পৃষ্ঠা:Akhoror Rail Gari.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৰ লোক হ’লে   ময়ো তেনেহলে
 ঈশ্বৰক দেখা পাম,
তেতিয়াহে মই   ঈশ্বৰক পাই
 কিমান দয়ালু চাম!”
পিম্‌পুৱে ক’লে   “আইতাকে ক’বা
 বৰ হবৰ যদি মন,
বেয়া কেতিয়াও   নহওঁ বুলিয়ে
 প্ৰথমে কৰিবা পণ।
আমাক ঈশ্বৰে   মানুহ সাজিলে
 পৰম দয়ালু যেনে,
আইতাই কৈছে   মৰম কৰিবলৈ
 আই পিতা দিলে তেনে।
ফল, ফুল, পখী,  নৈ, জান, জুৰি
 ঈশ্বৰেই সজা ধৰা,
জোন, বেলি, পশু   সকলো ঈশ্বৰে
 সাজে আকাশৰো তৰা।
এতিয়া উঠি গৈ   আইতাক কোৱা গৈ
 ভাল ল’ৰা তেনে হবা,
ইস্কুলৰ পৰা   আহিলেই আইতা
 ঈশ্বৰৰ কথা ক’বা।”
লাটুৱে বোলে   “বাইদেউ তেনে
 তোমাৰ দৰে হ’ম চাগে,
ঈশ্বৰেও চাব   আটায়েই ক’ব
 ‘ইমান মৰম লাগে’!!”