পৃষ্ঠা:একুৰি এটা গল্প.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২ • একুৰি এটা গল্প
 

দিলে মই নুশুনিলো। এইখন ঘৰত নকইনা হৈ খোজ পেলোৱাৰ পাছৰে পৰাই তাইক মোৰ অসহ্য লাগি গৈছে। আন ছোৱালীবোৰৰ দৰে তায়ো মোৰ ওচৰলৈ মোক ‘ন-কইনা’ বুলি চাবলৈ আহিছিল। কিন্তু আহিয়ে কিছুপৰ তভক মাৰি ৰৈ থাকি মোক একপ্ৰকাৰ গ্ৰাহ্যই নকৰাৰ দৰে মোৰ যৌতুকত অনা আচবাববোৰত চকু ফুৰাইছিল। নম্ৰতাৰে মই তাইক তাইৰ নাম সুধিছিলো। তাই তপৰাই সুধিছিল— ‘কিয়, নন্দনদাই কোৱা নাই?” মই থমক খাই ৰৈ গৈছিলো। তাইৰ অস্তিত্বৰ কথা মোক মোৰ স্বামীয়ে কোৱাটো বিচাৰে কিয়? মোৰ মনটো হঠাতে মৰহি গৈছিল। মোৰ জীৱনৰ একমাত্ৰ আৰু মৰমৰ মানুহজনৰ প্ৰতি আন কোনোবাই স্বত্ব দাবী কৰিবলৈ অহা কথাটো মানি ল'বলৈ মই টান পালো। স্মিত হাঁহিৰে প্ৰসংগটো এৰাই সেইদিনা মই তাইক যাবলৈ দিছিলো। কিন্তু ছোৱালীজনীৰ আচৰণে মোক ভবাই তুলিছিল।

 মোৰ স্বামীৰ নাম নন্দন বড়া। গড়কাপ্তানি অফিচত কেৰাণীৰ কাম কৰে। মা-দেউতাহঁতে তেওঁক পছন্দ কৰিছিল। প্ৰথমবাৰ তেওঁক দেখিয়েই মোৰ সপোন কোঁৱৰৰ সৈতে তেওঁৰ মিল দেখা পাইছিলো। সেয়ে মোৰ মা-দেউতাৰ সন্মতত বিয়া হৈছিলো। গহীন আৰু মিতভাষী নন্দনক দেখাৰ লগে লগে ভাল পাইছিলো আৰু সেই ভালপোৱাক বিয়াৰ পাছত সুদৃঢ় কৰিব খুজিছিলো। তেৱোঁ মোক ভাল পাইছিল, কিন্তু ক'ৰবাত যেন অকণমান খুঁত ৰৈ গৈছিল। মই ভাবি নাপাইছিলো কেণাটো ক’ত। মই সৰ্বান্তঃকৰণেৰে তেওঁক সুখী কৰিবলৈ যত্ন কৰিছিলো। কিন্তু তেওঁ যেন সুখী নহয়। সম্পূৰ্ণৰূপে মোতেই সমৰ্পিত হ’বলৈ তেওঁ যেন কুণ্ঠিত। তেওঁৰ মনৰ মণিকোঠাত জোনালী নাইতো!

 ধুনীয়া ছোৱালীৰ প্ৰতি সকলো পুৰুষৰে আগ্ৰহ আছে। সকলোৰে মাজত মোৰ নন্দনো এজন। অকলশৰীয়া মুহূৰ্তত সুন্দৰী ছোৱালীক চেনেহ যাচিবলৈ তেওঁ যে সংকোচ কৰিব, তাৰ কোনো চাৰ্টিফিকেট মই দিব নোৱাৰিম। কিন্তু আগতে যি আছিল, যদি আছিল, এতিয়া আৰু থকাটো মই নিবিচাৰো। জোনালীয়ে নন্দনলৈ লিখা চিঠিখনৰ সেইকথাখিনি..‘আপুনি হয়তো মোক পাহৰি গ'ল। কিন্তু আপোনাৰ সেই মৰমবোৰ মোৰ মনত থাকিব....। ’ কথাবোৰ কেনেকৈ পাহৰো? কিন্তু মই পাহৰিবৰ চেষ্টা কৰিছো। সংসাৰখন খেলিমেলি নহ'বলৈ এইবোৰ কথাক আওকাণ কৰি যাবৰ চেষ্টা কৰিছো। কিন্তু আন ছোৱালীৰ প্ৰতি আগ্ৰহ দেখুৱালেই মই অশান্ত হৈ উঠো। বিশেষকৈ জোনালী নামৰ এই ‘ধুমকেতু’টো যেতিয়া ঘৰলৈ আহে তেতিয়া নন্দনৰ আগ্ৰহ আৰু উখল-মাখল দেখি মই অন্তত একুৰা জুই জ্বলি উঠা