আভাস কাব্য/কুন্তী
ভোজৰাজ কন্যা, কুন্তি! ছোৱালী কালত
অতিথী সৎকাৰ ব্ৰত আচৰিলা তুমি,—
সি মহাব্ৰতত, দেবি! পৰিতুষ্ট হই,
দিছিলে তোমাক মন্ত্ৰ দুৰ্ব্বাশা তপসী॥
সি মন্ত্ৰৰ বলে (কিন্তু অকুমাৰী তুমি!)
আদিত্যক কৰিছিলা মনত আহ্বান,
অখণ্ড মুনিৰ বাক্য, খণ্ডন নহয়,
উপনিত হ’লা দেৱ কাষত তোমাৰ॥
অপূৰ্ণ যৌবনা তুমি, কন্যা অকুমাৰী
আদিত্যক দেখি ভয়ে কঁপিব ধৰিলাঃ—
“ক্ষমা কৰাঁ দোষ মোৰ, ধৰিছোঁ পাৱত,
না জানি কৰিলো, দেৱ! আহ্বান তোমাক।”
এই বুলি বহু তুতি কৰিলা সূৰ্য্যক,—
ধীৰেৰে বুলিলা দেৱ!—“নহ’ব খণ্ডন
দুৰ্ব্বাশাৰ বাক্য, কুন্তি! জন্মিব নিশ্চয়
তোমাৰ গৰ্ভত এটী সন্তান আমাৰ॥”
অকুমাৰী কালে, দেবি! সূৰ্য্যৰ সম্ভোগে
পূৰ্ণ গৰ্ভৱতী হই, প্ৰসবিলা এটী
সৰ্ব্ব সুলক্ষণ পুত্ৰ, কিন্তু কলঙ্কৰ
দাৰুণ আশঙ্কা কৰি, যমুনা পানীত
উটুৱাই দিলা তুমি গোপনে ল’ৰাটী॥
তুলিলে ৰাধাই পাই অপুত্ৰুকা বুড়ী
অতীব যতন কৰি, পাছে ভাৰতত
কৰ্ণবীৰ বুলি যিটো ভূবন বিখ্যাত!
কুৰুপাণ্ডৱৰ যুদ্ধে, কুৰুপক্ষ হই
অকালে পাৰ্থৰ হাতে, ত্যজিলা জীৱন॥
তাৰ পাছে, আহা! দেবি!(পৰিছে মনত)
স্বামীৰ ঘৰত আহি, অপুত্ৰুকা হই
আাছিলা অনেক কাল; পুত্ৰ আশা কৰি
কৰিছিলা কত তুমি পূজা দেৱতাক॥
স্বামী, সপত্নীয়ে স’তে তপোবনে বনে
ফুৰিছিলা তুমি, দেবি! যৌবনে যোগিনী;
ভক্তি ভাবে পূজিছিলা ঋষি মুনি স’বে,
লইছিলা আশীৰ্ব্বাদ পুত্ৰৰ কাৰণে॥
কৰ্ম্ম বন্ধ দোষে, কিম্বা অভিশাপ ফলে
স্বামীৰ ঔৰসে পুত্ৰ নহ’লে তোমাৰ;
বংশ ৰক্ষা হেতু পাছে স্বামী আজ্ঞা মতে,
মন্ত্ৰবলে আনিছিলা কৰি আবাহন
কৃতান্ত মাৰুতি আৰু ইন্দ্ৰ দেৱৰাজ॥
দেৱ সম্ভোগত পাছে গৰ্ভতী হই
জনমালা তিনি পুত্ৰ ভূবন বিখ্যাত
যুধিষ্ঠিৰ, ভিমাৰ্জ্জুন, দেৱ অনুপম॥
সপত্নী তোমাৰ মাদ্ৰী, কিন্তু, দেবি! তুমি
প্ৰাণৰ ভনিতী ভাবি, অকপট মনে
মন্ত্ৰ এটী দিলা দান, সি মন্ত্ৰৰ বলে।
অশ্বিনী কুমাৰ দুটী লভিলা জনম॥
দেৱ অংশে ভাৰতত পাঁচোটী পাণ্ডব,
কীৰ্ত্তি যাৰ চিৰজীবী, অক্ষয় মৰ্ত্ত্যত॥
লক্ষী স্বৰূপিণী কৃষ্ণা, সুভদ্ৰা তোমাৰ
স্নেহৰ বোৱাৰী দুটী সৰ্ব্ব সুলক্ষণা
মহাবীৰ অভিমন্যু নাতিনী;—উত্তৰা
বিৰাটৰ কন্যাদেবি।! নাতিনী বোৱাৰী।
কিন্তু কৰ্ম্ম দোষে তুমি গোটেই জীৱন
কান্দিছিলা সংসাৰৰ ভীষণ ক্ষেত্ৰত
দেখি বিষময় ফল কুৰু সমৰত
যি টুকিলা চকুপানী কৰি সমপৰ্ণ
অভিমন্যু মহাৰত্ন কালৰ হাতত
অকালত, সেই পানী (চকুলো দুধাৰি)
হইছিলে শেষ মাথোঁ, গুছিছিলে ব’ব
অন্তিমৰ দিনা, দেবি! তোমাৰ চকুত॥
সেই যেই হ’ক, দেবি! প্ৰণমো তোমাক
ভাগ্যৱতী তুমি অতি, দেবী স্বৰূপিণী॥
তুমিয়েতো সেই দেবী, পুত্ৰ সবে যাৰ।
ভূভাৰ সংহাৰ কৰি কুৰুক্ষেত্ৰ ৰণে।
ৰাখিলে অক্ষয় কীৰ্ত্তি অতুল মৰ্ত্ত্যত।
যাৰ কীৰ্ত্তি মালা গাঁথি কাব্যৰূপী সুতে
বেদব্যাসে মহাকাব্য শ্ৰীমহাভাৰত
বিৰচিলা,—ভাৰতৰ অমৃত পুখুৰী॥