অবাধ্য ক্ষণ
মোবাইল ফোনৰ প্ৰচলনে ডালিমগুটীয়া চিঠিবোৰ প্ৰায় অন্তৰ্ধান কৰিলে।
তৰুণৰ হাতৰ গোট গোট আখৰেৰে লিখা চিঠিবোৰ তাই এবাৰ এবাৰকৈ কেইবাবাৰো
ঘূৰাই ঘূৰাই পঢ়িছিল। পঢ়ি থাকোতে ভাব হৈছিল যেন তাই তাৰ ভিতৰলৈ সোমাই
গৈছে। সপ্তাহত এখনকৈ চিঠি নাপালে তাই ওফোন্দ পাতিছিল। অথচ তেতিয়া
তাই তাক সততে দেখাও পাইছিল, মাত্ৰ কথা পাতি মনৰ মৰম জনাবৰ পৰিৱেশ
পোৱা নাছিল। আৰু এতিয়া সাত সাগৰ তেৰ নদীৰ সিপাৰে যোৱা তিনিটা বছৰ
ধৰি থকা তাইৰ প্ৰিয়তমে দিয়ে মোবাইলত মেছেজ। নিতৌ ৰাতি সি শুবৰ পৰত
তাইলৈ পঠোৱা মেছেজ পায় তেতিয়া, যেতিয়া তাই ব্যস্ত থাকে ক্লাছত, কেৰমত
অথবা বিনন্দৰ স’তে পাতি থকা ফতুৱা কথাৰ আড্ডাত। তেতিয়া তাইৰ ইচ্ছা
থাকিলেও তৰুণৰ স’তে সাংঘাতিক ধৰণে একাত্ম হোৱাৰ উপায় নাথাকে।
তিনিবছৰ ধৰি ৰখা অপেক্ষাৰ অন্ত পেলাই সি আহিব। এই মেছেজটোকেই
তাই যোৱা সাদিনমান আগতে পাইছিল। বৰ আগ্ৰহ আৰু আনন্দত তাই যোৱা ছটা
দিন অতিবাহিত কৰিলে। এই আকুল প্ৰতীক্ষা কিন্তু হঠাতে যোৱা কালিৰে পৰা
স্তিমিত হ’ল। কিবা এক অপৰাধবোধে তাইক খুলি খুলি খাবলৈ ধৰিছে কালিৰে
পৰা। আজি যেন তাই তৰুণ আৰু দুদিনমান দেৰিকৈ অহাটো বিচাৰিছে। সি নাহক
আজি তাই মনে মনে ভাবিলে। কিয়? ঘৰটো সজাই পৰাই থাকোতেও তাই
মনে মনে কৈ থাকিল— আজি নালাগে, আজি নাহক, আজি নালাগে, আজি
নাহক...। আঃ, তাই বৰ কষ্ট অনুভৱ কৰিছে নেকি?
লতা...। কলেজৰ ছিনিয়ৰ সহকৰ্মী বিনন্দ ফুকন সোমাই আহি বাৰাণ্ডাৰ
পৰা মাতি দিলে।
অঁ। লতা অৰ্থাৎ বনলতাই তেওঁক ভিতৰলৈ মাতিবনে নামাতিব এখন্তেক
ভাবিলে। আজিয়ে তৰুণ অহাৰ কথা। এতিয়াই পায়হি যদি?
বাঃ, ইয়াতে ৰৈ আছা অথচ মাত দিয়া নাই! পৰ্দা দাঙি ফুকন সোমাই
আহি সদায় আহি থকা মানুহৰ দৰেই ঢপহকৈ চকী এখনত বহি ল’লে। বৰ সুন্দৰকৈ
সজাইছা দেখোন! আঁ এৰা, সপোন কোঁৱৰ অহাৰ কথা...। তেওঁ হাঁহিলে।
ফুকনৰ হাঁহিটো আৰু শৰীৰি উপস্থিতি তাইৰ অসহ্য লাগিবলৈ ধৰিছে নেকি?
অথচ কালিলৈকে এই ফুকনকো তাই নেদেখিলে থাকিবই নোৱাৰিছিল।