পৃষ্ঠা:একুৰি এটা গল্প.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৩৬
 

সিদিনা অস্পষ্ট সুৰত কৈছিল— মই আপোনাক ভালপাওঁ নন্দনদা ...। তাইৰ মুখত মোৰ নামটো শুনাৰ পাছত মই নিজক বিচাৰি পাইছিলো। লৰালৰিকৈ তাইক এৰি দি মই বহি পৰিছিলো। মোৰ ভুল হৈছিল— মই জানিছিলো। কিন্তু ইয়াৰ পাছতো মই তাইৰ উপস্থিতিক অগ্ৰাহ্য কৰিব পৰা নাছিলো। তাৰ পাছতো তাই আহে, জোৰকৈ তাই মোৰ পৰা মৰম বিচাৰে। যৌৱনৰ তাড়নাত কেতিয়াবা বিবেক নিশ্চল হৈ যায়। মই তাইৰ সৈতে নিবিড় হৈ পৰিছিলো মাজে মাজে। মই তাইক বুজাবলৈ যত্ন কৰিছিলো যে সেয়া ভুল হৈছে। তাই একো নামাতিছিল। অথচ মোক এৰাও নাছিল। তাইৰ প্ৰতি মোৰ প্ৰেম নাছিল যদিও তাইক মই উলাই কৰিবও পৰা নাছিলো। চাগে তাইৰ প্ৰতি মোৰ কিছু দুৰ্বলতা আছিল। ইয়াৰে প্ৰায় এবছৰমান পাছত মই চাকৰি পাই আঁতৰৰ চহৰলৈ গ'লো। ভাবিছিলো জোনালীৰ সৈতে আৰম্ভ হোৱা সেই অভিসাৰৰ পৰা ৰক্ষা পৰিলো। কিন্তু মই ঘৰলৈ আহিলেই তাই আহি ওলায়হি আৰু সিহঁতৰ ঘৰলৈ নগ’লেই তাইৰ সৈতে থকা মোৰ সম্পৰ্কৰ কথা মোৰ মা-দেউতাৰ আগত কৈ দিম বুলি তাই ভয় দেখুৱায়। মই পৃথিৱীৰ সকলো বস্তুৰ ভিতৰত বদনামকেই ভয় কৰো বেছি। শিক্ষিত আৰু সৎ বুলি গাঁৱত মোৰ যি নাম আছে তাক যৌৱনৰ আৰম্ভণিতে কৰা ভুলেৰে নোহোৱা কৰিব নোখোজো। তাইক বুজাবলৈ যত্ন কৰিও মই বিফল হৈছে। তাৰ পাছত মাহঁতে তোমাক বোৱাৰী কৰি আনিবলৈ ঠিক কৰিলে। মোৰ বিয়াত তাই নাহিল। কিন্তু তাই নিজ হাতে বোৱা গামোচা এখন উপহাৰ দি পঠালে। মোৰ বিয়া হ'ল। ইয়াৰ পাছতো তাই আমাৰ ঘৰলৈ আহে। অকলে লগ পালে আকৌ মাতে তাহাঁতৰ ঘৰলৈ। তাইৰ আহবানক উপেক্ষা কৰাৰ শক্তি মোৰ নাই। জানো, মোৰ পাপ হৈছে। কিন্তু তুমি বিশ্বাস কৰা, তাইৰ বাবে মোৰ অন্তৰত অকণমানো অনুৰাগ নাই। নাই কোনো ধৰণৰ সন্মোহন! মই কি কৰো? মোক শাস্তি দিয়া। বিয়াৰ পাছত পত্নী আৰু পতিৰ মাজত কোনো কথাত পৰ্দা থাকিব নালাগে। সেয়ে মই পৰ্দা দাঙি ধৰিলো, এতিয়া তুমি যি ইচ্ছা তাকে কৰা। —শেষৰ কথাখিনি কৈ নন্দনে মোৰ সোঁহাতখনত তেওঁৰ মূৰটো থৈ নীৰৱ হৈ ৰ'ল। আৰু মই? যাৰ প্ৰেম-কাহিনী শুনাৰ আগতেই মোৰ মন বিতৃষ্ণাত তিক্ত হৈ উঠিছিল, মুহূৰ্ততে সেই তিক্ততা যেন শূন্যত বিলীন হৈ গ'ল। মোৰ ৰিক্ত হিয়াখনচোন তেওঁৰ কথাখিনি শুনাৰ পাছত পূৰ্ণতাৰে ভৰি উঠিছে! সোঁহাতৰ তলুৱাত মুখ লুকুৱাই থকা নন্দনৰ মুখখন দুয়োহাতে ওপৰলৈ দাঙি তেওঁৰ কপালত পৰম মমতাৰে এটা চুমা আঁকি দিলো আৰু এই অবাঞ্ছনীয় পৰিস্থিতিৰ পৰা লুকুৱাই ৰাখিবলৈ তেওঁক দুয়োহাতে বুকুৰ মাজত হেঁচি ধৰিলো। — ‘নন্দন, মোৰ নন্দন’!