সমললৈ যাওক

আভাস কাব্য/অহল্যা

ৱিকিউৎসৰ পৰা

[ ৪৪ ]

অহল্যা।

ব্ৰহ্মাৰ মানস-কন্যা অহল্যা সুন্দৰি!
গৌতম মুনিৰ তুমি প্রেয়সী প্ৰাণৰ;
তুমি সতী পতিব্ৰতা, কিন্তু কৰ্ম্মফলে,—
ৰূপত তোমাৰ মোহি বেৱ পুৰন্দৰ
গৌতমৰ ৰূপ ধৰি হৰিলে তোমাক,—
সতীত্ব তোমাৰ নাশ কৰিলে সুন্দৰি!—
স্বামীয়ে তোমাৰ পাছে, তপোবলে জানি
শাপিলে তোমাক ক্রোধে অবিচাৰ কৰি॥

[ ৪৫ ]

“যৌবন গৰ্ব্বত তই ধৰ্ম্মপথ ভুলি
সতীত্ব ধৰম তোৰ নাশিলি আপুনি
সি পাপৰ ফলে, থাক শিলাৰূপ ধৰি
এই তপোবন মাজে,—অহল্যা পাপিনি!
আৰু যি সতীত্ব তোৰ কৰিলে হৰণ।
ঐশ্বৰ্য্য গৰ্ব্বত মাতি,—এৰি ধৰ্ম্মভয়
গৰ্ব্ব খৰ্ব্ব হব তাৰ,—সমৰ ক্ষেত্ৰত
বিপক্ষৰ হাতে ধৰা পৰিব নিশ্চয়॥”
কান্দি কান্দি কলা তুমি স্বামী পদধৰি,
“জানি শুনি এই পাপ মই কৰা নাই
ক্ষমা কৰা প্রভু! মোক,—ধৰি তযুৰূপ
সতীত্ব হৰিলে ইন্দ্ৰ ছলেৰে ভুলাই॥
এই বুলি বহু কান্দি বুলিলা স্বামৗক
তোমাৰ স্তবত, পাছে, তুষ্ট হই মুনি
বুলিলে,—“আমাৰ বাক্য নহব লঙ্ঘন
অদ্যাৱধি হবা তুমি ‘অহল্যা পাষাণী’
ৰাম অৱতাৰে, কিন্তু, বিশ্বামিত্ৰ স’তে
পতিত পাৱন ৰাম আহিব ইয়াত,—
শাপমুক্ত হই তুমি, পাবা নিজৰূপ
সিকালত; ৰাম-পদ পৰশি হিয়াত॥”

[ ৪৬ ]

সিদিনা অৱধি তুমি, অহল্যা সুন্দৰি!—
শিলাৰূপে তপোবনে হৰিক ধিয়ালা
পাছে, ৰাম-পদ চুমি, ভকতি মনেৰে
শাপ বিমোচন হই নিজ মুৰ্ত্তিপালা॥