সমললৈ যাওক

পৃষ্ঠা:Akhoror Rail Gari.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কণমান অংশুমান
খেলাত বৰ খ্যাতিমান
লুটি বাগৰ মাৰি মাৰি খেলে,
বিছনাকে ‘পিট্‌চ’ কৰি
মাৰে বল টুপ্‌ কৰি
বেট্‌-টেট্‌ নহ’লেও চলে॥
হাত দুখন মুঠি মাৰি
যেনেকৈহে উফাল মাৰি
(যেন) বল ‘কেট্‌ছ’ ধৰিবলৈ নিয়ে,
নিজেও বলৰ দৰে
ঘূৰি ঘূৰি বাগৰ মাৰে
কল্‌কলাই ‘কমেন্টেৰি’ও দিয়ে॥
কপিলৰ দৰেই হাঁহে
দাঁতবোৰহে নাই পিছে
দেখিলেই মৰম লাগি যায়,
আঠমহীয়া অংশুমান
যেতিয়াই তেতিয়াই অভিমান
কান্দিবলৈও বৰ ভাল পায়॥