পৃষ্ঠা:Akhoror Rail Gari.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ই ঐ দেহিটি   জিষ্‌ণু বোপাটি
 কেনেকৈ চোৱা হাঁহিছে,
চুৰিয়া পঞ্জাৱী   যেনেকৈহে পিন্ধি
 দৰা হৈ যেন সাজিছে!
অফুট্‌ মাতেৰে   অবুজ ভাষাৰে
 কিবাবোৰ কৈ বহিছে,
থুপুক্‌ থাপাক্‌   খোজৰ পাকত
 কিমানবাৰ যে পৰিছে!
জোন যেন শুৱনী   এধানি মুখনি
 হাঁহিত জেউতি চৰে,
চকুত ‘চছ্‌মা’   হাতত ঘড়ীৰে
 কত কিনো ভাও ধৰে।