এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কথাই পতিয়ে ঠেহ্পেচ্
কৰিব নোৱাৰে শান্ত,
নিচুকাওঁতেই সকলোৱে
হয় একেবাৰে ক্লান্ত।
লাগ বোলাঁতেই বস্তু যদি
লগে লগে নাপায়,
কাণ তাল মৰা একোটাকৈ
চিঞৰকে লগায়।
সেই চিঞৰত বুবি, নিতু
ভয়তে সাৰ পায়,
হাত ভৰি মাৰি কান্দি কান্দি
গছৰ পাত সৰায়।
লাহেকৈ ৰমিক শান্তুৱে কয়
‘সাহ এনে দেখা নাই,
মই মৰা দৰে মোকো ইহঁতে
মাৰিব নে কি পাই!’
মই নাকান্দো কাকো নামাৰো
শান্তুৱে মনতে ভাৱে,
বুবি, নিতুৰ সঁচাই মই
ককাইদেউ হলো বাবে।