একুৰি এটা গল্প/অবাঞ্ছনীয়

ৱিকিউৎসৰ পৰা
[ ৩১ ]
 

অবাঞ্ছনীয়

 ‘জেঠাইদেউ, অ’ জেঠাইদেউ’– মৌ-বৰষা মিঠা মাত কাৰ এয়া! কোঠালিৰ ভিতৰৰ পৰাই মাতটো শুনি অনুমান কৰিবলৈ যত্ন কৰিলো। কাৰ মাত হ'ব পাৰে? তৰালিৰ? নহয়। মণিকাৰ? নিৰ্মলাৰ? নহয়। তেন্তে কোন? ওলাই যাবলৈও মনটোত এলাহ লাগিছে। পুৱাৰে পৰা অবিৰাম গতিত কাম কৰি দুপৰীয়া খাই-বৈ উঠি অকণমান সময় মই সদায় শোওঁ। এনে সময়ত কোন আহিল আকৌ! আকৌ মতা শুনিলো—‘জেঠাইদেউ’। এলাহ সামৰি থৈ লাহেকৈ গাটো লৰাইছো, তেনেতে শুনিলো জেঠায়েকৰ মাত।
 :অ’ জোনালী, আহ আই আহ। আজিকালিচোন আহিবলৈকে এৰিলি।
 :এতিয়া আৰু কি আহিম? লগ আনি দিছোৱেই নহয়! -পিছৰ বাক্যটো মোক উদ্দেশ্যি কোৱা।

 জেঠায়েকক অৰ্থাৎ মোৰ শাহুক লগ আনি দিছে অৰ্থাৎ মই আহিছো। গতিকে তাইৰ অহাৰ দৰ্কাৰ নাই। কথাখিনি কোঠালিৰ ভিতৰৰ পৰাই গমি চালো। তাত যেন কিবা এটা কথা লুকাই আছে।

 জোনালী। মিঠা বৰণীয়া সুন্দৰী ছোৱালী। ভৰযৌৱনা। মোৰ স্বামী নন্দনৰ ছাত্ৰী। মানে তেওঁ চাকৰি পোৱাৰ আগতে দুই এটা ‘টিউচন’ কৰি নিজৰ জেপ খৰচ উলিয়াইছিল। তেনেকৈ জোনালীকো তেওঁ পঢ়ুৱাইছিল। তেনেকৈয়ে তাইক আমাৰ ঘৰখনে আহ-যাহ কৰিবলৈ সুবিধা এটা কৰি দিছিল। ছোৱালী নথকা ঘৰখনত শাহুৰ সৈতে তাইৰ এটা বন্ধুত্বৰ ভাৱ গঢ়ি উঠিছিল। মাক মানে মোৰ শাহুক তাই ‘জেঠাইদেউ’ পাতি লৈছিল। আৰু তেওঁৰ ল'ৰাটোক....। গাঁৱলীয়া ছোৱালী তাই। বোৱা-কটাত পাকৈত। মুখখনো চোকা। পঢ়াত সিমান ভাল নহয়। বিয়াৰ এমাহমান পাছৰে পৰা মোৰ এই ছোৱালীজনীৰ প্ৰতি কৌতূহল বাঢ়ি গৈ আছে। কিতাপৰ ৰেক্‌ডাল পৰিপাটী কৰোতে এদিন জোনালীয়ে মোৰ স্বামী নন্দনলৈ দিয়া চিঠি এখন পাইছিলো। তাত লিখা কথাবোৰ কি নিৰ্মল মনেৰে লিখা কথা আছিল! ঘৰলৈ আহিলেও তাইৰ নন্দনৰ প্ৰতিহে ইমান আগ্ৰহ কিয়? কি সম্পৰ্ক আছে বাৰু নন্দনৰ সৈতে? অকল গুৰু-শিষ্যৰেইনে? মায়ে অৰ্থাৎ মোৰ শাহুৱে তাইক আথে-বেথে মাতি নি পাকঘৰতে পীৰা এখনত বহিবলৈ দিলে। তাই সম্ভৱ বহিয়েই সুধিলে—‘নন্দনদা কেতিয়া আহিব?’এঙামুৰি দি উঠিব খোজা মানুহজনী আকৌ বহি পৰিলো। নন্দন অহাৰ বাবে তাই ইমান আতুৰ কিয়? মায়ে তাইক কি উত্তৰ [ ৩২ ] দিলে মই নুশুনিলো। এইখন ঘৰত নকইনা হৈ খোজ পেলোৱাৰ পাছৰে পৰাই তাইক মোৰ অসহ্য লাগি গৈছে। আন ছোৱালীবোৰৰ দৰে তায়ো মোৰ ওচৰলৈ মোক ‘ন-কইনা’ বুলি চাবলৈ আহিছিল। কিন্তু আহিয়ে কিছুপৰ তভক মাৰি ৰৈ থাকি মোক একপ্ৰকাৰ গ্ৰাহ্যই নকৰাৰ দৰে মোৰ যৌতুকত অনা আচবাববোৰত চকু ফুৰাইছিল। নম্ৰতাৰে মই তাইক তাইৰ নাম সুধিছিলো। তাই তপৰাই সুধিছিল— ‘কিয়, নন্দনদাই কোৱা নাই?” মই থমক খাই ৰৈ গৈছিলো। তাইৰ অস্তিত্বৰ কথা মোক মোৰ স্বামীয়ে কোৱাটো বিচাৰে কিয়? মোৰ মনটো হঠাতে মৰহি গৈছিল। মোৰ জীৱনৰ একমাত্ৰ আৰু মৰমৰ মানুহজনৰ প্ৰতি আন কোনোবাই স্বত্ব দাবী কৰিবলৈ অহা কথাটো মানি ল'বলৈ মই টান পালো। স্মিত হাঁহিৰে প্ৰসংগটো এৰাই সেইদিনা মই তাইক যাবলৈ দিছিলো। কিন্তু ছোৱালীজনীৰ আচৰণে মোক ভবাই তুলিছিল।

 মোৰ স্বামীৰ নাম নন্দন বড়া। গড়কাপ্তানি অফিচত কেৰাণীৰ কাম কৰে। মা-দেউতাহঁতে তেওঁক পছন্দ কৰিছিল। প্ৰথমবাৰ তেওঁক দেখিয়েই মোৰ সপোন কোঁৱৰৰ সৈতে তেওঁৰ মিল দেখা পাইছিলো। সেয়ে মোৰ মা-দেউতাৰ সন্মতত বিয়া হৈছিলো। গহীন আৰু মিতভাষী নন্দনক দেখাৰ লগে লগে ভাল পাইছিলো আৰু সেই ভালপোৱাক বিয়াৰ পাছত সুদৃঢ় কৰিব খুজিছিলো। তেৱোঁ মোক ভাল পাইছিল, কিন্তু ক'ৰবাত যেন অকণমান খুঁত ৰৈ গৈছিল। মই ভাবি নাপাইছিলো কেণাটো ক’ত। মই সৰ্বান্তঃকৰণেৰে তেওঁক সুখী কৰিবলৈ যত্ন কৰিছিলো। কিন্তু তেওঁ যেন সুখী নহয়। সম্পূৰ্ণৰূপে মোতেই সমৰ্পিত হ’বলৈ তেওঁ যেন কুণ্ঠিত। তেওঁৰ মনৰ মণিকোঠাত জোনালী নাইতো!

 ধুনীয়া ছোৱালীৰ প্ৰতি সকলো পুৰুষৰে আগ্ৰহ আছে। সকলোৰে মাজত মোৰ নন্দনো এজন। অকলশৰীয়া মুহূৰ্তত সুন্দৰী ছোৱালীক চেনেহ যাচিবলৈ তেওঁ যে সংকোচ কৰিব, তাৰ কোনো চাৰ্টিফিকেট মই দিব নোৱাৰিম। কিন্তু আগতে যি আছিল, যদি আছিল, এতিয়া আৰু থকাটো মই নিবিচাৰো। জোনালীয়ে নন্দনলৈ লিখা চিঠিখনৰ সেইকথাখিনি..‘আপুনি হয়তো মোক পাহৰি গ'ল। কিন্তু আপোনাৰ সেই মৰমবোৰ মোৰ মনত থাকিব....। ’ কথাবোৰ কেনেকৈ পাহৰো? কিন্তু মই পাহৰিবৰ চেষ্টা কৰিছো। সংসাৰখন খেলিমেলি নহ'বলৈ এইবোৰ কথাক আওকাণ কৰি যাবৰ চেষ্টা কৰিছো। কিন্তু আন ছোৱালীৰ প্ৰতি আগ্ৰহ দেখুৱালেই মই অশান্ত হৈ উঠো। বিশেষকৈ জোনালী নামৰ এই ‘ধুমকেতু’টো যেতিয়া ঘৰলৈ আহে তেতিয়া নন্দনৰ আগ্ৰহ আৰু উখল-মাখল দেখি মই অন্তত একুৰা জুই জ্বলি উঠা [ ৩৩ ] গম পাওঁ। কিন্তু মই কি কৰা উচিত? মই ভাবি নাপাওঁ কেনেকৈ তাইৰ সম্পৰ্কৰ পৰা মোৰ প্ৰেমক আঁতৰাই ৰাখিম। মই নন্দনক কথাবোৰ ক'ব বিচাৰো। কিন্তু কেনেকৈ? মানি ল’বনে তেওঁ? নন্দনৰ বিশেষ মৰম ধন্য সেই জোনালীজনী আঁতৰি যাবনে মোৰ জীৱনৰ পৰা?

 নন্দন চাগে আজি আহিব। চাকৰি কৰা ঠাইৰ পৰা তেওঁ মাহেকত এবাৰ তিনিদিনমানৰ বাবে আহি যায়। কিন্তু আহিয়েই তেওঁ সদায় খৰখেদাকৈ ওচৰ-চুবুৰীয়াক মাত দিবলৈ ওলাই যায়। প্ৰথমতে সহজ যেন লগা কথাটো পাছলৈ দুৰ্বোধ্য আৰু এতিয়া বোধগম্য হোৱা যেন লাগিল। অন্য চাকৰিয়ালবোৰ যিবোৰ গাঁৱৰ বাহিৰত থাকে, সেইবোৰে গাঁৱলৈ আহিলেতো তেনে উৎপাত নলগায়— গাঁওখন চাবলৈ। নন্দনৰ বাবে আকৰ্ষণীয় কি আছে গাঁওখনত? সন্ধিয়া লাগিলেই ঘৰত থকা দিনকেইটাৰ প্ৰত্যেক দিনেই গাঁও ফুৰিবলৈ ওলাই গৈ ৰাতি খাবৰ পৰত উভতি অহা নন্দনৰ প্ৰতি ভিতৰি ভিতৰি খঙত মই জ্বলি থাকিলেও মুখেৰে একো ক'ব নোৱাৰো। অথচ অন্তৰৰ সকলো আগ্ৰহ একত্ৰিত কৰি পৰম আশাৰে তেওঁ অহা দিনটোলৈ বাট চাই চাই সঁজাত বন্দী হৈ থকা মই—মানুহজনীক তেওঁ অকণো আগ্ৰহ নেদেখুৱায়। পৰোক্ষভাৱে এয়া মোৰ প্ৰতি তেওঁ কৰা অপমান নেকি? গাঁওখনত এনে কি সন্মোহন আছে, যি মোৰ মাজত অকণো নাই? কত ভাৱনা কত ইচ্ছা দমন কৰি ৰাখো! কিমান আবেগ হেঁচি থৈ দিওঁ নন্দনৰ বাবে! অথচ তেওঁৰ নিস্পৃহ আচৰণে প্ৰত্যেকবাৰেই মোক বিমূঢ় কৰি তুলিলেও তেওঁক একো ক'ব নোৱাৰি নিজেই দগ্ধ হৈ থাকো। আৰু নহয়। নন্দন আহিলেই এইবাৰ মই তেওঁৰ মুখামুখি হ'ম। প্ৰত্যেক কথাৰে একোটা স্পষ্ট উত্তৰ বিচাৰিম। জোনালীৰ সেই মনত ৰাখিবলগীয়া বিশেষ মৰমবোৰনো কি আছিল? আৰু তাৰ ৰং কেনে আছিল, সেই কথা মই জানিবই লাগিব।

 সন্ধিয়া নন্দন আহিল। হাত-মুখ ধুই চাহ খালে। তাৰ পাছত তেওঁ মোক টৰ্চটো আনিবলৈ ক'লে। মই টৰ্চটো অনাৰ পৰিৱৰ্তে চোলাৰ বুটাম মাৰি থকা নন্দনৰ হাতখনত খামুচি ধৰি সুধিলো—
 :ক'লৈ যোৱানো? আহি পাইছাহে। আজি ঘৰতে থাকাচোন, কাইলৈ যাবা।
 :ইহ্, মই এতিয়া ঘৰত সোমাই থাকি কি কৰিম? অলপ ফুৰি আহো।

 মনতে ভাবিলো, সোধো নেকি তেওঁক—অতদূৰ বাট আহি এতিয়া ফুৰিবলৈ যোৱানে কাৰোবাক চাবলৈ যোৱা? মুখ ফুটাই একো নক'লো। টৰ্চটো [ ৩৪ ] হাতত দি মাত্ৰ ক'লো—
 : যোৱা বাৰু ফুৰিবলৈ। কিন্তু ফুৰোতে ফুৰোতে তুমি এনে কাৰো ঘৰৰ পদূলিত নৰবা, য’ৰ পৰা আমাৰ সংসাৰখনৰ ভাঙোন ধৰাৰ সম্ভাৱনা থাকে। —
থমকি ৰৈ নন্দনে মোৰ মুখৰ ফালে চাই ৰ'ল।
 : তুমিনো কাৰ কথা কৈছা?
 : জোনালীৰ ঘৰখন। যিখন ঘৰত জোনালী থাকে সেইখন ঘৰৰ পদূলিত থিয় হোৱাটোও মই কামনা নকৰো। জোনালীৰ প্ৰতি আগতে তোমাৰ কিবা বিশেষ মৰম আছিল যদিও এতিয়া সেইবোৰ চলি থকাটো মই নিবিচাৰো। আশাকৰো মোৰ জীৱনটো— সুখৰ জীৱনটো দীঘলীয়া কৰাত তুমি সহায় কৰিবা। তেওঁৰ চকুলৈ চাই একে উশাহে কথাখিনি কৈ মই থৰ হৈ থকা নন্দনৰ কাষেৰে বাহিৰলৈ ওলাই আহিলো। চোতালত কৃষ্ণপক্ষৰ আন্ধাৰৰ মাজত ৰৈ মই মনে মনে ভগৱানক খাটিছিলো— “হে ভগৱান, মোৰ জীৱনটো শুক্লপক্ষৰ নিৰ্মল জোনাকেৰে ভৰাই দিয়া।

 কিছুপৰ পাছত লাহে লাহে ভিতৰ সোমাই আহিলো। ভাবিছিলো তেওঁ চাগে ওলাই গ'ল! কিন্তু সোমাই গৈ দেখিলো চকী এখনত তেওঁ তলমূৰকৈ বহি আছে। মোৰ উপস্থিতিত তেওঁ এবাৰ মূৰ তুলি চালে। কি দেখিছো বাৰু তেওঁৰ চকুত—দুখ, গ্লানি নে অনুশোচনা! তেওঁ কিবা ক’ব খুজিছিল। মই সুযোগ নিদি ওলাই আহিলো। সপোন দেখাৰ দৰেই সুন্দৰকৈ সজাব খোজা সংসাৰখনত এইবোৰ কিহৰ জটিলতা? আন কোনোবা নাৰীয়ে সহ্য কৰিব পাৰেনে তাইৰ স্বামীৰ আন নাৰীৰ সৈতে থকা গুপ্ত সম্পৰ্ক? যদি পাৰে তেন্তে তেওঁ ধন্য। মই নোৱাৰো। মোৰ বাবে মোৰ নন্দনৰ ওচৰত আন কাৰোবাৰ তিলমাত্ৰ উপস্থিতিও অসহ্য, অবাঞ্ছনীয়। কি কৰো বাৰু মই? এই অবাঞ্ছনীয় পৰিস্থিতিৰ পৰা কেনেকৈ উদ্ধাৰ পাম? কোঠাৰ পৰা ওলাই অহাৰ পাছতেই নন্দনে মোক মতা শুনিলো।

 : কি হল? আহাচোন, তোমাৰ সৈতে অলপ কথা হওঁ। —কি ক'ব বাৰু তেওঁ? জোনালীৰ সৈতে তেওঁৰ প্ৰেম কাহিনী? নাই নালাগে। নন্দনৰ মুখৰ পৰা তেওঁৰ পূৰ্বৰ প্ৰেম-কাহিনী শুনিব মই নোৱাৰো। আৰু যদিহে মই তেওঁৰ মুখত সঁচা কথাবোৰ শুনো, তেন্তে পাৰিম জানো জোনালীৰ প্ৰেমিকক মোৰ পতিৰূপে ভাল পাব? আৰু যদিহে নোৱাৰো তেন্তে আমাৰ সংসাৰখনৰ কি হ'ব? তেওঁ আকৌ মতা শুনিলো।
 : আহানা। তোমাক মই কিব ক'ব বিচাৰো। [ ৩৫ ]  : নাই, নালাগে একো ক’ব। মাত্ৰ আগতে যি আছিল— যদিহে আছিল, এতিয়া সেইবোৰ থাকিব নালাগে। তুমি আৰু মই। ইয়াৰ মাজত আনৰ ছাঁটো পৰ্যন্ত পৰিব নিদিবা। ইয়াতেই মোৰ শান্তি।
 : কিন্তু, তুমি কি ভাবি আছা আৰু আচলতে কথাটো কি, সেইটো পৰিষ্কাৰ কৰা উচিত। তোমাক বিয়া কৰাবলৈ আগবঢ়াৰ সময়ৰ পৰাই যিটো ভয়ে মোক খুলি খুলি খাইছিল— সেইখিনি কথা তোমাক ক’বলৈ নাপালে আগলৈকো মোৰ মন সংশয়মুক্ত হ’ব নোৱাৰিব। তুমি মাত্ৰ শুনা আৰু তাৰ পাছত যি শাস্তি দিয়া তাকেই মই মূৰ পাতি লম। — তেওঁ ক'বলৈ আৰম্ভ কৰিছিল আৰু মই থৰ হৈ খিৰিকিৰে আন্ধাৰলৈ চাই আছিলো।
 : বি,এটো পাছ কৰি উঠি চাকৰিৰ বাবে হায়ৰণ হৈ থকা সময়ত মা-দেউতাৰ পৰামৰ্শমতে ঘৰে ঘৰে গৈ কেইটামান ল'ৰা-ছোৱালীক পঢ়ুৱাবলৈ লৈছিলো। এসময়ত জোনালীকো পঢ়ওৱাৰ দায়িত্ব মোক তাইৰ মাক বাপেকে দিছিল। পাঁচটা ককায়েকৰ তলৰ জোনালীক ঘৰৰ আটায়ে বৰ আসৈ দিছিল। দিন যোৱাৰ লগে লগে তাই মোক ‘ছাৰ' বুলি মতাৰ সলনি ‘নন্দনদা’ বুলি মাতিবলৈ লৈছিল। মোৰ আপত্তি কৰিব লগা একো নাছিল। কিন্তু দিন যোৱাৰ লগে লগে জোনালী যেন অধিক উৎপতীয়া হ'বলৈ আৰম্ভ কৰিছিল। পঢ়ুৱাই থাকোতে কিতাপত মন দিয়াৰ সলনি তাই অধিক মনোযোগেৰে যেন মোৰ চকুহাললৈ চাইছিল। তেনেদৰেই পঢ়ুৱাই থকাৰ সময়তে মোৰ মাৰ বৰ টান অসুখ হৈছিল। তিনি চাৰিটা টিউচন কৰি, ঘৰৰ কাম সামৰি বেমাৰী মাৰ আলপৈচান ধৰিবলৈ মোৰ অলপ অসুবিধা হৈছিল। সেই সময়তে জোনালীৰ মাকে তাইক আমাৰ ঘৰত অলপ সহায় কৰি দিবলৈ উপযাচি কোৱাত মই বেয়া পোৱা নাছিলো। সুৰুঙা পাই তাই সদায় আমাৰ ঘৰলৈ আহিবলৈ ললে। আমাৰ ঘৰত থকা সময়খিনিত সুবিধা পালেই তাই মোৰ কোঠালিলৈ আহে আৰু নানা প্ৰশ্নৰে মোক ব্যতিব্যস্ত কৰি তোলে। অকলশৰীয়া কোঠা এটাত জোনালীৰ দৰে তজ্‌বজীয়া গাভৰুৰ উপস্থিতিয়ে মোকো মাজে মাজে আমনি দিছিল। তায়ো যেন আন কিবা বিচাৰিছিল। ঘৰত থকা সময়খিনি অনবৰতে নন্দনদা, নন্দনদাকৈ থকাটো বেছি হৈছিল। ইটো-সিটো অজুহাতত তাই যেন মোৰ কাষতেই থাকিব আৰু কেৱল মোৰেই সৈতে কথা পাতিব! ময়ো তেতিয়া চফল ডেকা ল'ৰা। নিজান ঘৰখনত তেজৰ সম্পৰ্ক নোহোৱা জোনালীক কেতিয়াবা অবুজভাৱে মৰম লাগি গৈছিল। তেনে ভাৱত নিমজ্জিত মনে এদিন জোনালীক দুহাতেৰে ওচৰ চপাই ল’বলৈ বাধা দিয়া নাছিল। মোৰ বুকুত মূৰ থৈ জোনালীয়ে [ ৩৬ ] সিদিনা অস্পষ্ট সুৰত কৈছিল— মই আপোনাক ভালপাওঁ নন্দনদা ...। তাইৰ মুখত মোৰ নামটো শুনাৰ পাছত মই নিজক বিচাৰি পাইছিলো। লৰালৰিকৈ তাইক এৰি দি মই বহি পৰিছিলো। মোৰ ভুল হৈছিল— মই জানিছিলো। কিন্তু ইয়াৰ পাছতো মই তাইৰ উপস্থিতিক অগ্ৰাহ্য কৰিব পৰা নাছিলো। তাৰ পাছতো তাই আহে, জোৰকৈ তাই মোৰ পৰা মৰম বিচাৰে। যৌৱনৰ তাড়নাত কেতিয়াবা বিবেক নিশ্চল হৈ যায়। মই তাইৰ সৈতে নিবিড় হৈ পৰিছিলো মাজে মাজে। মই তাইক বুজাবলৈ যত্ন কৰিছিলো যে সেয়া ভুল হৈছে। তাই একো নামাতিছিল। অথচ মোক এৰাও নাছিল। তাইৰ প্ৰতি মোৰ প্ৰেম নাছিল যদিও তাইক মই উলাই কৰিবও পৰা নাছিলো। চাগে তাইৰ প্ৰতি মোৰ কিছু দুৰ্বলতা আছিল। ইয়াৰে প্ৰায় এবছৰমান পাছত মই চাকৰি পাই আঁতৰৰ চহৰলৈ গ'লো। ভাবিছিলো জোনালীৰ সৈতে আৰম্ভ হোৱা সেই অভিসাৰৰ পৰা ৰক্ষা পৰিলো। কিন্তু মই ঘৰলৈ আহিলেই তাই আহি ওলায়হি আৰু সিহঁতৰ ঘৰলৈ নগ’লেই তাইৰ সৈতে থকা মোৰ সম্পৰ্কৰ কথা মোৰ মা-দেউতাৰ আগত কৈ দিম বুলি তাই ভয় দেখুৱায়। মই পৃথিৱীৰ সকলো বস্তুৰ ভিতৰত বদনামকেই ভয় কৰো বেছি। শিক্ষিত আৰু সৎ বুলি গাঁৱত মোৰ যি নাম আছে তাক যৌৱনৰ আৰম্ভণিতে কৰা ভুলেৰে নোহোৱা কৰিব নোখোজো। তাইক বুজাবলৈ যত্ন কৰিও মই বিফল হৈছে। তাৰ পাছত মাহঁতে তোমাক বোৱাৰী কৰি আনিবলৈ ঠিক কৰিলে। মোৰ বিয়াত তাই নাহিল। কিন্তু তাই নিজ হাতে বোৱা গামোচা এখন উপহাৰ দি পঠালে। মোৰ বিয়া হ'ল। ইয়াৰ পাছতো তাই আমাৰ ঘৰলৈ আহে। অকলে লগ পালে আকৌ মাতে তাহাঁতৰ ঘৰলৈ। তাইৰ আহবানক উপেক্ষা কৰাৰ শক্তি মোৰ নাই। জানো, মোৰ পাপ হৈছে। কিন্তু তুমি বিশ্বাস কৰা, তাইৰ বাবে মোৰ অন্তৰত অকণমানো অনুৰাগ নাই। নাই কোনো ধৰণৰ সন্মোহন! মই কি কৰো? মোক শাস্তি দিয়া। বিয়াৰ পাছত পত্নী আৰু পতিৰ মাজত কোনো কথাত পৰ্দা থাকিব নালাগে। সেয়ে মই পৰ্দা দাঙি ধৰিলো, এতিয়া তুমি যি ইচ্ছা তাকে কৰা। —শেষৰ কথাখিনি কৈ নন্দনে মোৰ সোঁহাতখনত তেওঁৰ মূৰটো থৈ নীৰৱ হৈ ৰ'ল। আৰু মই? যাৰ প্ৰেম-কাহিনী শুনাৰ আগতেই মোৰ মন বিতৃষ্ণাত তিক্ত হৈ উঠিছিল, মুহূৰ্ততে সেই তিক্ততা যেন শূন্যত বিলীন হৈ গ'ল। মোৰ ৰিক্ত হিয়াখনচোন তেওঁৰ কথাখিনি শুনাৰ পাছত পূৰ্ণতাৰে ভৰি উঠিছে! সোঁহাতৰ তলুৱাত মুখ লুকুৱাই থকা নন্দনৰ মুখখন দুয়োহাতে ওপৰলৈ দাঙি তেওঁৰ কপালত পৰম মমতাৰে এটা চুমা আঁকি দিলো আৰু এই অবাঞ্ছনীয় পৰিস্থিতিৰ পৰা লুকুৱাই ৰাখিবলৈ তেওঁক দুয়োহাতে বুকুৰ মাজত হেঁচি ধৰিলো। — ‘নন্দন, মোৰ নন্দন’!