কৰা নাই তাক। লতাৰ অকুণ্ঠ ভালপোৱাক সি অন্তৰেৰে উপলব্ধি কৰে। সি ড্ৰয়িং
ৰূমটোত চকু ফুৰাবলৈ ধৰিলে।
চাহ কৰিবলৈ বুলি বাগি দি ভিতৰলৈ গ'লেও তাই একো কৰিব নোৱাৰিলে।
কিবা এক অশুচি ভাবে তাইৰ সমগ্ৰ সত্তা গিলি পেলাইছে যেন। তাই যেন দোষী!
তাইৰ বাবেই যেন যোৱা তিনিবছৰৰ সাধনাৰ ব্ৰত ভংগ হ’ল! তৰুণক তাই
আমেৰিকালৈ বুলি ৰাওনা হোৱাৰ আগদিনা কথা দিছিল— তাইৰ দেহ, মন, চিন্তা,
সপোন সকলো সি ঘূৰি অহালৈকে অক্ষুন্ন ৰাখিব বুলি। সেই কথা যেন শেষ
মুহূৰ্তলৈ তাই ৰাখিব নোৱাৰিলে।
ড্ৰয়িং ৰূমত তাক এৰি চাহ দিওঁ বুলি আঁতৰি অহা লতাৰ বহু সময়লৈ একো
উমঘাম নাপাই সি ভিতৰলৈ বুলি খোজ দিলে। লাহে লাহে আহি সি লতাৰ শোৱা
ৰূমৰ দুৱাৰমুখ পালেহি। তাই বিছনাৰ ওচৰত মূৰ্তি এটাৰ দৰে থিয় দি আছিল।
পৰিৱেশটো হজম হোৱাত তাৰ অসুবিধা হল।
ইয়াত থিয় হৈ আছা যে? চাহ দিওঁ বুলি আঁতৰি আহি ইয়াত এনেকৈ ৰৈ
আছা কিয়?
— হু, চাহ? দিওঁ দিওঁ—তাই তৰুণৰ গাৰ কাষেৰে ওলাই আহিব খোজোতে
সি তাইৰ বাহু এখনত ধৰি ৰখাই দিলে। সহজ হ’বৰ চেষ্টা কৰি তাই হাতখন
এৰুৱাব খুজি কলে— এৰাচোন। আগতে মই তোমালৈ বুলি কিবা খোৱাবস্তু
আনোগৈ..। তাইৰ চেষ্টা বিফল হ’ল। তাই যে সহজ হৈ থকা নাই সেই কথাটো
তাৰ মনত গাঢ় হ'ল। কি হৈছে? তাৰ গম্ভীৰ মাতত তাই সামান্য কঁপি উঠিল—
নাই, একো হোৱা নাই।
— সঁচাকৈ একো হোৱা নাই? তাই নিমাতে ৰ'ল। সি দুয়োহাতেৰে তাইক
ওচৰ চপাই আনিব খুজিলে নাঃ এৰি দিয়াচোন। এৰি দিয়া...।
হঠাতে সকলো সংযমৰ বান্ধোন খুলি সি তাইক গবা মাৰি ধৰিলে— তুমি
মোক অবাধ্য কিয় কৰিছা? সুদীৰ্ঘ তিনিটা বছৰ পাৰ কৰি তোমাৰ কাষলৈ আহিছো,
তুমি অযথা কাৰণ দেখুৱাই আঁতৰি ফুৰিছা কিয়? তুমি নাজানা নেকি? এই সময়ত
একাপ চাহতকৈও বেছি প্ৰয়োজন মোৰ কি? আৱেগত কঁপি উঠা তৰুণৰ মুখৰ
শব্দবোৰে লতাৰ চকুলৈ ঢল বোৱাই আনিলে। আলফুলে তাইৰ মুখখন দুয়োহাতেৰে
ওপৰলৈ তুলি ধৰি সি প্ৰশ্ন কৰিলে— কি হ'ল? কি হ'ল মোৰ সোণ...?
তাৰ অন্তৰ নিগৰি ওলোৱা প্ৰশ্নত তাই ভাগি পৰিল—মম্মই! মোক এৰি দিয়া..।
— কিয়? কৈ তৰুণে লতাক সঁচাকৈয়ে এৰি দিলে। তৰুণে এৰি দিয়াৰ
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৭৩
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৭৩