সমললৈ যাওক

পৃষ্ঠা:Akhoror Rail Gari.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গহীনত বহি লৈ কথা পাতে
কত ভাবি গুণি,
ভৰি তুলি লৈ হাত গালত থৈ
যেন মহাৰানী।
দেউতাকৰ ভাওৰে চুম্‌কি
গদ্‌গদ্‌ মাতে,
মাককো কাষত পাবলৈকে
‘হেৰা’ বুলিহে মাতে।
চাদৰ মেখেলা পিন্ধি এদিন
ভৰি চৰি ঢাকি,
আইনা চাই ৰঙা সেন্দুৰেৰে
ফোঁট ললে আঁকি।
শিৰতো লগতে দীঘলিয়াকৈ
দিলে ৰেখা টানি,
ৰিমি, লিমিক দেখুৱাব বুলি
কইনা সাজি আনি।
“মাৰ নিচিনাকৈ কৰিছোঁ বোলে
কেনে ‘ষ্টাইল’ আজি,
আঁহা বেগাই, চোঁৱা তোমালোকে
মই কেনে কাজী।”
গোলাপ যদিহে ফুলৰ মাজত
হ’ব পাৰে ৰানী,
ঘৰৰ ভিতৰত সৌ মহৰানী
চুমকি অভিমানী।