পৃষ্ঠা:একুৰি এটা গল্প.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একুৰি এটা গল্প • ৩৩

গম পাওঁ। কিন্তু মই কি কৰা উচিত? মই ভাবি নাপাওঁ কেনেকৈ তাইৰ সম্পৰ্কৰ পৰা মোৰ প্ৰেমক আঁতৰাই ৰাখিম। মই নন্দনক কথাবোৰ ক'ব বিচাৰো। কিন্তু কেনেকৈ? মানি ল’বনে তেওঁ? নন্দনৰ বিশেষ মৰম ধন্য সেই জোনালীজনী আঁতৰি যাবনে মোৰ জীৱনৰ পৰা?

 নন্দন চাগে আজি আহিব। চাকৰি কৰা ঠাইৰ পৰা তেওঁ মাহেকত এবাৰ তিনিদিনমানৰ বাবে আহি যায়। কিন্তু আহিয়েই তেওঁ সদায় খৰখেদাকৈ ওচৰ-চুবুৰীয়াক মাত দিবলৈ ওলাই যায়। প্ৰথমতে সহজ যেন লগা কথাটো পাছলৈ দুৰ্বোধ্য আৰু এতিয়া বোধগম্য হোৱা যেন লাগিল। অন্য চাকৰিয়ালবোৰ যিবোৰ গাঁৱৰ বাহিৰত থাকে, সেইবোৰে গাঁৱলৈ আহিলেতো তেনে উৎপাত নলগায়— গাঁওখন চাবলৈ। নন্দনৰ বাবে আকৰ্ষণীয় কি আছে গাঁওখনত? সন্ধিয়া লাগিলেই ঘৰত থকা দিনকেইটাৰ প্ৰত্যেক দিনেই গাঁও ফুৰিবলৈ ওলাই গৈ ৰাতি খাবৰ পৰত উভতি অহা নন্দনৰ প্ৰতি ভিতৰি ভিতৰি খঙত মই জ্বলি থাকিলেও মুখেৰে একো ক'ব নোৱাৰো। অথচ অন্তৰৰ সকলো আগ্ৰহ একত্ৰিত কৰি পৰম আশাৰে তেওঁ অহা দিনটোলৈ বাট চাই চাই সঁজাত বন্দী হৈ থকা মই—মানুহজনীক তেওঁ অকণো আগ্ৰহ নেদেখুৱায়। পৰোক্ষভাৱে এয়া মোৰ প্ৰতি তেওঁ কৰা অপমান নেকি? গাঁওখনত এনে কি সন্মোহন আছে, যি মোৰ মাজত অকণো নাই? কত ভাৱনা কত ইচ্ছা দমন কৰি ৰাখো! কিমান আবেগ হেঁচি থৈ দিওঁ নন্দনৰ বাবে! অথচ তেওঁৰ নিস্পৃহ আচৰণে প্ৰত্যেকবাৰেই মোক বিমূঢ় কৰি তুলিলেও তেওঁক একো ক'ব নোৱাৰি নিজেই দগ্ধ হৈ থাকো। আৰু নহয়। নন্দন আহিলেই এইবাৰ মই তেওঁৰ মুখামুখি হ'ম। প্ৰত্যেক কথাৰে একোটা স্পষ্ট উত্তৰ বিচাৰিম। জোনালীৰ সেই মনত ৰাখিবলগীয়া বিশেষ মৰমবোৰনো কি আছিল? আৰু তাৰ ৰং কেনে আছিল, সেই কথা মই জানিবই লাগিব।

 সন্ধিয়া নন্দন আহিল। হাত-মুখ ধুই চাহ খালে। তাৰ পাছত তেওঁ মোক টৰ্চটো আনিবলৈ ক'লে। মই টৰ্চটো অনাৰ পৰিৱৰ্তে চোলাৰ বুটাম মাৰি থকা নন্দনৰ হাতখনত খামুচি ধৰি সুধিলো—
 :ক'লৈ যোৱানো? আহি পাইছাহে। আজি ঘৰতে থাকাচোন, কাইলৈ যাবা।
 :ইহ্, মই এতিয়া ঘৰত সোমাই থাকি কি কৰিম? অলপ ফুৰি আহো।

 মনতে ভাবিলো, সোধো নেকি তেওঁক—অতদূৰ বাট আহি এতিয়া ফুৰিবলৈ যোৱানে কাৰোবাক চাবলৈ যোৱা? মুখ ফুটাই একো নক'লো। টৰ্চটো