পৃষ্ঠা:আভাস কাব্য.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আভাস কাব্য

সিদিনা অৱধি তুমি, অহল্যা সুন্দৰি!—
শিলাৰূপে তপোবনে হৰিক ধিয়ালা
পাছে, ৰাম-পদ চুমি, ভকতি মনেৰে
শাপ বিমোচন হই নিজ মুৰ্ত্তিপালা॥


দ্রৌপদী।

দ্ৰোপদ-জীয়াৰী তুমি, জনম তোমাৰ
যজ্ঞৰ কুণ্ডত, কৃষ্ণ প্রিয় সখা তযু,
স্বামী পঞ্চ পাণ্ডুপুত্ৰ, ভূবন বিখ্যাত
খ্যাতী যাৰ, যাৰ কীৰ্ত্তি মৰ্ত্তত অতুল॥
লক্ষ্মীস্বৰূপিনী তুমি,—দেৱ অৱতাৰ
পঞ্চস্বামী তযু দেবি! ধৰ্ম্মপুত্ৰ ৰজা
ধৰ্ম্মবীৰ যুধিষ্ঠিৰ, পবন কুমাৰ
ভীমমুৰ্ত্তি বৃকোদৰ, পুত্র ব্যাসৱৰ
ধনঞ্জয় মৰতৰ নৰ নাৰায়ণ,
শ্ৰীকৃষ্ণৰ প্ৰিয়সখা, বীৰ মহাতেজী
কীৰ্ত্তি যাৰ ভাৰতৰ দিগ দিগন্তৰ॥

৩৮