীয়েকেও কুমলীয়া গাভৰু জীয়েক দুজনীক লৈ গুচি আহিছে। নাহিনো কি কৰিব? ভাৰাঘৰতহে আছিল সিহঁতৰ সংসাৰ! মনোমতীয়ে ছন্দা ঘৰলৈ ঘূৰি অহাটো বৰ প্ৰফুল্ল মনৰ সিদ্ধান্ত নহয় বুলি গম ধৰিব পাৰিলেও গিৰিয়েক হৰেনৰ হাক পাই তাই মনে মনে আছে। হৰেনে তাইক খবৰদাৰ কৰি দিছে—'নক'বি একো। যেনেকৈ সিহঁতে থাকি ভাল পায় তেনেকৈ থাকক। সিহঁত নাথাকোতে আমি যেনেকৈ আছিলো, এতিয়াও তেনেকৈ থাকিম। ' গতিকে মনোমতী মনে মনে আছে। মনোমতীয়ে ছন্দাক কোনোধৰণৰ বাধ্যবাধকতা অনুভৱ কৰিবলৈ নিদিয়াকৈ তাই পূৰ্বৰ দৰেই ঘৰখন জীপাল কৰি আছে। বোৱাৰী আৰু নাতিনীহঁতৰ টাউনীয়া স্বাচ্ছন্দ্য চলন-ফুৰণত সেয়ে কোনো ভেটা পৰা নাই। দুলালৰ এইবোৰত চকু দিবলৈ সময়েই নাই। গাভৰু জীয়েকহঁতৰ আবদাৰ আৰু ঘৈণীয়েকৰ মন যোগাই চলি, অফিচৰ লেঠা মাৰি মনোমতী আৰু হৰেনৰ মনৰ বতৰা ল’বলৈ তাৰ সময়ৰ বৰ অভাৱ হয়। তথাপি যে ঘৰখন ভৰি আছে, সেয়ে বহুত।
বাৰাণ্ডাৰ চুক এটাত বহি এখৰাহী শাক আগত লৈ মনোমতীয়ে বহু
কথাই সুঁৱৰি গ'ল। এডাল এডালকৈ শাকবোৰ বাছি ছিঙি যাওঁতে তাইৰ [ ৬৬ ] গাভৰুকালৰ সাত-শাক তুলিবলৈ লগ জা-জোৱালীৰ জাকটোৰ মধ্যমণি হৈ যোৱাৰ
কথা আৰু সিহঁতৰ হাঁহিৰ খলকনিবোৰ যেন তাইৰ কাণত বাজিবলৈ ধৰিলে।
আঃ, কি সুন্দৰ আছিল সেই দিনবোৰ! ওচৰ-চুবুৰীয়া আৰু পৰিয়ালৰ সমনীয়া
বহুকেইজনীয়ে বাৰীয়ে-পথাৰে বিহুৰ ‘সাত-শাক’ বুটলি বুটলি ৰং বহইচ কৰাৰ
কথা সুঁৱৰিলে তাইৰ এতিয়াও এপাক থাউকতে ঘূৰিবলৈ মন যায়। আগৰ
সমনীয়াবোৰ এতিয়া প্ৰায় নোহোৱাই হ'ল। কাৰোবাক কালে নিলে,কোনোবাজনী
আলৰ বুঢ়ী হ’ল। কেৱে হয়তো চকুৰেই মণিব নোৱাৰে। হলেও তাই অভ্যাসটো
এৰি দিয়া নাই। তাতে নিয়মৰ কথাও আছে। বিহুৰ দিনা ‘সাত-শাকৰ ভাজি খাব
লাগে। নামত সাত-শাক হলেও অ’ৰ এটা পাত, ত’ৰ এটা আগ কৰি বিভিন্ন পাত
গোটোৱা হয়। তায়ো আনিছে। নহৰু দি ৰন্ধা শাকৰ ভাজিৰ সোৱাদ হৰেনৰ
টকালিৰ পৰাহে যেন তাই অনুমান কৰে।
ঢপকৈ হোৱা শব্দত তাই উচপ খাই ঘূৰি চালে। হৰেনে পাচি এটা
নমাই থৈ কান্ধৰ গামোচাখনেৰে মুখৰ ঘাম মচিছে। তাই দেখিলে, তাৰ কলডিলীয়া
কলাফুল দুটাৰেও ঘাম বৈ আহিছে।
—বেলি লহিয়াবই, এইবোৰ সোনকালে বাড়ি কুটি থ। মই গাইজনী
আনোগৈ। গোহালিত জাগটোও ঠিক কৰিবলৈ আছে। তই দেখোন সেই তেতিয়াৰে
পৰা শাককেইডালকে লিৰিকি-বিদাৰি আছ?
— কামবোৰ শেষ হ’ল দেখিহে! আৰু ক’তনো লিৰিকি আছো? শেষ
হলেই নহয়!অকণমান ৰৈ তাই হৰেনলৈ চালে গোহালিত জাগটো মই গোটাই
থৈছোৱেই। জাগত দিবলৈ বিহলঙনি-মাখিয়তী এবিধা নাপাই চোতাল চুৰুকা
কেঞাবন, নাৰিকলৰ বাকলি আৰু শুকান কলপটুৱাকে গোটাইছো। পথাৰবোৰ
তেনেই উদং হ’ল। এয়া চাওকচোন, আমাৰ বাৰী আৰু পছিমৰ পথাৰত ঘূৰি ঘূৰি
শাক পালো এইকেইডালহে। তাৰে বোলো নিয়মটোকে হক—মনোমতী উঠিল—
চাহ খায় নেকি একাপ?
—নালাগে। পোৱালি দুটাৰে সৈতে গাইজনী আনি একেবাৰেই খাম।
তই লৰালৰি কৰ।
মনোমতীয়ে পাচিটোলৈ জুমি চালে। কুমলীয়া বাঁহ আৰু বেতৰ গজালি।
আমৰ কলি কেইটামান আৰু কঁঠালৰ অকণমান মুচি এটা। ক’ৰ ক'ৰ পৰা জানো
আনিলে? আমগছ তাহাঁতৰ ঘৰতে আছে যদিও কঁঠাল গছ নাই। শালে কঁঠালে
থাকিলে হেনো ঘৰৰ অমংগল হয়। সেয়ে সিহঁতৰ শালকাঠৰ খুটা থকা ঘৰটোৰ [ ৬৭ ] গাতে লাগি থকা পুৰণি কঁঠালজোপা দুলাল কলেজত পঢ়ি থাকোঁতেই কটাই
পেলোৱা হ'ল। বাঁহ-বেত তাইৰহে নালাগে চুবুৰিটোৰ কাৰোৰে নাই।
পথাৰলৈ যাব খোজা হৰেনলৈ চাই তাই ক'লে— এইবোৰ গোটাইছে
যে, খাব জানো ইহঁতে?
—কি কৱ অ' তই? আজি বিহুৰ দিনা চৈধ্যপুৰুষৰ পৰা এইবোৰ খাই
আহিছো। এইবোৰেইতো আমাৰ কৃষ্টি! কিয় নাখাব? আৰু সিহঁত জানো বিদেশী?
আমাৰ পো-বোৱাৰীহে। হৰেন অলপ ওচৰ চাপি আহিল—মনো, তই বোৱাৰীৰ
টাউনীয়া ঢঙক বেয়া নাপাৰ্বি অ’। আজিকালি মানুহৰ চিন্তাধাৰা সলনি হ’ল নহয়!
আৰু আগৰ দৰে সিহঁতে এহাত দীঘল ওৰণি লৈ আখলতে জীৱন কটাব নোৱাৰে
অ’। তোৰ মোৰ সময় গ'ল। এতিয়া সিহঁতৰ সময়। এই নতুন সময়ৰ লগত আমি
খাপ খাব লাগিব। নহ'লে তোৰে মোৰেহে কষ্ট...।
—বুজিছো ঔ। মই সুধিছো এইবোৰ জানো সিহঁতে খাই পাইছে?
—নাই পোৱা যদি আজি খাব। তই জুতিবুধি কৰি ৰান্ধ, চাবি সিহঁতে
টকালি টকালি খাব। আৰু তোৰো দেহা পৰি আহিছে যেতিয়া লাহে লাহে
পাকে-প্ৰকাৰে বোৱাৰীকো এইবোৰ শিকাই যাব লাগিব নহয়। তেতিয়াহে আকৌ
আমাৰ নাতিনী দুজনীয়ে শিকিব পাৰিব...।
—উ...হ। মুখ ভেঙুচাই দি মনোমতীয়ে পাচিটো দাঙি ভিতৰলৈ গ'ল।
বেলি লহিয়াইছে। বহাগৰ বিহু বুলি গাঁওখনত কোনো আনন্দ-উলাহৰ
চিন নাই। কাৰোবাৰ ঘৰত মাত্ৰ টেপ ৰেকৰ্ডাৰত বিহুগীত বাজি আছে। তাৰে যেন।
উৰুঙা উৰুঙা লগা ভাবটো আৰু বেছিকৈহে ফুটি উঠিছে! মানুহবোৰ বাৰু বোবা
হ’ল নেকি? কাৰো মুখত বিহুগীত এফাকিও নাই!
বোৱাৰী ছন্দাই দুয়োজনী জীয়েকক লৈ বিহুৰ ফাইনেল ৰিহাৰ্চেললৈ
গৈছে। দুয়োজনী নাতিনীয়ে বিহু কুঁৱৰী প্ৰতিযোগিতাত নাচিব। যোৱা বিশ দিনমানৰ
পৰা সিহত স্কুলৰ পৰা আহিয়েই মাকৰ লগত বিহুৰ ৰিহাৰ্চেললৈ যায়। ওভতোতে
কেতিয়াবা বেচ ৰাতিয়েই হয়। বেছি ৰাতি হ'বৰ দিনা ছন্দাই ফোন কৰি শাহুৱেকক
ভাত ৰন্ধা কাম কিছু আগবঢ়াই থ'বলৈ কয়। মনোমতীয়ে বুজে— ‘আগবঢ়াই
থোৱা' মানে শেষ কৰি থোৱা। লেবেজান হৈ অহা নাতিনী আৰু পো-বোৱাৰীহঁতক
মনোমতীয়ে ভাত বাঢ়ি দিয়ে। কোনোদিনেই কোনো কথাতে ওজৰ-আপত্তি কৰি
নোপোৱা মনোমতী বোৱাৰীয়েকৰ ওচৰতো সদায় নম্ৰ।
তাইৰ নম্ৰতাক ছন্দাই কেনেভাৱে গ্ৰহণ কৰে সেইটো তাইৰ নিজৰ [ ৬৮ ] কথা। সেই লৈ মনোমতীয়ে কাহানিও মূৰৰ বিষ উঠোৱা নাই।
ভৰি-হাতকেইটা ধুই ধূনা-চাকি জ্বলাই তাই পাকঘৰত সোমাল। আজি
গৰুবিহুৰ দিনা অন্ততঃ সিহঁতকেইটা সোনকালে ঘৰলৈ আহিব লাগিছিল।
–আজি আকৌ সিহঁতৰ ফাইনেল আখৰা নহয়! আজি অলপ বেছিয়েই
দেৰি হ’ব। হৰেনৰ কথাষাৰ শুনি তাই দুৱাৰৰ ফাঁকেৰে তালৈ চালে। প্ৰতি মুহূৰ্তে
জানো মানুহজনে তাইৰ মনোভাৱ কেনেকৈ বুজি উঠে? হৰেনে মিচিককৈ হাঁহি
এটা মাৰি ক'লে— হেৰ’, দুজনীকৈ বিহু কুঁৱৰীৰ আইতাক, এবাটি চাহ জলপানৰ
আশা কৰিছো, কি কৰ?
–মনোমতীয়ে আখলত মন দিলে। বৰ ৰঙীয়াল মনৰ মানুহ এই হৰেন,
যাৰ লগত মহাসুখে জীৱনটো প্ৰায় শেষেই কৰিলে। মানুহজনেই যেন তাইক
সৰলমতী হৈ চলিবলৈ শিকাইছে! হৰেনক চাহ-জলপান দি নিজেও খাই তাই
ভাত ৰন্ধাত লাগিল। চৰু-হাৰি ধুই নিকা কৰা ন-পাগত মাছ-মাংস কিবা ৰন্ধা হয়।
যদিও আনোতাৰ অভাৱত কণীৰেই জাল তৰকাৰী এখন ৰন্ধাৰ কথা ভাবিলে।
কণীৰ তৰকাৰীৰ লগতে বাঁহ-বেতৰ গাজৰ ভাজি, নহৰু দিয়া থুপথুপীয়া সাত-শাকৰ
ভাজি, আলুৰ দম, আম কলিৰ মিঠা আঞ্জা, কঁঠালৰ মুচিৰ তৰকাৰী, বাবৰি দিয়া
মচুৰ দাইল আদি কৰি তাই কেইবাখনো ব্যঞ্জনেৰে ভাত ৰন্ধা কাম সোনকালেই
শেষ কৰিলে। এটা এটাকৈ ভাজি তৰকাৰীৰ বাটিবোৰ তাই ডাইনিং টেবুললৈ
কঢ়িয়াই পাকঘৰ সামৰি ওলাই আহিল। টেবুলখনত থোৱা খাদ্যবস্তুবোৰলৈ চাই
তাই ভাবিলে—হৰেনে ঠিকেই কৈছে। এইবোৰেই আমাৰ আচল সংস্কৃতি। প্ৰতিবিধ
বস্তু খোৱাৰ লগতে ইয়াত স্বাস্থ্য সম্পৰ্কীয় কথাও সাঙোৰ খাই আছে। তাই মৰি
নাযাওঁতেই ছন্দাই এইবোৰ নিশিকিলে সাতামপুৰুষীয়া এই পৰম্পৰাত যতি পৰিব।
আজি অহাৰ পাছত তাই ছন্দাক এইবোৰৰ বিষয়ে কৈ অহা বছৰ বিহুৰ সম্পূৰ্ণ।
যোগাৰ কৰাৰ দায়িত্ব তাই আজিয়ে ছন্দাৰ ওপৰত অৰ্পণ কৰিব। জীয়েকহঁতক
বিহু কুঁৱৰী কৰাৰ লগতে এইবোৰৰ জ্ঞান দিয়াৰ বয়সো আহি পৰিছে।
আগফালৰ চোতালত হৰেনে গাঁৱৰে কোনোবা এজনৰ লগত কথাৰ
মহলা মাৰি আছে। হাতত তামোলৰ বটা লৈ মনোমতী সেইখিনি পালেগৈ।
–আগতে গম পোৱা হ'লে চাহকে একাপ আনিলোহেঁতেন।
–নাই নাই, নালাগে। মই বাটলৈ ওলাওঁতেই দাদাক দেখিহে
সোমালোহি। চাউল সিজিলে হ’ব পায়।
–অঁ, সেইভাগি হ’ল— মনোমতীয়ে উত্তৰ দিলে।
[ ৬৯ ] —খাওঁতা বাকীখিনি চপাহিয়েই নাই?
—অ’ আজি সিহঁতৰ ফাইনেল ৰিহাৰ্চেল হেনো। অলপ দেৰি হ’ব...।
—হলেও নবৌ, বিহুৰ দিনা ঘৰৰ বোৱাৰীজনী...!
তেওঁৰ কথা শেষ নহওঁতেই হৰেনে তপৰাই মাত দিলে—মইহে যাবলৈ
ক’লো বুজিছা। তাই যাবই খোজা নাছিল। কিন্তু বিহুৰ বতৰত গাভৰু ছোৱালী
দুজনী অকলে এৰাটো ঠিক নহয় বুলি ময়েই তাইক জোৰকৈ পঠিয়ালো। মাক
মাকেই। দেউতাকৰ লগত থাকিলে সি জানো মাকে ৰখাৰ দৰে নজৰ ৰাখিব?
কোৱাচোন!
হৰেনে লোকৰ মুখত বোৱাৰীয়েকৰ বিৰুদ্ধাচৰণ শুনি মুঠেও সহিব
নোৱাৰিলে।
মানুহজনে সেমেনা-সেমেনা কৰিলে। বটাৰ পৰা তামোল এখন হাতত
লৈ যাবলৈ উঠিল। মনোমতীয়ে নঙলালৈকে আগবঢ়াই দিলে। এই সুযোগতে
তাই আলি কেঁকুৰীটোত গাড়ীৰ লাইটৰ পোহৰ দেখে নেকি ডিঙি মেলি চালে।
নাই। কিমান বা দেৰি হয়?
ভিতৰত ফোনটো বাজি উঠাত তাই হৰেনক ফোন ধৰিবলৈ অনুৰোধ
জনালে। মনোমতী শেঁতা জোনাকত, সেমেকা বতাহত, চোতালতে বহি পৰিল।
কিছুবেলি পাছত হৰেনে ওলাই আহি গল হেঁকাৰি মাৰি ডিঙিটো চাফা কৰি মাত
দিলে— শুনিছনে মনো, ভাত এমুঠি বাঢ়, খাই শুই থাকো।
—ইহঁত অহালৈ নৰ'ব জানো? আজি বিহুৰ দিনা আটাইকেইজনে
দেখাদেখিকৈ এমুঠি খালেহে...।
—নালাগে বুজিছ? তয়ে ময়ে আজি দেখাদেখিকৈ খাওঁ আহ্। সিহঁতৰ দেৰি হ’ব। সিহঁতে আজি ক্লাবতে পোলাও মাংস খাই আহিব। ফোনটো দুলালেই ধৰিছিল। আহ্ বাঢ়হি ভাত... হৰেন নিস্তেজ খোজেৰে ভিতৰলৈ গ'ল। তাৰ পিছে পিছে মনোমতীও সোমাই আহিল। এতিয়াহে যেন তাইৰ গাটো বেয়া বেয়া লাগিছে। টেবুলৰ ওপৰত থকা ব্যঞ্জনৰ বাটিবোৰে যেন তাইক উপলুঙা কৰিছে। হৰেনো আহি ওচৰতে থিয় হ'ল। ওলাই আহিব খোজা চকুপানীখিনি হৰেনে দেখিব বুলি তাই দীঘল নিশ্বাস এটা টানি কাঁহী–বাটিত হাত দিলে।