এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পোৰণিত কান্দিলে ঐ দেহি
চিঞৰি চিঞৰি,
পেহীয়ে আহি ক’লে— “জলকীয়া
খাইহে মোহাৰি!”
শুনিয়ে জলকীয়া আৰু এটি
মুখত ভৰালে,
পোৰণিত হাত ভৰি মাৰি
আকউ বিনালে।
পেহীয়ে দেখি ‘মৰিলোঁ’ বুলি
কৰে “হৰি! হৰি!”
চকু মুখকেই এহাতেৰে
ঢাকি দিয়ে ধৰি।
পেহীৰ ইহাতত থকা
ৰসগোল্লা পাই,
মিঞ্চুৱে খালেও সানিলেও
ততকে নাপায়।
পেহীয়ে মিচিকাই ক’লে —
কাণ্ডবোৰ দেখি,
“ৰসগোল্লা লাগে বুলি মামালৈ
দিওঁ নে কি লিখি?”
পোৰণি পলালেই তেওঁৰ
ৰসগোল্লা পাই,
“ও” বুলি শলাগিলে
আৰু এটা খায়।