পৃষ্ঠা:একুৰি এটা গল্প.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৩৫
 

 : নাই, নালাগে একো ক’ব। মাত্ৰ আগতে যি আছিল— যদিহে আছিল, এতিয়া সেইবোৰ থাকিব নালাগে। তুমি আৰু মই। ইয়াৰ মাজত আনৰ ছাঁটো পৰ্যন্ত পৰিব নিদিবা। ইয়াতেই মোৰ শান্তি।
 : কিন্তু, তুমি কি ভাবি আছা আৰু আচলতে কথাটো কি, সেইটো পৰিষ্কাৰ কৰা উচিত। তোমাক বিয়া কৰাবলৈ আগবঢ়াৰ সময়ৰ পৰাই যিটো ভয়ে মোক খুলি খুলি খাইছিল— সেইখিনি কথা তোমাক ক’বলৈ নাপালে আগলৈকো মোৰ মন সংশয়মুক্ত হ’ব নোৱাৰিব। তুমি মাত্ৰ শুনা আৰু তাৰ পাছত যি শাস্তি দিয়া তাকেই মই মূৰ পাতি লম। — তেওঁ ক'বলৈ আৰম্ভ কৰিছিল আৰু মই থৰ হৈ খিৰিকিৰে আন্ধাৰলৈ চাই আছিলো।
 : বি,এটো পাছ কৰি উঠি চাকৰিৰ বাবে হায়ৰণ হৈ থকা সময়ত মা-দেউতাৰ পৰামৰ্শমতে ঘৰে ঘৰে গৈ কেইটামান ল'ৰা-ছোৱালীক পঢ়ুৱাবলৈ লৈছিলো। এসময়ত জোনালীকো পঢ়ওৱাৰ দায়িত্ব মোক তাইৰ মাক বাপেকে দিছিল। পাঁচটা ককায়েকৰ তলৰ জোনালীক ঘৰৰ আটায়ে বৰ আসৈ দিছিল। দিন যোৱাৰ লগে লগে তাই মোক ‘ছাৰ' বুলি মতাৰ সলনি ‘নন্দনদা’ বুলি মাতিবলৈ লৈছিল। মোৰ আপত্তি কৰিব লগা একো নাছিল। কিন্তু দিন যোৱাৰ লগে লগে জোনালী যেন অধিক উৎপতীয়া হ'বলৈ আৰম্ভ কৰিছিল। পঢ়ুৱাই থাকোতে কিতাপত মন দিয়াৰ সলনি তাই অধিক মনোযোগেৰে যেন মোৰ চকুহাললৈ চাইছিল। তেনেদৰেই পঢ়ুৱাই থকাৰ সময়তে মোৰ মাৰ বৰ টান অসুখ হৈছিল। তিনি চাৰিটা টিউচন কৰি, ঘৰৰ কাম সামৰি বেমাৰী মাৰ আলপৈচান ধৰিবলৈ মোৰ অলপ অসুবিধা হৈছিল। সেই সময়তে জোনালীৰ মাকে তাইক আমাৰ ঘৰত অলপ সহায় কৰি দিবলৈ উপযাচি কোৱাত মই বেয়া পোৱা নাছিলো। সুৰুঙা পাই তাই সদায় আমাৰ ঘৰলৈ আহিবলৈ ললে। আমাৰ ঘৰত থকা সময়খিনিত সুবিধা পালেই তাই মোৰ কোঠালিলৈ আহে আৰু নানা প্ৰশ্নৰে মোক ব্যতিব্যস্ত কৰি তোলে। অকলশৰীয়া কোঠা এটাত জোনালীৰ দৰে তজ্‌বজীয়া গাভৰুৰ উপস্থিতিয়ে মোকো মাজে মাজে আমনি দিছিল। তায়ো যেন আন কিবা বিচাৰিছিল। ঘৰত থকা সময়খিনি অনবৰতে নন্দনদা, নন্দনদাকৈ থকাটো বেছি হৈছিল। ইটো-সিটো অজুহাতত তাই যেন মোৰ কাষতেই থাকিব আৰু কেৱল মোৰেই সৈতে কথা পাতিব! ময়ো তেতিয়া চফল ডেকা ল'ৰা। নিজান ঘৰখনত তেজৰ সম্পৰ্ক নোহোৱা জোনালীক কেতিয়াবা অবুজভাৱে মৰম লাগি গৈছিল। তেনে ভাৱত নিমজ্জিত মনে এদিন জোনালীক দুহাতেৰে ওচৰ চপাই ল’বলৈ বাধা দিয়া নাছিল। মোৰ বুকুত মূৰ থৈ জোনালীয়ে