হাতত দি মাত্ৰ ক'লো—
: যোৱা বাৰু ফুৰিবলৈ। কিন্তু ফুৰোতে ফুৰোতে তুমি এনে কাৰো ঘৰৰ
পদূলিত নৰবা, য’ৰ পৰা আমাৰ সংসাৰখনৰ ভাঙোন ধৰাৰ সম্ভাৱনা থাকে। —
থমকি ৰৈ নন্দনে মোৰ মুখৰ ফালে চাই ৰ'ল।
: তুমিনো কাৰ কথা কৈছা?
: জোনালীৰ ঘৰখন। যিখন ঘৰত জোনালী থাকে সেইখন ঘৰৰ পদূলিত
থিয় হোৱাটোও মই কামনা নকৰো। জোনালীৰ প্ৰতি আগতে তোমাৰ কিবা বিশেষ
মৰম আছিল যদিও এতিয়া সেইবোৰ চলি থকাটো মই নিবিচাৰো। আশাকৰো
মোৰ জীৱনটো—
সুখৰ জীৱনটো দীঘলীয়া কৰাত তুমি সহায় কৰিবা।
তেওঁৰ চকুলৈ চাই একে উশাহে কথাখিনি কৈ মই থৰ হৈ থকা নন্দনৰ কাষেৰে
বাহিৰলৈ ওলাই আহিলো। চোতালত কৃষ্ণপক্ষৰ আন্ধাৰৰ মাজত ৰৈ মই মনে
মনে ভগৱানক খাটিছিলো— “হে ভগৱান, মোৰ জীৱনটো শুক্লপক্ষৰ নিৰ্মল
জোনাকেৰে ভৰাই দিয়া।
কিছুপৰ পাছত লাহে লাহে ভিতৰ সোমাই আহিলো। ভাবিছিলো তেওঁ চাগে ওলাই গ'ল! কিন্তু সোমাই গৈ দেখিলো চকী এখনত তেওঁ তলমূৰকৈ বহি আছে। মোৰ উপস্থিতিত তেওঁ এবাৰ মূৰ তুলি চালে। কি দেখিছো বাৰু তেওঁৰ চকুত—দুখ, গ্লানি নে অনুশোচনা! তেওঁ কিবা ক’ব খুজিছিল। মই সুযোগ নিদি ওলাই আহিলো। সপোন দেখাৰ দৰেই সুন্দৰকৈ সজাব খোজা সংসাৰখনত এইবোৰ কিহৰ জটিলতা? আন কোনোবা নাৰীয়ে সহ্য কৰিব পাৰেনে তাইৰ স্বামীৰ আন নাৰীৰ সৈতে থকা গুপ্ত সম্পৰ্ক? যদি পাৰে তেন্তে তেওঁ ধন্য। মই নোৱাৰো। মোৰ বাবে মোৰ নন্দনৰ ওচৰত আন কাৰোবাৰ তিলমাত্ৰ উপস্থিতিও অসহ্য, অবাঞ্ছনীয়। কি কৰো বাৰু মই? এই অবাঞ্ছনীয় পৰিস্থিতিৰ পৰা কেনেকৈ উদ্ধাৰ পাম? কোঠাৰ পৰা ওলাই অহাৰ পাছতেই নন্দনে মোক মতা শুনিলো।
: কি হল? আহাচোন, তোমাৰ সৈতে অলপ কথা হওঁ। —কি ক'ব
বাৰু তেওঁ? জোনালীৰ সৈতে তেওঁৰ প্ৰেম কাহিনী? নাই নালাগে। নন্দনৰ মুখৰ
পৰা তেওঁৰ পূৰ্বৰ প্ৰেম-কাহিনী শুনিব মই নোৱাৰো। আৰু যদিহে মই তেওঁৰ
মুখত সঁচা কথাবোৰ শুনো, তেন্তে পাৰিম জানো জোনালীৰ প্ৰেমিকক মোৰ
পতিৰূপে ভাল পাব? আৰু যদিহে নোৱাৰো তেন্তে আমাৰ সংসাৰখনৰ কি হ'ব?
তেওঁ আকৌ মতা শুনিলো।
: আহানা। তোমাক মই কিব ক'ব বিচাৰো।