সমললৈ যাওক

আখৰৰ ৰেলগাড়ী

ৱিকিউৎসৰ পৰা
[  ]
[  ]
 

আখৰৰ ৰেলগাড়ী

 

সপোন মাধুৰী দত্ত

 

পৰিবেশক:
বীণা লাইব্ৰেৰী
কলেজ হোষ্টেল ৰোড্
পাণবজাৰ, গুৱাহাটী—৭৮১০০১

 
[  ]
 

ĀKHARAR RELGĀRI— Poems on Assamese vowels for Children written and Published by Smt. Sapan Madhuri Dutta, Sailendra Bhawan, Silpukhuri, Guwahati-781003.
Price: Rs 6'00 (Rupees Six only.)

 

প্ৰকাশিকা : সপোন মাধুৰী দত্ত
  শৈলেন্দ্ৰ ভৱণ
  শিলপুখুৰী, গুৱাহাটী-৭৮১০০৩

 

লেখিকাৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত।

 

বেটুপাত : ত্ৰৈলোক্য দত্ত
অঙ্গসজ্জা : অভিশ্ৰুতি দত্ত

 

প্ৰথম প্ৰকাশ : আগষ্ট, ১৯৮৮ চন।

 

মূল্য : ছয় টকা মাত্ৰ।

 

মুদ্ৰক :
ইন্দু-নাৰায়ণ প্ৰিন্টিং ওৱাৰ্কচ
১৫বি, ৰায় বাগান ষ্ট্ৰীট
কলিকতা-৭০০০০৬

 
[  ]
 

দুৱাৰ দলিৰ পৰা এষাৰ

 নিজৰ ঘৰুৱা জীৱনৰ আৰু চুবুৰীৰ শিশুসকলৰ বিভিন্ন আৰু বিচিত্ৰ অভিজ্ঞতা সমূহকে চিত্ৰিত কৰিছে শ্ৰীমতী নিজৰা (সপোন মাধুৰী) আইদেৱে, তেওঁৰ এই কৱিতা খিনিত। তেওঁৰ শিশু প্ৰেমৰ পৰিচয় ইয়াৰ পাতে পাতে! ছন্দৰ দুই এটা উজুটি ভাব আৰু বিষয়ৰ বৈচিত্ৰই সাৱলীল কৰি লৈ গৈছে। এতিয়া, যাৰ বাবে এই কিতাপখন লেখা হৈছে তেওঁলোকে কেনে পায় সেইটো চোৱা যাওঁক! দাপোণত মুখ চাই ডাঙৰে ভালপায়, শিশুৱেও নিশ্চয় পাব।

১৬।১১।৮৭ আশীৰ্ব্বাদেৰে⸺
নৱকান্ত বৰুৱা
 
[  ]
 

অপৰ্ণ

মুঙ্কু, নাইনা
মামু, মাইনা
লাকী, দীপ, শিখা, জুলি;
আখৰৰ ৰেলগাড়ী
দিলো হাতত তুলি
সকলোকে দিবা বুলি।
লেখিকা

 
[  ]
 
 

কণি এধানি আমি ভাই-ভণী।
ইৰ জুৰাওঁ নিতে বুকু খনি॥
মান চেনেহ ইমান যে দয়া।
শ্বৰে লবলৈ দিছে ছঁয়া॥
ম্ পাওঁ আইৰ কোলাতে বিচাৰি।
স্ বুলিলেও আই আহে লৰি॥
তু বৰষাৰ বৰষুণৰ দৰে।
বুকু আইৰ মৰম উপচি পৰে॥
দেহি! ই যে কেনে মৰম-ভাৰ।
লোমাও আইৰে চেনেহ হাৰ॥
গহত মৌচাক ভৰে যিদৰে।
আইৰ মাততো মৌ সৰে সিদৰে॥

[  ]
 

কণমান অংশুমান
খেলাত বৰ খ্যাতিমান
লুটি বাগৰ মাৰি মাৰি খেলে,
বিছনাকে ‘পিট্‌চ’ কৰি
মাৰে বল টুপ্‌ কৰি
বেট্‌-টেট্‌ নহ’লেও চলে॥
হাত দুখন মুঠি মাৰি
যেনেকৈহে উফাল মাৰি
(যেন) বল ‘কেট্‌ছ’ ধৰিবলৈ নিয়ে,
নিজেও বলৰ দৰে
ঘূৰি ঘূৰি বাগৰ মাৰে
কল্‌কলাই ‘কমেন্টেৰি’ও দিয়ে॥
কপিলৰ দৰেই হাঁহে
দাঁতবোৰহে নাই পিছে
দেখিলেই মৰম লাগি যায়,
আঠমহীয়া অংশুমান
যেতিয়াই তেতিয়াই অভিমান
কান্দিবলৈও বৰ ভাল পায়॥

 
[  ]
 

ই ঐ দেহিটি   জিষ্‌ণু বোপাটি
 কেনেকৈ চোৱা হাঁহিছে,
চুৰিয়া পঞ্জাৱী   যেনেকৈহে পিন্ধি
 দৰা হৈ যেন সাজিছে!
অফুট্‌ মাতেৰে   অবুজ ভাষাৰে
 কিবাবোৰ কৈ বহিছে,
থুপুক্‌ থাপাক্‌   খোজৰ পাকত
 কিমানবাৰ যে পৰিছে!
জোন যেন শুৱনী   এধানি মুখনি
 হাঁহিত জেউতি চৰে,
চকুত ‘চছ্‌মা’   হাতত ঘড়ীৰে
 কত কিনো ভাও ধৰে।

 
[  ]
 

মান মন যায় ৰুঙ্কুমণিৰ
পুলিচ হ’বল’ই,
পেহাকৰ ফটো মেজত থৈ
‘চেলুট্‌’ মাৰে গ’ই।
পেহাক পুলিচৰ লাঠি ডাল লৈ
টুপীও খুজি নিলে,
পেহাৰ বন্দুক ল’ব নোৱাৰিহে
‘লিঅ’ পিষ্টলকে ল’লে।
এতিয়া আকৌ ‘ইউনিফৰ্ম’ নাই
পেহাক কুটুৰিলে,
পেহাৰ চোলাৰে নহব বুলিলতো
সি হ’লে নুবুজিলে।
উপায় নাপাই পেহাই ৰুঙ্কুক
চোলাটোকে দিয়ে,
পেণ্ট নিপিন্ধিলেও হ’ব বুলিলে
‘এইটো’ যদি নিয়ে।

[ ১০ ]

ৰুঙ্কুৱে হাঁহি পিন্ধি চাই দেখিলে
পেণ্টলৈ ঠাই নাই,
মাকক সাৱটি ফেকুঁৰি ক’লে
‘পেহা কেনেকুৱা পাই!
পুলিচ মই নহওঁ আৰু জানা
অকণো দয়া নাই,
বন্দুকধাৰী এনে পুলিচক
কোনে নো ভালপায়?’
মাকে বুজালে ‘পুলিচ নহ’লে
শান্তি কেনেকৈ হ’ব?
চোৰ, ডকাইত, ঠগ আদিৰে
দেশ পূৰণ হ’ব।
লোৱা এইটো ইউনিফৰ্ম তুমি
দৰ্জীয়ে দিছিল সী,
এতিয়াই পিন্ধি হাঁহি দিয়া তুমি
চেলুট্‌ এটাকে দি।
পেহাক এনেকৈয়ে সুধি আহাগৈ
চেলুট্‌ এটা মাৰি,
পঢ়াশুনা কৰি কেতিয়াকে নো
অফিচাৰ হব পাৰি?’

 
[ ১১ ]
 

শ্বৰক সেৱা   পিম্‌পুৱে কৰে
 হাত যোৰ নিতে কৰি,
সন্ধিয়া পৰত   গোসাঁই ঘৰত
 নাম-ঘোষা সুৰ ধৰি।
পুৱা সোনকালে   ঢাৰি পাটি এৰে
 দাঁত মুখ নিকা কৰে,
পঢ়াশালিৰ পাঠ   আওৰাঁও বুলি
 নিজ পুথি মেলি ধৰে।
“মহাপুৰুষৰ   মহাজীৱনৰ
 মহান চানেকি ল’বা।
সেই চানেকিৰে   জীৱন গঢ়িলে
 বৰ লোক তেহে হবা।”
শুনিয়ে লাটুৱে   বিছনাতে ক’লে
 “মহান চানেকি ল’ম,
মহান পুৰুষৰ   মহান বাণীৰে
 শঙ্কৰৰ দৰে হ’ম।

[ ১২ ]

বৰ লোক হ’লে   ময়ো তেনেহলে
 ঈশ্বৰক দেখা পাম,
তেতিয়াহে মই   ঈশ্বৰক পাই
 কিমান দয়ালু চাম!”
পিম্‌পুৱে ক’লে   “আইতাকে ক’বা
 বৰ হবৰ যদি মন,
বেয়া কেতিয়াও   নহওঁ বুলিয়ে
 প্ৰথমে কৰিবা পণ।
আমাক ঈশ্বৰে   মানুহ সাজিলে
 পৰম দয়ালু যেনে,
আইতাই কৈছে   মৰম কৰিবলৈ
 আই পিতা দিলে তেনে।
ফল, ফুল, পখী,  নৈ, জান, জুৰি
 ঈশ্বৰেই সজা ধৰা,
জোন, বেলি, পশু   সকলো ঈশ্বৰে
 সাজে আকাশৰো তৰা।
এতিয়া উঠি গৈ   আইতাক কোৱা গৈ
 ভাল ল’ৰা তেনে হবা,
ইস্কুলৰ পৰা   আহিলেই আইতা
 ঈশ্বৰৰ কথা ক’বা।”
লাটুৱে বোলে   “বাইদেউ তেনে
 তোমাৰ দৰে হ’ম চাগে,
ঈশ্বৰেও চাব   আটায়েই ক’ব
 ‘ইমান মৰম লাগে’!!”

 
[ ১৩ ]
 

ৰি ফুৰা চৰাইৰ দৰে
ফুৰে চুমুজান,
কথা পাতে চৰাইৰ স’তে
গাই মিঠা গান।
পখিলাৰ দৰে হাত মেলি
নাচি নাচি ফুৰে,
ভোমোৰাৰ দৰে গুণ্‌গুণাই
কিবা বোৰ কৈ ঘূৰে।
বনগুটিৰে চোলা ভৰাই
কত ফুল বাচে,
মৰম সনা মুখ খনিৰে
মৰমকে যাচে।
অ’ৰ বস্তু ত’ত থই
বৰ বন কৰে,
খং কৰিলেও হাঁহি মাৰে
বনফুলৰ দৰে।

 
[ ১৪ ]
 

নৰ নতুন চোলা পিন্ধি
শান্তুৱে গহীন সুৰে
ছবি চাই চায়ে ৰমিক সুধিলে
“মইনো কাৰ দৰে?”
ৰমিও আছিল ছবি চাই
ক’লে—“ইয়াৰে দৰে,”
শান্তুৱে জুপি দেখিলে ভাগত
সিংহ এটাহে পৰে।
খঙ্‌ত শান্তু একো নাই হৈ
দিলে ‘ধুচুম্’ মাৰি,
ৰমিয়েও কান্দি শান্তুক ক’লে
“ময়ো নাযাওঁ হাৰি।”
শান্তু আছিল মিঠা মাতৰ
শান্তও আছিল বৰ
অতিপাত মৰম আদৰে
কৰিলে লৰফৰ।

[ ১৫ ]

কথাই পতিয়ে ঠেহ্‌পেচ্‌
কৰিব নোৱাৰে শান্ত,
নিচুকাওঁতেই সকলোৱে
হয় একেবাৰে ক্লান্ত।
লাগ বোলাঁতেই বস্তু যদি
লগে লগে নাপায়,
কাণ তাল মৰা একোটাকৈ
চিঞৰকে লগায়।
সেই চিঞৰত বুবি, নিতু
ভয়তে সাৰ পায়,
হাত ভৰি মাৰি কান্দি কান্দি
গছৰ পাত সৰায়।
লাহেকৈ ৰমিক শান্তুৱে কয়
‘সাহ এনে দেখা নাই,
মই মৰা দৰে মোকো ইহঁতে
মাৰিব নে কি পাই!’
মই নাকান্দো কাকো নামাৰো
শান্তুৱে মনতে ভাৱে,
বুবি, নিতুৰ সঁচাই মই
ককাইদেউ হলো বাবে।

 
[ ১৬ ]
 

তু, গীতু, বুবু, দেবু,
চিনু, জু, ৰলি,
ঝক্ ঝক্‌ সৌ ৰেলখন
গৈ আছে চলি।
ডিব্‌লু, ৰাহুল, টিনা,
জিৎ, গুৰীয়া,
ডবাবোৰ দেখিবলৈ
বৰ ধুনীয়া।
চাইলু, পাল্‌কি, মিলি,
সুজাতা, জুনা,
আৰু ডবা লগালেহি
বাব্‌লি, মুন্না।
অসমীয়া, হিন্দী, বাংলা
যি যাৰ ভাষা,
ক’ই যায়, খেলি যায়
খেলাতেই আশা।
ৰেলৰ ইঞ্জিন যিটো
সদায় বাবু।

[ ১৭ ]

সৱকে চলাই ফুৰা
তীখৰ ডাবু।
বেগাই যি ৰেল চলে
দিল্লীলৈ বুলি,
‘তা-তা’ ‘বাই’ চিঞৰিলে
হাত তুলি তুলি।
কাণ তাল মৰা উকিৰে
মাতে কু-কু-কু,
হঠাৎ কান্দোনৰ ৰোল
উঠে উ-উ-উ।
ডবা চিঙি পৰে চিটিকি
কান্দিলে ফেকুঁৰি,
নপৰিব কিয়? বাটহে যেনে
কেকোঁৰা-কেঁকুৰি!
কান্দি কান্দি ডবা উঠি
ধূলি মোহাৰে,
ইঞ্জিনকে আটায়ে ধৰি
চুলি জোকাৰে।
খঙেৰে ক’লে ইঞ্জিনে—
“তাপৰ হেঁচা যি,
গ’ল জোৰে ৰেল চলি
মই কৰোঁ কি?
মাকহঁতচোন ল’ৰি আহিল।
ক’ৰবাৰ পৰা,
লাহেকে হাঁহি বুজাই ক’লে,
“ভালকৈ ধৰা।

[ ১৮ ]

পৰি ধৰি এনেকৈয়ে
ডাঙৰ হয়,
ৰেল লাহেকৈ চলে বুলি
কোনে নো কয়?
এনেকৈনো কেনেকৈ বাৰু
দিল্লী আজি পাবা,
সময় কিন্তু কালৈকো নৰয়
সেই কথা চাবা”
ডবা উঠি হাঁহি মাৰি
চকুপানী মুচি,
গ’ল পুনু কু কু কৰি
দিল্লীলৈ গুচি।

 
 
[ ১৯ ]
 

য়া দেখিছা গৰুজনীৰ
পিঠিত ভালকৈ বহি,
বুনি কৰবালৈ যাব খোজে
থাকিব নোৱাৰে সহি।
“হাঁহে কোনে স্কুটাৰ নাই বুলি
দেখুৱাম মই আজি,
কিমান বেগেৰে যাব পাৰোঁ
পখী-ঘোঁৰা নিজে সাজি।”
ৰাজকোঁৱৰ হৈ বহি ল’ই
শিঙত লেকাম ধৰে,
পঘা ছিঙি গৰুজনী
খালত ভয়তে পৰে।
খালৰ পৰা লেতেৰ পেতেৰ
বুনি উঠি আহে,
দূৰৰ পৰা স্কুটাৰত বহি
বাবা, বাব্‌লাই হাঁহে।

 
[ ২০ ]
 

ঐ, উ, ই, ঋ, ঈ
আখৰবোৰ দেখি,
জিতুৱে পঢ়ি চালে
মনে মনে লেখি।
ইমানবোৰ আখৰ
পঢ়িব নোৱাৰি,
ঋ, ঈ কে ফুটালে
পেঞ্চিলেৰে ধৰি।
আখৰবোৰ তেনেকৈয়ে
তাকৰ কৰি লৈ
বেগাই সামৰি পুথি
যায় খেলিবলৈ।
হাতত বল-বেট লৈ
ওভতে গধূলি,
সোমায়ে ভাওনা কৰে
পায়েই পদূলি।

[ ২১ ]

আইতাকে হাঁহি হাঁহি
চাই ভোল যায়,
মাকৰ পিছে জিতুৱে
ভাল ডাবি খায়।
“সোণৰ শৈশৱ কাল
গ’লে আৰু নাহে”
জিতুক শিকালে নীতি
মাকে লাহে লাহে।
প্ৰথমতে জিতুমণি
ঠেহ পাতি ৰ’ল,
পিছত বুজি শুনি
পাঠ পঢ়া হ’ল।

 
 
[ ২২ ]
 

ৰাঙৰ ৰসগোল্লা ল'ই
খাইছে সানিছে,
মিঞ্চুৱে চোৱাচোন পাই
কিনো যে কৰিছে!
ৰ’দৰ তাপত থোৱা পেহীৰ
বটলৰ আচাৰ,
মুখত ভৰালেগৈ পাই
টপৰ্‌ টাপাৰ্‌।
পেহীয়ে খঙতে এদিন
কৈছিলেই চাগে,
আচাৰ খালে জলকীয়া
সানি দিব লাগে।
দিম বুলি আজিও কেলেই
দিয়া নাই জানি,
সেয়ে মিঞ্চুৱে জলকীয়া লৈ
দিলে নিজে সানি।

[ ২৩ ]

পোৰণিত কান্দিলে ঐ দেহি
চিঞৰি চিঞৰি,
পেহীয়ে আহি ক’লে— “জলকীয়া
খাইহে মোহাৰি!”
শুনিয়ে জলকীয়া আৰু এটি
মুখত ভৰালে,
পোৰণিত হাত ভৰি মাৰি
আকউ বিনালে।
পেহীয়ে দেখি ‘মৰিলোঁ’ বুলি
কৰে “হৰি! হৰি!”
চকু মুখকেই এহাতেৰে
ঢাকি দিয়ে ধৰি।
পেহীৰ ইহাতত থকা
ৰসগোল্লা পাই,
মিঞ্চুৱে খালেও সানিলেও
ততকে নাপায়।
পেহীয়ে মিচিকাই ক’লে —
কাণ্ডবোৰ দেখি,
“ৰসগোল্লা লাগে বুলি মামালৈ
দিওঁ নে কি লিখি?”
পোৰণি পলালেই তেওঁৰ
ৰসগোল্লা পাই,
“ও” বুলি শলাগিলে
আৰু এটা খায়।

 
[ ২৪ ]
 

“ঔৰে গছতে মৌৱে বাঁহ ললে”
বিয়া নাম গায়,
গপচত আনৰ মঞ্চত উঠি
চুম্‌কি যিহে যায়!
কালৈকো ভয় নকৰে সমূলি
যেনেকৈহে চাই,
কেৰাহিকৈ যি মিচিকাই হাঁহে
চকু পিৰিকাই।
‘তই’ বুলিলেই জঁয় পাৰি যায়
মুখ ওফন্দাই।
তলমূৰ কৰি চকুপানী মচি
হব খোজে ঘাই।
ডাঁৰত কাপোৰ এখনি কাৰো
থবকে নোৱাৰি,
টোপোলা কৰি সোপাকে ধোৱে
‘চাৰ্ফ’ত মোহাৰি।
আলহি গ’লে সোধ-পোছ কৰে
লচ্‌পচ্‌ ক’ই,
‘প্লেট্‌’ ভৰাই বিস্কুট-টফিকে
যাচি দিয়ে গৈ।

[ ২৫ ]

গহীনত বহি লৈ কথা পাতে
কত ভাবি গুণি,
ভৰি তুলি লৈ হাত গালত থৈ
যেন মহাৰানী।
দেউতাকৰ ভাওৰে চুম্‌কি
গদ্‌গদ্‌ মাতে,
মাককো কাষত পাবলৈকে
‘হেৰা’ বুলিহে মাতে।
চাদৰ মেখেলা পিন্ধি এদিন
ভৰি চৰি ঢাকি,
আইনা চাই ৰঙা সেন্দুৰেৰে
ফোঁট ললে আঁকি।
শিৰতো লগতে দীঘলিয়াকৈ
দিলে ৰেখা টানি,
ৰিমি, লিমিক দেখুৱাব বুলি
কইনা সাজি আনি।
“মাৰ নিচিনাকৈ কৰিছোঁ বোলে
কেনে ‘ষ্টাইল’ আজি,
আঁহা বেগাই, চোঁৱা তোমালোকে
মই কেনে কাজী।”
গোলাপ যদিহে ফুলৰ মাজত
হ’ব পাৰে ৰানী,
ঘৰৰ ভিতৰত সৌ মহৰানী
চুমকি অভিমানী।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।