সমললৈ যাওক

আভাস কাব্য/দ্ৰৌপদী

ৱিকিউৎসৰ পৰা

[ ৪৬ ]

দ্রৌপদী।

দ্ৰোপদ-জীয়াৰী তুমি, জনম তোমাৰ
যজ্ঞৰ কুণ্ডত, কৃষ্ণ প্রিয় সখা তযু,
স্বামী পঞ্চ পাণ্ডুপুত্ৰ, ভূবন বিখ্যাত
খ্যাতী যাৰ, যাৰ কীৰ্ত্তি মৰ্ত্তত অতুল॥
লক্ষ্মীস্বৰূপিনী তুমি,—দেৱ অৱতাৰ
পঞ্চস্বামী তযু দেবি! ধৰ্ম্মপুত্ৰ ৰজা
ধৰ্ম্মবীৰ যুধিষ্ঠিৰ, পবন কুমাৰ
ভীমমুৰ্ত্তি বৃকোদৰ, পুত্র ব্যাসৱৰ
ধনঞ্জয় মৰতৰ নৰ নাৰায়ণ,
শ্ৰীকৃষ্ণৰ প্ৰিয়সখা, বীৰ মহাতেজী
কীৰ্ত্তি যাৰ ভাৰতৰ দিগ দিগন্তৰ॥

[ ৪৭ ]

অশ্বিনী কুমাৰ দুটী মাদ্ৰীৰ নন্দন
দেৱ অনুপম ৰূপ, অতুল মৰ্ত্ত্যত॥
দেবী স্বৰূপিনী দেবী প্ৰাতঃ স্মৰণীয়া
কুন্তীৰ স্নেহৰ তুমি একেটী বোৱাৰী;
ভাগ্যৰ দোষত কিন্তু,—কান্দি উঠে হিয়া,—
জীৱনত পালা তুমি বহু অপমান॥
বৰ দুখ লাগে, দেবি!—যি দিনা শকুনি
কৌৰবৰ মন্ত্ৰণাত, কপট পাশাত,
হেৰুৱাই পাণ্ডৱক জিতিলে তোমাক,
সি দিনা তোমাৰ, আহা! কত যে লাঞ্ছনা॥
ৰাজস্বলা তুমি, দেবি! কুলৰ বোৱাৰী
কত তুতি নতি কৰি, কত কান্দি ক’লা,—
নামানিলে কিন্তু বাধা দুষ্ট দুশাশনে
তোমাক চুলিত ধৰি টানে সভা-মাজে॥
কি লজ্জাৰ কথা, দেবি! নিলৰ্জ্জ কৌৰৱ!
পামৰ সি দুশাশন লজ্জা নাই তাৰ!—
কুলৰ বোৱাৰী তুমি, তাতে ৰাজস্বলা,
বিবস্ত্ৰা কৰিব খোজে গুৰুজন আগে!!
নিৰূপায় হই তুমি বুলিলা বীনাই
ভীষ্ম, দ্ৰোণ কৃপ আদি গুৰু সকলক,—

[ ৪৮ ]

তোমাৰ কান্দোন কিন্তু শুনি নুশুনিলে
নীৰৱ নিৰ্ব্বাক হই থাকিলে সকলো॥
কৰুন সুৰেৰে পাছে শ্ৰীকৃষ্ণক স্মৰি,
উদ্দেশে প্ৰণাম কৰি, বীণাব ধৰিলা
বীণা বিনিন্দিত সুৰে, শুনি সেই ধ্বনী
ভক্তৰ অধীন হৰি উঠিলে চমকি!
পুষ্পক ৰথত উঠি, আকাশৰ পৰা
বিবিধ বসনে, দেবি! আৱৰি তোমাক,
কৰিলে তোমাৰ লজ্জা ৰক্ষা নাৰায়ণ,
অগতিৰ গতি হৰি,—ভক্তৰ অধীন॥
তাৰ পাছে, আহা! দেবি! বৰ দুখ লাগে,
তপস্বিনী বেশে তুমি স্বামী সবে স’তে
ভ্ৰমিলা বনত দুখে দ্বাদশ বৎসৰ,—
স্বামী-পদ সেবা কৰি অৰণ্য-মাজত॥
বিৰাটৰ ঘৰে, দেবি! সৈৰিন্দ্ৰীৰ বেশে,
দাসী ভাবে পঠিয়ালা অজ্ঞাত বৎসৰ
ৰাজ-পটেশ্বৰী তুমি, কিন্তু কৰ্ম্ম-দোষে
দাসী বৃত্তি লিখা তযু আছিলে ভাগ্যত॥
(তাৰ পাছে)
 কুৰুক্ষেত্ৰ মহাযুদ্ধ, সেই নাটকৰ
দ্ৰৌপজীয়াৰি! তুমি প্ৰধান নায়িকা।

[ ৪৯ ]

সতী পতিব্ৰতা তুমি, তোমাৰ শাপত(?)
(নতু, যিবা অপমান, যাতনা প্ৰাণত
দিছিলে তোমাক, দেবি! পাপীষ্ঠ কৌৰৱে
সিপাপৰ ফলে) ধ্বংশ বংশ কোৰৱৰ:—
বীৰশূন্যা বসুন্ধৰা কুৰু সমৰত॥
 যোগীন্দ্ৰ মুনীন্দ্ৰ ইন্দ্ৰ পাদপদ্ম যাৰ
দিনৰাতি কৰে ধ্যান, দৰশন আশে,
তেনুৱা কৃষ্ণক তুমি ভক্তিৰ দোলেৰে
ৰাখিছিল বান্ধি, দেবি!—সামান্য মানবী। ,
নোহোৱা, সুন্দৰি! তুমি লক্ষ্মী স্বৰূপিণী॥
 সামান্য মানব আমি অতি জ্ঞানহীন
কি সাধ্য আমাৰ, দেবি! বৰ্ণিব তোমাৰ
অমৰ অতুল কীৰ্ত্তি? কি কৰি চিনিম
তুমি যে কি ৰত্ন, দেবি? চিনিছিলে মাথোঁ
মুনি ঋষি সবে সেই প্ৰাচীণ কালৰ—
যাৰ আজ্ঞা অনুসৰি, আজি ভাৰতত
“পাঁচোটীৰ এটী” (১) বুলি সুমৰে তোমাক॥

(১) পঞ্চ কন্যাৰ এক কন্যা।