পৃষ্ঠা:একুৰি এটা গল্প.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অবাঞ্ছনীয়

 ‘জেঠাইদেউ, অ’ জেঠাইদেউ’– মৌ-বৰষা মিঠা মাত কাৰ এয়া! কোঠালিৰ ভিতৰৰ পৰাই মাতটো শুনি অনুমান কৰিবলৈ যত্ন কৰিলো। কাৰ মাত হ'ব পাৰে? তৰালিৰ? নহয়। মণিকাৰ? নিৰ্মলাৰ? নহয়। তেন্তে কোন? ওলাই যাবলৈও মনটোত এলাহ লাগিছে। পুৱাৰে পৰা অবিৰাম গতিত কাম কৰি দুপৰীয়া খাই-বৈ উঠি অকণমান সময় মই সদায় শোওঁ। এনে সময়ত কোন আহিল আকৌ! আকৌ মতা শুনিলো—‘জেঠাইদেউ’। এলাহ সামৰি থৈ লাহেকৈ গাটো লৰাইছো, তেনেতে শুনিলো জেঠায়েকৰ মাত।
 :অ’ জোনালী, আহ আই আহ। আজিকালিচোন আহিবলৈকে এৰিলি।
 :এতিয়া আৰু কি আহিম? লগ আনি দিছোৱেই নহয়! -পিছৰ বাক্যটো মোক উদ্দেশ্যি কোৱা।

 জেঠায়েকক অৰ্থাৎ মোৰ শাহুক লগ আনি দিছে অৰ্থাৎ মই আহিছো। গতিকে তাইৰ অহাৰ দৰ্কাৰ নাই। কথাখিনি কোঠালিৰ ভিতৰৰ পৰাই গমি চালো। তাত যেন কিবা এটা কথা লুকাই আছে।

 জোনালী। মিঠা বৰণীয়া সুন্দৰী ছোৱালী। ভৰযৌৱনা। মোৰ স্বামী নন্দনৰ ছাত্ৰী। মানে তেওঁ চাকৰি পোৱাৰ আগতে দুই এটা ‘টিউচন’ কৰি নিজৰ জেপ খৰচ উলিয়াইছিল। তেনেকৈ জোনালীকো তেওঁ পঢ়ুৱাইছিল। তেনেকৈয়ে তাইক আমাৰ ঘৰখনে আহ-যাহ কৰিবলৈ সুবিধা এটা কৰি দিছিল। ছোৱালী নথকা ঘৰখনত শাহুৰ সৈতে তাইৰ এটা বন্ধুত্বৰ ভাৱ গঢ়ি উঠিছিল। মাক মানে মোৰ শাহুক তাই ‘জেঠাইদেউ’ পাতি লৈছিল। আৰু তেওঁৰ ল'ৰাটোক....। গাঁৱলীয়া ছোৱালী তাই। বোৱা-কটাত পাকৈত। মুখখনো চোকা। পঢ়াত সিমান ভাল নহয়। বিয়াৰ এমাহমান পাছৰে পৰা মোৰ এই ছোৱালীজনীৰ প্ৰতি কৌতূহল বাঢ়ি গৈ আছে। কিতাপৰ ৰেক্‌ডাল পৰিপাটী কৰোতে এদিন জোনালীয়ে মোৰ স্বামী নন্দনলৈ দিয়া চিঠি এখন পাইছিলো। তাত লিখা কথাবোৰ কি নিৰ্মল মনেৰে লিখা কথা আছিল! ঘৰলৈ আহিলেও তাইৰ নন্দনৰ প্ৰতিহে ইমান আগ্ৰহ কিয়? কি সম্পৰ্ক আছে বাৰু নন্দনৰ সৈতে? অকল গুৰু-শিষ্যৰেইনে? মায়ে অৰ্থাৎ মোৰ শাহুৱে তাইক আথে-বেথে মাতি নি পাকঘৰতে পীৰা এখনত বহিবলৈ দিলে। তাই সম্ভৱ বহিয়েই সুধিলে—‘নন্দনদা কেতিয়া আহিব?’এঙামুৰি দি উঠিব খোজা মানুহজনী আকৌ বহি পৰিলো। নন্দন অহাৰ বাবে তাই ইমান আতুৰ কিয়? মায়ে তাইক কি উত্তৰ