পৃষ্ঠা:একুৰি এটা গল্প.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
একুৰি এটা গল্প•

 — হেৰা, বজ্ৰপাত পৰিল নেকি? নে মই অসময়ত আহিলো? কি কথা? বহা আকৌ!
 — লতা ইমান দুৰ্বল কিয়? তাই ক'ব নোৱৰাকৈয়ে ডিভানখনত বহি দিলে। তাইৰ গাটো গৰম গৰম লাগিছে, ভৰি দুখন জিজিনোৱা যেন লাগিছে।
 — লতা, আৰ ইউ অকে? ফুকন অকণ ওচৰলৈ আহিল। হাত মেলিলেই ঢুকি পোৱা দূৰত্বত বহি তেওঁ লতালৈ চালে। ক’তা? ৰাতিৰ ভিতৰতে ক'ত হেৰাই থাকিল প্ৰাণচঞ্চল যুৱতীগৰাকী? তৰুণ বিদশলৈ গুচি যোৱাৰ পাছত চাকৰিৰ খাতিৰত থাকিব লগা হোৱা ভাড়াঘৰটোত লতা প্ৰায় দুমাহমান নিসংগৰ দৰেই হৈ পৰিছিল। ঘৰৰ পৰা আঁতৰত এই অকলশৰীয়া ভাড়াঘৰটোত তৰুণৰ প্ৰেমৰ উপলব্ধিয়ে যেন তাইৰ নিসংগতাবোধ কমাব নোৱাৰিলে। ৰেডিঅ’, টেপ, টিভিৰ দৈনন্দিন কাৰ্যসূচীত তাইৰ ভাল নলগা হ'ল। লাহে লাহে কলেজতে তাই সৰহ সময় অতিবাহিত কৰিবলৈ ল'লে। অফ টাইমত কমনৰূমৰ কেৰম খেলৰ তাই এগৰাকী নিয়মীয়া সদস্যা হ’ল। কেৰমৰ পাৰ্টনাৰ প্ৰায়েই ফুকন হয়। খেলৰ মাধ্যমেৰেই তাইতকৈ বয়সত ডাঙৰ হ'লেও ফুকন তাইৰ বন্ধু হৈ পৰিল পাছলৈ তেওঁ তাইৰ ঘৰলৈও অহা হ’ল আৰু ফুকন ছাৰৰ ঠাইত তাইৰ বাবে তেওঁ ফুকনদা হৈ পৰিল। তায়ো মিছ বনলতা মেধিৰ পৰা ফুকনৰ বাবে ‘লতা’ হৈ পৰিল।
 — যোৱা দুটা বছৰে সাংঘাতিক বন্ধুত্ব হ'ল দুয়োৰে। ৰাজনীতিৰ পৰা সমাজনীতি, ঘৰুৱাৰ পৰা ‘ফতুৱা’ কোনো কথাই বাদ নপৰে লতা আৰু ফুকনৰ আলোচনাত। বিনন্দৰ পত্নী শ্ৰেয়াৰ লগতো লতাৰ বন্ধুত্ব গঢ়ি উঠিছে, অৱশ্যে সেয়া সৌহাৰ্দ্যমূলক। কেতিয়াবা শ্ৰেয়া আৰু কেতিয়াবা লতা ইঘৰে সিঘৰৰ মাজত অহা-যোৱা কৰে। উদাৰ মনৰ শ্ৰেয়াৰ বিনন্দৰ স’তে থকা লতাৰ ঘনিষ্ঠতাৰ প্ৰতি অকণো শংকা নাই। শ্ৰেয়াৰ এই মনোভাৱক শ্ৰদ্ধাৰে সোঁৱৰে লতাই। কথাই কথাই কেতিয়াবা পাতলামিৰ সীমা অতিক্ৰম কৰিব খোজা বিনন্দক লতাই শ্ৰেয়াৰ কথা সোঁৱৰাই কয়— বিয়াৰ পাছতো ইমান মুকলিমূৰীয়া জীৱন কটাব পৰাটো অকল শ্ৰেয়া বৌ আছে বাবেহে সম্ভৱ হৈছে। অন্য সাধাৰণ মাইকী মানুহে কেতিয়াও নিজৰ স্বামীক পৰনাৰীৰ লগত ইমান হলি-গলি কৰিবলৈ এৰি নিদিয়ে। আপুনি এই কথা সদায় মনত ৰাখি বৌক সন্মান দিব ফুকনদা...। এনেধৰণৰ কথা শুনাৰ পাছত পাতল হৈ পৰা বিনন্দ আৰু লগে লগে উপস্থিত সময়খিনি গহীন হৈ যায়। অলপ পৰ পাছতে বিনন্দ যায়গৈ...। আৰু তেনেকুৱা সময়তে বিনন্দ গুচি গ'লে লতাৰ মনটো অকাৰণতে বেয়া লাগে। কিয়? তাই বাৰু বিনন্দক অন্য কিবা ভাবেৰে...।